• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে এন ডি এফ বি (এচ)?

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 8, 2018 5:17 pm
NDFB-S-picture-750x375

প্ৰতীকী ছবি। ইণ্টাৰনেটৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বড়ো নিষিদ্ধ সশস্ত্ৰ সংগঠন এন ডি এফ বি (এচ) ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ সম্ভাৱনাই দেখা দিছে।

চৰকাৰ আৰু সংগঠনটোৰ মাজত আলোচনাৰ “উদ্যোগ” লোৱাৰ বাবে পীপলছ দে’মক্ৰেতিক মুভমেন্ত ফৰ বড়োলেণ্ড (PDMB)ৰ অধ্যক্ষ জেব্ৰাৰাম মুছাহাৰীয়ে প্ৰকাশ কৰা আগ্ৰহে বহন কৰিছে এই ইংগিত।

Apply Now

“ভাৰত চৰকাৰ আৰু এন দি এফ বি (এচ)এ যদি সঠিক বুলি ভাবে তেন্তে পি দি এম বিয়ে আনন্দেৰে তেওঁলোকৰ মাজত শান্তি উদ্যোগৰ ব্যৱস্থা গ্ৰহণ কৰিব,” কোকৰাঝাৰত শনিবাৰে সংবাদমেলযোগে এই ঘোষণা মুচাহাৰীৰ।

পি দি এম বিৰ আগ্ৰহৰ বিপৰীতে অৱশ্যে এই সম্পৰ্কত এতিয়ালৈকে স্থিতি ৰাজহুৱা কৰা নাই নিষিদ্ধ সংগঠনটোৱে।

বড়োলেণ্ড বিষয়টোৰ চিৰদিনীয়া শান্তিপূৰ্ণ সমাধানৰ বাবে আন সকলো সংগঠনৰ লগতে এন দি এফ বিৰ সকলো গোটকে আলোচনা প্ৰক্ৰিয়াটোত জৰিত কৰাৰ বাবে ভাৰত চৰকাৰে “সক্ৰিয়” ভূমিকা ল’ব লাগে বুলিও মত প্ৰকাশ কৰিছে মুচাহাৰীয়ে।

এন দি এফ বিৰ দুটা গোটৰ সৈতে ভাৰত চৰকাৰৰ আলোচনা চলি থকাৰ বিপৰীতে শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত প্ৰায় নৈমিত্তিকভাৱে নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়াও আলোচনালৈ নহা সংবিজিত পন্থীৰ বহুসংখ্যক সদস্য।

“বড়োলেণ্ড”ক লৈ যোৱা ২৫ জুনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সৈতে একেলগে আলোচনাত বহিছিল বড়ো বিদ্ৰোহী সংগঠন এন দি এফ বি (পি) আৰু (আৰ) গোট। মধ্যস্থতাকাৰী, ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন বিষয়া এ বি মাথুৰৰ উদ্যোগত তিনি বছৰৰ বিৰতিত পুনৰ আৰম্ভ হোৱা আলোচনাত আলোচনাকাৰী সংগঠনসমূহৰ লগতে বড়ো ৰাইজে আনন্দ প্ৰকাশ কৰিছিল।

এন দি এফ বিৰ সৈতে দীৰ্ঘদিন ধৰি স্থগিত থকা আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা উদ্যোগক আদৰণি জনাইছে পি দি এম বিৰ নেতা মুচাহাৰীয়ে।

লগতে পঢ়ক– ঐতিহাসিক : কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে একেলগে বহিল এন ডি এফ বিৰ দুই গোট

“পি দি এম বিয়ে আৰম্ভণিৰে পৰাই এন দি এফ বি (প্ৰগ্ৰেচিভ) আৰু এন দি এফ বি (ৰঞ্জন)ৰ সৈতে চলিত চৰকাৰৰ  আলোচনাক সমৰ্থন জনাই আহিছে আৰু দীৰ্ঘদিনীয়া বড়োলেণ্ড সমস্যাৰ সহমতৰ সৈতে সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰৰ মনোবৃত্তি মনোযোগেৰে লক্ষ্য কৰি আহিছে,” মন্তব্য সংগঠনটোৰ অধ্যক্ষজনৰ।

তেওঁ লগতে কয় যে সকলো সংগঠনৰে সহমত লৈ সমাধানত উপনীত হ’লেহে অঞ্চলটোত স্থায়ী শান্তি স্থাপন হ’ব।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd