• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হলা গছত বাগি কুঠাৰ!’ ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফালৰ পিছতে বিজেপিক সকীয়ালে অগপৰ সভাপতিয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 12, 2018 7:07 am
Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অতুল বৰাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি মিত্ৰ দল অগপ-বিজেপিৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ১১ ডিচেম্বৰত ফলাফল ঘোষিত ৫খন ৰাজ্যৰ নিৰ্বাচনত মুখ থেকেচা খোৱা বিজেপি মিত্ৰ দলটোক অধিক কঠোৰভাৱে সকীয়াই দিয়ে অগপৰ সভাপতি অতুল বৰাই।

সংবাদমাধ্যম লৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অগপৰ সভাপতিগৰাকীয়ে ক’লে, “জনমতক উপেক্ষা কৰিলে ফলাফল কি হ’ব পাৰে এই নিৰ্বাচনে পুনৰ স্পষ্ট কৰিলে।”

Apply Now

যদিও পোনপটীয়াকৈ বিজেপিৰ নাম উল্লেখ কৰা নাই, বাক্যশাৰীৰ লক্ষ্য কোন সেয়া স্পষ্ট হৈ পৰিছে। অগপৰ সভাপতিজনে বিবৃতিটোত অসমৰ ৰাইজ আৰু মিত্ৰ দল অগপকে ধৰি বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদ আৰু আন্দোলনবোৰক গুৰুত্ব নিদিলে যে বিজেপিয়ে অনুৰূপ ফলাফল ভৱিষ্যতেও পাব তাকে ইংগিত কৰিছে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ত অগপ মিত্ৰ দল বিজেপিৰ সৈতে সংঘাত আৰম্ভ হৈছিল আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত সেয়া অধিক প্ৰকট হৈ পৰিছিল। আপাতত দুয়োটা মিত্ৰদল এতিয়া দুই মেৰুত।

ইফালে নাগৰিকত্ব সংশোধীন বিধেয়কখন বাতিলৰ দাবীত অসমত গঠিত হৈছে প্ৰৱল জনমত। তাৰ পিছতো বিজেপিয়ে এইবোৰৰ প্ৰতি অলপো কাণসাৰ কৰা নাই।

গতিকে অতুল বৰাই এই বিবৃতিযোগে ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে যে বিজেপিলৈ বিপদৰ সংকেত দিছে আৰু ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদ-আন্দোলনৰ প্ৰতি গুৰুত্ব দিয়া উচিত সেই কথা সকীয়াই দিছে।

ইয়াৰ উপৰি বিবৃতিটোত ৫খন ৰাজ্যৰ ফলাফলত মিজোৰাম আৰু তেলেংগানাৰ নিৰ্বাচনত আঞ্চলিক দলে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰি তেওঁ ইয়াক “গণতন্ত্ৰৰ বিজয়” আখ্যা দিয়ে।

“দেশৰ ৰাজনীতিত অঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে আৰু পৰৱৰ্তী নিৰ্বাচনসমূহত ই দিক নিৰ্ণয় কৰিব” সভাপতি অতুল বৰাৰ মত। উল্লেখ কৰিব পাৰি যে ১০ ডিচেম্বৰ দিনাও অগপ আন এজন শীৰ্ষ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্রফুল্ল কুমাৰ মহন্তয়ো আঞ্চলিক দলেহে অসমৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd