প্ৰৱীণ চিপিআই(এম) নেতা আব্দুল লতিবৰ মৃত্যুত শোকৰ ছাঁ বিৰাজ কৰিছে মোৰাঝাৰ অঞ্চলত। মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা আব্দুল লতিবৰ যোৱা কালি বিয়লি প্রায় ২-০০ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত ৰোগত মৃত্যু ঘটে। ৯০ বছৰৰ ঊৰ্ধৰ প্ৰৱীণ ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য তেখেতৰ গুণমুগ্ধসকল বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জনায়।
যুৱ অৱস্থাৰ পৰাই মাৰ্ক্সবাদী নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কৃষক আন্দোলনত নামি পৰা আব্দুল লতিবে ৬০ৰ দশকত দক্ষিণ নগাঁৱৰ প্ৰতিটো কৃষক আন্দোলনত যোগদান কৰিছিল। ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান কৰাৰ আন্দোলনতো একনিষ্ঠ কৰ্মী হিচাপে যোগদান কৰাৰ উপৰিও কৃষক শ্ৰমিকৰ সমস্যা লৈ ভিন্ন সময়ত ৰাজ্যজুৰি সংঘটিত হোৱা আন্দোলনত জপিয়াই পৰিছিল প্ৰয়াত আব্দুল লতিবে।
পৰৱৰ্তী ৭০ৰ দশকত বামপন্থী ৰাজনৈতিক দল চিপিআই(এম)ত যোগদান কৰি বৃহত্তৰ মোৰাঝাৰ অঞ্চলত বামপন্থী আন্দোলনক এক নতুন মাত্ৰা দিছিল। আজীৱন চিপিআই(এম)দলতে থাকি সমাজৰ নিষ্পেষিত-নিপীড়িত মানুহৰ মুক্তিৰ সপোন দেখিছিল প্ৰয়াত লতিবে। সমগ্ৰ জীৱন দৰিদ্ৰতাৰ সৈতে যুঁজি মৃত্যুবৰণ কৰা আব্দুল লতিবে কাহানিও আদৰ্শৰ সৈতে আপোচ কৰা নাছিল। প্ৰৱীণ নেতাগৰাকীৰ মৃত্যুৱে শোকাচ্ছন্ন কৰি তুলিছে চিপিআই(এম)ৰ হোজাই জিলা সমিতিকো।
প্ৰৱীণ নেতাগৰাকীৰ মৃতদেহত ৰক্তবৰ্ণী পতাকাৰে শেষ শ্ৰদ্ধা জনায় চিপিআই(এম)ৰ কৰ্মী সকলে। মৃত্যুৰ সময়ত পুত্ৰ, জীয়ৰীকে ধৰি আত্মীয়-স্বজন আৰু অলেখ গুণমুগ্ধক তেখেতে ইহ-সংসাৰত এৰি থৈ যায়।
নিশা প্ৰায় ১০-০০ বজাত প্ৰায় দুই সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত সুতাৰপুৰ জামে মছজিদত জানাজাৰ নামাজ সম্পন্ন হয়। তেখেতৰ মৃত্যুত চিআইটিইউৰ ৰাজ্যিক উপ সভাপতি কমঃ যজ্ঞেশ্বৰ দাস, হোজাই জিলা গণ জাগৰণ সমিতিৰ সভাপতি তথা বৰ্ষীয়ান চিপিআই নেতা কমঃ মনিৰ উদ্দিন চৌধূৰী, চিপিআই(এম)ৰ স্থানীয় সমিতিৰ সম্পাদক কমঃ ফৰিজ উদ্দিন, চিপিআইৰ প্ৰৱীণ নেতা কমঃ নুৰুল ইছলাম, কমঃ আব্দুৰ ৰৌফ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নুৰুল হক, নীলবাগান যুৱ সমাজৰ হৈ বাচিত আলম চৌধূৰী, এনাম হুছেইন, এআইয়ুডিএফৰ নেতা আব্দুল মন্নান, ডিৱাইএফআইৰ শ্বামিম আজাদ, নীলবাগান শাখা সাহিত্য সভা, নীলবাগান শাখা কবি সম্মিলনকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।