• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হলা গছত বাগি কুঠাৰ!’ ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফালৰ পিছতে বিজেপিক সকীয়ালে অগপৰ সভাপতিয়ে

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 12, 2018 7:07 am

2 min read

Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অতুল বৰাৰ ফাইল ছবি।

1.6k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি মিত্ৰ দল অগপ-বিজেপিৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ১১ ডিচেম্বৰত ফলাফল ঘোষিত ৫খন ৰাজ্যৰ নিৰ্বাচনত মুখ থেকেচা খোৱা বিজেপি মিত্ৰ দলটোক অধিক কঠোৰভাৱে সকীয়াই দিয়ে অগপৰ সভাপতি অতুল বৰাই।

সংবাদমাধ্যম লৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অগপৰ সভাপতিগৰাকীয়ে ক’লে, “জনমতক উপেক্ষা কৰিলে ফলাফল কি হ’ব পাৰে এই নিৰ্বাচনে পুনৰ স্পষ্ট কৰিলে।”

যদিও পোনপটীয়াকৈ বিজেপিৰ নাম উল্লেখ কৰা নাই, বাক্যশাৰীৰ লক্ষ্য কোন সেয়া স্পষ্ট হৈ পৰিছে। অগপৰ সভাপতিজনে বিবৃতিটোত অসমৰ ৰাইজ আৰু মিত্ৰ দল অগপকে ধৰি বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদ আৰু আন্দোলনবোৰক গুৰুত্ব নিদিলে যে বিজেপিয়ে অনুৰূপ ফলাফল ভৱিষ্যতেও পাব তাকে ইংগিত কৰিছে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ত অগপ মিত্ৰ দল বিজেপিৰ সৈতে সংঘাত আৰম্ভ হৈছিল আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত সেয়া অধিক প্ৰকট হৈ পৰিছিল। আপাতত দুয়োটা মিত্ৰদল এতিয়া দুই মেৰুত।

ইফালে নাগৰিকত্ব সংশোধীন বিধেয়কখন বাতিলৰ দাবীত অসমত গঠিত হৈছে প্ৰৱল জনমত। তাৰ পিছতো বিজেপিয়ে এইবোৰৰ প্ৰতি অলপো কাণসাৰ কৰা নাই।

গতিকে অতুল বৰাই এই বিবৃতিযোগে ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে যে বিজেপিলৈ বিপদৰ সংকেত দিছে আৰু ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদ-আন্দোলনৰ প্ৰতি গুৰুত্ব দিয়া উচিত সেই কথা সকীয়াই দিছে।

ইয়াৰ উপৰি বিবৃতিটোত ৫খন ৰাজ্যৰ ফলাফলত মিজোৰাম আৰু তেলেংগানাৰ নিৰ্বাচনত আঞ্চলিক দলে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰি তেওঁ ইয়াক “গণতন্ত্ৰৰ বিজয়” আখ্যা দিয়ে।

“দেশৰ ৰাজনীতিত অঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে আৰু পৰৱৰ্তী নিৰ্বাচনসমূহত ই দিক নিৰ্ণয় কৰিব” সভাপতি অতুল বৰাৰ মত। উল্লেখ কৰিব পাৰি যে ১০ ডিচেম্বৰ দিনাও অগপ আন এজন শীৰ্ষ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্রফুল্ল কুমাৰ মহন্তয়ো আঞ্চলিক দলেহে অসমৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd