• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নাটকৰ সমাপ্তি : কেবিনেটত অগপৰ তিনিওগৰাকী মন্ত্ৰীয়েই একেলগে বহি খালে চাহ-পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 9:15 am
WhatsApp-Image-2018-06-02-at-1.06.18-AM-768x576

অগপৰ তিনিগৰাকী মন্ত্ৰী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি মিত্রজোঁট চৰকাৰখনৰ প্রধান অংশীদাৰ অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচনত পৃথকে অৱতীৰ্ণ হোৱাৰ পাছত দুয়োটা দলৰ মাজত পৰস্পৰে পৰস্পৰক কটাক্ষ কৰি নিৰ্বাচনী ভাষণ উত্তপ্ত কৰি তোলাই নহয়, অগপ পঞ্চায়তত প্ৰায় নি:শেষ হোৱাৰ উপক্ৰম হ’ল। কিন্তু সেয়া কি প্ৰকৃততে দল দুটাৰ মাজত মতবিৰোধ আছিল নে ‘লোককে দেখুৱাই কেটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা’হে আছিল।

অৱশেষত পঞ্চায়তৰ নাটকৰ অন্ত পৰিল। সোমবাৰে এখন ইন’ভাত উঠি অগপৰ তিনিওগৰাকী মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে ৰাজ্যিক অতিথিশালাত উপস্থিত হয়। কেবিনেট বৈঠকত দুয়োটা দলৰ মন্ত্ৰীসকলে একেলগে বহি বৈঠকত ভাগ লৈ চাহ-পানীও খালে। অগপৰ তিনিওগৰাকী মন্ত্ৰীয়ে দ্বিধাহীনভাৱে কেবিনেট বৈঠকত ভাগ ল’লে।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নথকাত মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত অগপই কংগ্ৰেছৰে হাত মিলোৱাৰ অভিযোগ তুলিছিল। তীব্ৰ আক্ৰমণাত্মক এই নিৰ্বাচনী প্ৰচাৰৰ পাছত অগপ পঞ্চায়তত অধিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।

পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰাৰ পাছত সোমবাৰৰ কেবিনেট বৈঠকত দলটোৰ তিনিগৰাকী মন্ত্ৰী উপস্থিত থাকিবনে নাই সেই বিষয়ে সচেতন মহলে গভীৰ অনুসন্ধিৎসু হৈ লক্ষ্য ৰাখিছিল।

কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত উপস্থিত থাকিল অগপৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী।

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগে পিছে বিজেপিৰ নেতাসকলে আঞ্চলিকতাবাদী দলটোক কেৱল তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ দলটোক কংগ্ৰেছৰ সৈতে মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ আনিছিল।

ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই আনকি অগপক মিত্ৰজোঁটৰ পৰা ওলাই যাবলৈ মুকলিকৈ কৈ ফুৰিছিল। অগপৰো একাংশ নেতাই উভতি ধৰি বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুয়োটা দলেই দুই মেৰুত অৱস্থান কৰি আছে। অৱশ্যে বিধেয়কখনকলৈয়েই দল দুটাৰ মাজৰ মিত্ৰতাৰ বিষয়টো ওলমি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd