• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৰাজধানীত ভাড়াঘৰৰ বাবে হাহাকাৰ এইচ আই ভি আক্ৰান্ত শিশুৰ, চৰকাৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 9, 2018 10:20 pm
aids control society assam

এইডছ কন্ট্ৰ’ল চচাইটি অসমৰ প্ৰতীক। ছবি- ফে’চবুকৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ‘আয়ুষ্মান ভাৰত’, ‘অটল অমৃত যোজনা’ৰ দৰে আঁচনি ঘোষণাৰে ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ কথা কৈ আছে তেনে সময়তে খোদ ৰাজধানী গুৱাহাটীত ১৬টাকৈ এইচ আই ভি আক্ৰান্ত শিশুৱে কৰিবলগীয়া হৈছে হাহাকাৰ। কাৰণ আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই ঠিকনাহীন হৈ পৰিব তেওঁলোক।

ছয়মাইলৰ সুৰুয নগৰত এটা ভাড়াঘৰত চলি থকা কস্তুৰী চিল্ড্ৰেন কেয়াৰ হ’ম নামৰ এইচ আই ভি আক্ৰান্ত শিশুৰ আশ্ৰয়, মানসিক পৰিচৰ্যা আৰু শিক্ষা প্ৰদান কেন্দ্ৰটোত থকা শিশু কেইটাৰ কথা কৈছো আমি। আচাম নেটৱৰ্ক অৱ পজিটিভ পিপল নামৰ সংস্থাৰ তত্বাৱধানত চলি থকা এই কেন্দ্ৰটোৱে এতিয়া এটা নতুন ভাড়াঘৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। আমাৰ পূৰ্বৰ বাতৰিতো এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল।

Apply Now

এইচ আই ভি আক্ৰান্ত শিশু ৰাখিবলৈ ভাড়াঘৰ নোপোৱাত শিশুকেইটাৰ আশ্ৰয়কলৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। সেই লৈ চিন্তিত সংস্থাটোৰ বিষয়ববীয়া। ডিচেম্বৰৰ পাছত শিশু কেইটা ক’ত থাকিব?

আৰু এইচ আই ভিৰ দৰে ৰোগত আক্ৰান্ত ১৬ টাকৈ দুৰ্ভগীয়া শিশুৰ প্ৰতি নিৰুদ্বেগ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি। নতুন ভাড়াঘৰ নোপোৱা কথাটো বহুবাৰ জনোৱাৰ পাছতো এইডছ নিয়ন্ত্ৰণ সমিতিয়ে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সংস্থাটোৰ সভানেত্ৰী জাহ্নৱী গোস্বামীয়ে।

“মই এইডছ নিয়ন্ত্ৰণ সমিতিৰ লগত যোগাযোগ কৰি কৰি ভাগৰি পৰিছো। বহু আবেদন কৰিলো কোনো সঁহাৰি পোৱা নাই। যিটো বিভাগৰ অধীনত কাম কৰি কৰি আছো, তেওঁলোকেই একো মুখেৰে নামাতে,” জাহ্নৱী গোস্বামীয়ে ক’লে।

বৰ্তমানৰ ভাড়াঘৰটো খালী কৰিবলৈ মালিকে এমাহৰ সময় দিছে সংস্থাটোক। কিন্তু অসমৰ বৰ্তমান অৱস্থা এই যে এইচ আই ভি আক্ৰান্তক ভাৰাঘৰ দিয়া মালিক এজনো এতিয়া নাই গুৱাহাটীত।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেলৰ মত হৈছে, “এন জি অ’ই দায়িত্ব লৈছে, গতিকে ভাড়াঘৰ বিচৰি উলিওৱাটো তেওঁলোকৰ কাম। আমিয়ো ঘৰ বিচাৰি আছো যদিও দায়িত্ব তেওঁলোকৰ। এতিয়া যদি ঘৰ নাপায়, বৰ্তমান থকা ঘৰটোতে আৰু কিছুদিন থাকিবলৈ দিয়াৰ বাবে ঘৰটোৰ মালিকক অনুৰোধ জনাম।”

স্বাস্থ্য বিভাগে শিশুকেইটাৰ আশ্ৰয় আৰু পৰিচৰ্যাৰ দায়িত্ব সংস্থাটোক দিছে সঁচা, কিন্তু চৰকাৰৰ দায়িত্ব সিমানতেই শেষ নেকি? গুৰুতৰ ৰোগত আক্ৰান্ত শিশুকেইটাৰ বাবে চিন্তা কৰিবলৈ সংস্থাটোৰ গালৈকে দায় ঠেলি বিভাগটো আঁতৰি থকাটো কিমান গ্ৰহণযোগ্য?

২০১২ চনৰ আগষ্টত কেন্দ্ৰটোৰ শুভাৰম্ভ কৰি তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এক স্থায়ী ঘৰ দিয়াৰ কথা দিছিল, কিন্তু সেয়া পৰিণত হ’ল ফুটুকাৰ ফেনত, অভিযোগ জাহ্নৱী গোস্বামীৰ।

দুৰ্ভগীয়া শিশুকেইটাক এই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ এৰি দিয়াটো এখন চৰকাৰৰ দায়িত্বনে?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd