• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী আহিব, এইবাৰ বিলাসী জাহাজেৰে!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2019 2:12 pm
mahabaahu-2a
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কলৈ ব্যাপক প্ৰতিবাদ-আন্দোলন চলি থকাৰ মাজতে ভাৰত-বাংলাদেশৰ মাজত বিলাসী জাহাজ সেৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে ৰাজ্যখনৰ দল-সংগঠনসমূহে আন্দোলনত ব্যস্ত থকাৰ সময়তে ভাৰত-বাংলাদেশৰ মাজত জল পৰিবহনৰ জৰিয়তে সুলভ হৈ পৰিব দুই দেশৰ নাগৰিকৰ যাতায়ত।

আনহাতে, ভাৰত-বাংলাদেশৰ মাজত এই জাহাজ সেৱাই বাংলাদেশী প্ৰব্ৰজনক অন্য ধৰণে উৎসাহিত কৰাৰ শংকাও দেখা গৈছে। অৱশ্যে দ্বিপাক্ষিক সহমতৰ আধাৰত আৰম্ভ কৰিব খোজা এই জাহাজ সেৱা সম্পৰ্কত ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যোৱা নাই।

Apply Now

অহা মে’ মাহৰ পৰা প্ৰথমবাৰৰ বাবে অসম-বেংগল নেভিগেশ্যন (এ বি এন) যোৰহাট-গুৱাহাটী-ঢাকা জলপথত আন্ত:ৰাষ্ট্ৰীয় জাহাজ সেৱাৰ চলাচল আৰম্ভ কৰিব। এ বি এনে দেওবাৰে ইয়াৰ চতুৰ্থখন জাহাজ এম ভি চৰাইদেও (২)ৰে ২০ গৰাকী ব্ৰিটেইন আৰু ইউৰোপৰ পৰ্যটকক লৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ উভতি আহে।

চৰাইদেউ (২) জাহাজখন অত্যাধুনিকভাৱে সজোৱাৰ লগতে ইয়াত ১৪ টা ডাব’ল আৰু চাৰিটা ছিংগ’ল কেবিনকে ধৰি জিম, স্পা, চেলুন আদি সকলোবোৰ সুবিধাই উপলব্ধ। এই একেইখন জাহাজেই দুবছৰ ধৰি ঢাকালৈ যাব।

উল্লেখযোগ্য যে যোৱা অক্টোবৰত ভাৰত আৰু বাংলাদেশে কলকাতা-ঢাকা-গুৱাহাটী- যোৰহাটৰ মাজত নদী পথেৰে জাহাজ চলাচল আৰম্ভ কৰাৰ বাবে সন্মতি জনাইছিল। যাত্ৰী পৰিবহন আৰু জাহাজ চলাচলৰ বাবে ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিউৰ চূড়ান্ত কৰা হৈছে আৰু ইয়াৰ বাবে দুয়ো পক্ষই সন্মতিও জনাইছে।

এবিএনৰ পৰিচালন সঞ্চালক আশীষ ফুকনে জানিবলৈ দিয়া মতে যাত্ৰীৰ বাবে মুকলি কৰি দিয়াৰ পাছত যোৰহাট-গুৱাহাটী-ঢাকা পথত জাহাজ চলাচল আৰম্ভ কৰা হ’ব। সকলোবোৰ ঠিকেঠাকে থাকিলে অহা মে’ মাহৰ পৰা এই জাহাজৰ চলাচল আৰম্ভ কৰা হ’ব। অৱশ্যে ইয়াৰ বাবে কেন্দ্ৰ আৰু বাংলাদেশ চৰকাৰৰ অনুমতিৰ প্ৰয়োজন।

তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰতিটো পৰ্যায়তে অনুমতিৰ প্ৰয়োজন যদিও দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত চুক্তি সম্পন্ন হৈছে।

পোন্ধৰ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট কোম্পানীটোৱে ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু গংগাত ইয়াৰ বিলাসী জাহাজ সেৱা আগবঢ়াই আহিছে। অসমত ইয়াৰ এম ভি ৰুদ্ৰসিংহ নামৰ এটা কোঠালিযুক্ত বিলাসী নৌকা সেৱা চলি আছে। ২০০৩ চনত ব্ৰহ্মপুত্ৰত আৰম্ভ কৰা এম ভি চৰাইদেওৰ সেৱাৰ বাবে কেন্দ্ৰীয় পৰ্যটন বিভাগৰ পৰা ৰাষ্ট্ৰীয় পৰ্যটন বঁটাও লাভ কৰিছে।

এম ভি চৰাইদেউ (২) হৈছে ইয়াৰ শেহতীয়া সকলো অত্যাধুনিক সম্ভাৰেৰে সজ্জিত আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ ব্ৰহ্মপুত্ৰত চলিবলগীয়া বিলাসী জাহাজ।

পৰিচালক সঞ্চালকগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এই বিলাসী জাহাজ সেৱাৰ জৰিয়তে দেশী তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যটকসকলে মাজুলীকে ধৰি ইয়াৰ আশে পাশে থকা পৰ্যটনস্থলীসমূহৰ নান্দনিক সৌন্দৰ্যৰ লগতে ইয়াৰ ঐতিহাসিক সমলসমূহৰ দৰ্শন লাভ কৰিবলৈ সমৰ্থ হ’ব।

চৰাইদেও (২) বিলাসী জাহাজখনত অতিথি শুশ্ৰুষাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ২৫ জন যুৱকক নিযুক্তি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd