• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ শান্তি আলোচনাত যতি? উদ্বিগ্নতা হীৰেন গোহাঁই, কংগ্ৰেছ, আছুৰ

বুদ্ধিজীৱীজনৰ নেতৃত্বত অনুষ্ঠিত অভিৱৰ্তনখনত অসমৰ সকলো দল-সংগঠন, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বহুসংখ্যক প্ৰখ্যাত ব্যক্তিৰ পৰামৰ্শৰ ভিত্তিত গৃ্হীত দাবী চনদৰ আধাৰতে বৰ্তমান চলিত আলোচনাটো আৰম্ভ হৈছিল।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 12, 2019 9:02 pm
hiren gohain on nrc

হীৰেন গোহাঁই। ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কে বহু প্ৰত্যাশিত ভাৰত-আলফা শান্তি প্ৰক্ৰিয়াকে অন্ত পেলোৱাৰ উপক্ৰম কৰাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে আলোচনাটোৰ প্ৰাৰম্ভিক উদ্যোক্তা হীৰেন গোহাঁইৰ লগতে আছু আৰু প্ৰদেশ কংগ্ৰেছে।

ৰাজ্যলৈ পুনৰ ’৮০-৯০ৰ দশকৰ অশান্তজৰ্জৰ পৰিস্থিতি উভটি আহিলে তাৰ বাবে বিধেয়কৰ উদ্যোক্তা বিজেপি নেতৃত্বাধীন চৰকাৰকে জগৰীয়া কৰিব খোজে কেউটা পক্ষই।

Apply Now

২০১০ চনত “সন্মিলিত জাতীয় অভিৱৰ্তন”ৰ জৰিয়তে আলোচনাটোৰ উদ্যোগ লোৱা গোহাঁয়ে নৰ্থ ইষ্ট নাও-ক কয়, “আলফাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৰাইজৰ পক্ষত থকা বিষয়টোক আদৰণি জনাম। বিধেয়কখনৰ বাবে যদি তেওঁলোকে আলোচনাৰ পৰা আঁতৰি আহিবলগীয়া হয় তাতো আপত্তি নকৰো। কিন্তু তাৰ ফলত হ’ব পৰা অসমৰ পৰিস্থিতিৰ বাবে দায়ী হ’ব চৰকাৰখন।” বুদ্ধিজীৱীজনৰ নেতৃত্বত অনুষ্ঠিত অভিৱৰ্তনখনতে অসমৰ সকলো দল-সংগঠন, জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বহু ব্যক্তিৰ পৰামৰ্শৰ ভিত্তিত গৃ্হীত দাবী চনদৰ আধাৰতে বৰ্তমান চলিত আলোচনাটো আৰম্ভ হৈছিল।

বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীৰ অনুৰূপ মন্তব্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় আলোচনা প্ৰক্ৰিয়াটো বিঘ্নিত হোৱা পৰিৱেশলৈ ঠেলি নিনিয়াটো চৰকাৰৰ দায়িত্ব।

“তেওঁলোকৰ এটা জাতীয় দায়বদ্ধতা আছে আৰু জাতিৰ বাবেই তেওঁলোকে সংগ্ৰাম কৰিবলৈ ওলাই গৈছিল। গতিকে জাতিৰ স্বাৰ্থ তেওঁলোকে সদায় আগত ৰখাটো আমি কামনা কৰো। কিন্তু জাতিৰ অস্তিত্ব সংকটাপন্ন হ’লে কেন্দ্ৰীয় চৰকাৰৰ লগত চলি থকা তেওঁলোকৰ আলোচনা অৰ্থহীন হ’ব,” এই মন্তব্য নাথৰ।

লগতে পঢ়ক– কি ইংগিত মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ?

ইপিনে বিজেপি চৰকাৰে গাৰ বলেৰে সকলো কাম কৰিবলৈ যোৱাৰ ফলতেই শান্তি প্ৰক্ৰিয়াত হানি হোৱা বুলি মন্তব্য কৰে অসম বিধান সভাৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

“এখন গণতান্ত্ৰিক দেশত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰা হয়। কিন্তু বিজেপি চৰকাৰে সম্পূৰ্ণ বলপূৰ্বকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে। তাৰ ফলত উগ্ৰ পন্থা এৰি আলোচনাত থকা আলফাৰ সদস্যসকলেও আলোচনা প্ৰত্যাহাৰৰ কথা চিন্তা কৰিছে,” বিজেপিৰ ক’ৰ্টলৈ বল ঠেলি শইকীয়াৰ মন্তব্য।

“সময় থাকোতেই” সমস্যাটো সমাধান কৰিবলৈও কংগ্ৰেছ নেতাজনে চৰকাৰক আহ্বান জনাইছে।

যোৱা সময়চোৱাত অনুপ চেতিয়াকে ধৰি আলোচনাৰত আলফাৰ বিভিন্ন নেতাই বিধেয়কখনে আলোচনাৰ আধাৰটোকে নাকচ কৰাৰ অভিযোগ কৰি আহিছে।

আলফা নেতা মৃণাল হাজৰিকাই আলোচনা বন্ধ হোৱাৰ “সম্ভাৱনা” আছে বুলি নৰ্থ ইষ্ট নাও-ত শনিবাৰে মন্তব্য কৰিছিল।

হাজৰিকাৰ অস্ত্ৰবিৰত আলফা গোট (কাকপথাৰ কেম্প)ৰ চনদৰ তিনিটা প্ৰধান দাবী আছিল– ভাৰতীয় সংবিধানৰ আধাৰত অসমলৈ অধিক আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ, অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ কৰা আৰু অসমত দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা।

২০১১ চনৰ পৰা আলোচনালৈ অহা অৰৱিন্দ ৰাজখোৱাপন্থী গোটৰ সৈতে কাকপথাৰ গোটে একেলগে চৰকাৰৰ সৈতে আলোচনা চলাই আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd