‘বিজেপিয়ে ২০১৪ চনত বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰিটা বছৰত কোনো সমস্যাৰে সমাধান নহ’ল। গৃহ মন্ত্ৰী ৰাজনাথ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজনৈতিক আলোচনা হ’ল কিন্তু ফলাফল শুণ্য’। এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়ো ই।
কোকৰাঝাৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি সভাপতিগৰাকীয়ে আৰু কয়, ‘অকল ভাৰত-পাকিস্তানৰ সীমান্ত, ভাৰত-চীনৰ সমস্যাৰ বাদ দি ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীৰ সমস্যাও যে সমাধান কৰিব লাগে তাৰ প্ৰতি চৰকাৰে অলপো গুৰুত্ব প্ৰদান নকৰিলে। মাথো ৰাজনীতি, ৰাজনীতি আৰু ৰাজনীতিয়েই কৰি থাকিল চৰকাৰে’।
উল্লেখ্য যে আজি কোকৰাঝাৰ জিলাৰ পাটগাঁৱত এবছুৰ জিলা সভাপতি জনক উজিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই উক্ত মন্তব্য প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।
চৰকাৰে ৰাইজৰ আশা পূৰণ নকৰিলে, উন্নয়নৰ প্ৰতিও কোনো গুৰুত্ব নিদি মাথো ৰাজনীতিয়েই কৰি থকা বুলি অভিযোগ কৰি প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীক শান্তি-সম্প্ৰীতি আৰু নিৰাপত্তাৰে আগবঢ়াই নিবলৈ চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে।
আনহাতে একাংশ সংগঠনে পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰা সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দল-সংগঠনে কৰি অহা প্ৰচেষ্টাক এবছুয়ে সদায় নৈতিক সমৰ্থন দি আহিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে অনাবড়ো সংগঠনে বড়োলেণ্ডৰ চাৰিসীমাৰ ভিতৰতে থাকি বড়োলেণ্ডৰ বিৰোধিতা কৰি আহিছে। এয়া নিত্যান্তই দুৰ্ভাগ্যজনক বুলি মন্তব্যৰে শীঘ্ৰে বড়োলেণ্ড সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পাটগাঁৱত যোৱা ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এবছুৰ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনাৰ মুকলি সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ উপৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা য়ু পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, য়ু এন একাডেমিৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বানেশ্বৰ বসুমতাৰী, বি টি চিৰ নিৰ্বাচিত সদস্য ক্ৰমে জিৰন বসুমতাৰী, জ্যোতিৰেন্দ্ৰ ব্ৰহ্মকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।