• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক : বিধেয়কৰ বিৰুদ্ধে মত দিব তেলুগু দেশম পাৰ্টীয়ে, জনালে আছুক

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চকুৰ আগতে ইজনৰ পিছত সিজন মুখ্য মন্ত্ৰীৰ বিধেয়কৰ বিৰোধিতা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 26, 2018 10:00 pm
aasu meets cm Chandrababu Naidu

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে আশ্বাস বিচাৰি আছুৰ প্ৰতিনিধিৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ। ২৬ নৱেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া ৰাইজৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰৱল আন্দোলন গঢ়ি তোলাৰ পাছতো নিৰ্বিকাৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জাতীয়তাবাদী মঞ্চৰ পৰা শাসনৰ গাদীত অধিষ্ঠিত হোৱা অসমৰ মুখ্য মন্ত্ৰীজনৰ অৱস্থানৰ বিপৰীতে এক সুস্পষ্ট স্থিতি লৈছে ইখনৰ পাছত আনখন ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰৰ পাছত এইবাৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ স্পষ্ট মত। অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক এই প্ৰতিশ্ৰুতি দিয়ে নাইডুৱে।

Apply Now

সোমবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, শিক্ষাবিদ বসন্ত ডেকা, আৰু ড০ শিখৰ কুমাৰ শৰ্মাই ৰাজ্যখনৰ ৰাজধানী অমৰাৱতীত মুখ্য মন্ত্ৰী নাইডুক সাক্ষাৎ কৰি বিধেয়কখন বিৰোধিতা কৰাৰ বাবে আনুৰোধ জনায়।

আছুৰ প্ৰতিনিধিৰ সৈতে হোৱা সাক্ষাতত চন্দ্ৰবাবু নাইডুৱে তেলুগু দেশম পাৰ্টি নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিৰোধিতা কৰি যাব বুলি জানিবলৈ দিয়ে বুলি এক বিবৃতিযোগে ছাত্ৰ সন্থাৰ তৰফৰ পৰা নৰ্থ-ইষ্ট নাওক জনায়।

তেওঁ লগতে যুটীয়া সংসদীয় সমিতিত থকা তেলুগু দেশম পাৰ্টিৰ সদস্যগৰাকীক কাইলৈ অনুষ্ঠিত হ’ব লগীয়া জে পি চিৰ বৈঠকত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ নিৰ্দেশ দিব বুলিও কয়।

ইয়াৰ উপৰি অসমৰ খিলঞ্জীয়া ৰাইজ আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহা বিধেয়কখনৰ বিৰুদ্ধে দেশৰ আন আন ৰাজনৈতিক দলৰ লগত সহমতত উপনীত হ’বলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলিও আছুৰ প্ৰতিনিধিক জনায়।

উল্লেখ্য যে, কাইলৈ নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকৰ আগদিনাই চন্দ্ৰবাবু নাইডুৰ এই আশ্বাস নিশ্চয়কৈ তাৎপৰ্যপূৰ্ণ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd