• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুপুতে গুপুতে আৰু কিমান খেল বাকী : আকৌ ‘পৰ্যালোচনা’ৰ পাল পৰিল অগপৰ!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 13, 2018 8:41 pm
AGP office

পঞ্চায়তত বিপৰ্যয়ৰ পাছত নিমাওমাও অগপৰ কাৰ্যালয়। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পৰ্যালোচনা’ আৰু ‘আত্ম সমালোচনা’ এই শব্দ দুটাই বছৰ বছৰ ধৰি লগ এৰা দিয়া নাই আঞ্চলিকতাবাদী দল অসম গণ পৰিষদক। ২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে কেৱল ‘পৰ্যালোচনা’ আৰু ‘আত্ম সমালোচনা’ই কৰি আহিছে দলটোৱে। কিন্তু ফল শূন্য।

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই দলটোৰ বাবে পুনৰ সেই শব্দ দুটা প্ৰাসংগিক হৈ পৰিছে। ঘোষিত ফলাফলত অগপৰ শোচনীয় পৰাজয়ৰ পাছতেই নিমাওমাও আমবাৰীৰ মুখ্য কাৰ্যালয়ত নৰ্থ-ইষ্ট নাওৰ সাংবাদিক উপস্থিত হৈছিল। লগ পাইছিল দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদক মনোজ শইকীয়াক।

Apply Now

শইকীয়াই পঞ্চায়তত জনাদেশক নতশিৰে মানি লোৱা বুলি স্বীকাৰ কৰি অগপই আশানুৰূপ ফল লাভ নকৰাৰ বাবে ‘দলৰ মজিয়াত বিষয়টো পৰ্যালোচনা’ কৰিব বুলি জানিবলৈ দিয়ে।

কিন্তু অগপই এনেধৰণৰ ‘পৰ্যালোচনা’ আৰু কিমান কৰিলে ভাল ফল লাভ কৰিব?

অসম আন্দোলনৰ পটভূমিত গঠিত দলটোৱে ১৯৮৫ ত প্ৰথমবাৰ চৰকাৰ গঠনৰ পাছতেই ১৯৯১ চনৰ নিৰ্বাচনত মুখ ঠেকেচা খাইছিল। পাছত দলটোৱে আত্ম সমালোচনা কৰি পুনৰ অসমৰ ৰাইজৰ আস্থা লাভ কৰি ১৯৯৬ ত পুনৰ চৰকাৰ গঠন কৰিলে।

পৰবৰ্তী সময়ত ২০০১ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত অগপ আকৌ শোচনীয় ভাৱে পৰিজিত হ’ল। তেতিয়াৰ পৰাই লোক সভা, বিধান সভা, পঞ্চায়ত সকলোতে ধাৰাবাহিকভাৱে পৰাজয় বৰণ কৰি আহিছে আঞ্চলিক দলটো।

প্ৰতিটো নিৰ্বাচনৰ পাছতে দলটোৰ নেতৃত্বৰ মুখত ‘আমাৰ কৰবাত ভুল হৈছিল’, ‘দলটোক পুনৰ ৰাইজৰ আস্থাভাজন কৰিবলৈ পৰ্যালোচনা কৰিম’ জাতীয় কথাবোৰ বহুবাৰ শুনিবলৈ পোৱা গ’ল। কিন্তু এতিয়ালৈ তাৰ সুফল ধৰা দেখা যোৱা নাই।

পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলৰ পাছত দলটোৱে আহি থকা ২০১৯’ৰ লোকসভা নিৰ্বাচন আৰু ২০২১’ৰ বিধানসভা নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰাত মনোজ শইকীয়াৰ একেই উত্তৰ- ‘বিষয়টো লৈ দলৰ মজিয়াত পৰ্যালোচনা হ’ব আৰু আমি ভৱিষ্যতে কেনেদৰে আগবাঢ়িম সেই বিষয় লৈ সিদ্ধান্ত গ্ৰহণ কৰিম’।

কিন্তু প্ৰশ্ন হয় ২০০১ চনৰ পৰা বহু আত্মসমালোচনা আৰু পৰ্যালোচনা কৰিলে দলটোৱে, সেইবিলাক ফলপ্ৰসু নহ’ল কিয়? দ্বিতীয়তে, এইবাৰৰ পৰ্যালোচনা বাৰু দলটোৰ বাবে কিবা কামত আহিবনে?

আনহাতে, দলটোৰ এইবাৰৰ পৰাজয়ৰ বাবে শইকীয়াই মিত্ৰদল বিজেপিৰ গালৈ দায় ঠেলিবলৈও নেৰিলে।

‘চৰকাৰখন বিজেপিৰ নেতৃত্বত চলি আছে। অগপৰ বিধায়ক থকা সমষ্টিত উন্নয়ন মূলক কাম-কাজবোৰ হোৱা নাই, কিছু পৰিমাণে বাধাগ্ৰস্ত হৈছে। আমি মিত্ৰতাত থাকিলেও আমাৰ মাত্ৰ তিনিজনহে মন্ত্ৰী, বাকী আটাইখিনি বিজেপিৰ নেতৃত্বতেই চলি আছে’, মনোজ শইকীয়াই কয়।

উল্লেখ্য যে, অগপ-বিজেপি দুয়োটা দল মিত্ৰতাৰে চৰকাৰ চলাই থকাৰ পাছতো বিজেপিৰ জয়জয় ময়ময় অৱস্থাৰ বিপৰীতে অগপৰ ভেটি উচন হওঁ হওঁ। তেনে ক্ষেত্ৰত এই মিত্ৰতাই আঞ্চলিক দলটোক আৰু অধিক নিশকতীয়াহে কৰিব নেকি এই প্ৰশ্নও উত্থাপিত হৈছে।

শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুয়োটা দলৰ মাজত মতানৈক্য চলি থকাৰ লগতে অগপ নেতৃত্বই মিত্ৰতা ছেদ কৰাৰ ভাবুকি দিলেও ক্ষমতাৰ মোহ এৰিব নোৱাৰা বুলিও চৰ্চিত হৈ আছে। ইপিনে, দলটোৰ যথেষ্ট সংখ্যক কৰ্মী-সমৰ্থকে বিজেপিৰে মিত্ৰতাত থকাৰ বিৰোধী। গতিকে, নেতৃত্বৰ এই ক্ষমতালিপ্সাইয়ো দলটোৰ বাবে কাল হৈছে নেকি সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd