• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ বজ্ৰ হুংকাৰত নিনাদিত ঐতিহাসিক লতাশিল

“বজ্ৰনিনাদ”ত ভাগ ল’বলৈ বুধবাৰে পুৱাৰ পৰাই হিলদল ভাঙি ওলাই আহে ছাত্ৰ-ছাত্ৰী, যুৱচাম, সাহিত্যিক-শিল্পী-সাংবাদিক-বুদ্ধিজীৱী-শিক্ষাবিদৰ লগতে নেছ’ৰ প্ৰতিনিধিও

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 23, 2019 5:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সহস্ৰ খিলঞ্জীয়াৰ ৰণ হুংকাৰত বুধবাৰে নিনাদিত হৈ উঠে গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰ।

বিজেপি চৰকাৰ উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ত ভাগ ল’বলৈ বুধবাৰে পুৱাৰ পৰাই হিলদল ভাঙি ওলাই আহে ছাত্ৰ-ছাত্ৰী, যুৱচাম, সাহিত্যিক-শিল্পী-সাংবাদিক-বুদ্ধিজীৱী-শিক্ষাবিদৰ লগতে নেছ’ৰ প্ৰতিনিধিও।

Apply Now

অসমৰ লগতে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধৰ পিছতো বিধেয়কখনৰ পক্ষত অদমনীয় স্থিতি গ্ৰহণ কৰা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে সকলো প্ৰতিবাদকাৰী।

প্ৰতিবাদত ভাগ লৈ অসমৰ জনজাতীয় এলেকাত শাসকীয় গেৰুৱা দলৰ নেতা-কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে ৰাজ্যৰ জনজাতিসকলৰ মূল মঞ্চ ত্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে।

“বিধেয়ক বাতিল নকৰিলে ১ ফেব্ৰুৱাৰিৰ পাছত জনজাতীয় অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব,” হাজাৰ হাজাৰ খিলঞ্জীয়াৰ উপস্থিতিত এই হুংকাৰ সংঘৰ নেতা খাখলাৰীৰ। সকলোকে বিজেপি ত্যাগ কৰিবলৈয়ো আহ্বান জনাই খাখলাৰীয়ে।

খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সংগ্ৰামৰ বিকল্প নাই বুলি লতাশিলত মন্তব্য কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে।

“আমি সংগ্ৰামী জাতি, সংগ্ৰাম কৰিয়েই যাব লাগিব। আমি গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম আদিসকলৰ আদৰ্শ পাহৰিলে নহ’ব। অসমৰ খিলঞ্জীয়া জাতিসত্ত্বাৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি যাবই লাগিব,” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক অসমৰ ৰাইজ দুৰ্বল বুলি নাভাবিবলৈ সকীয়াই এই আহ্বান বড়োৰ।

আনহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে প্ৰাক্তন জ্যেষ্ঠ সতীৰ্থ বৰ্তমানৰ মুখ্য মন্ত্ৰী সোণোৱালক আখ্যা দিয়ে একবিংশ শতিকাৰ “মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী”ৰ।”অতীতত কৰি যোৱা কামৰ ইতিহাস পাহৰি নাযাব”লৈয়ো সোণোৱালক আহ্বান জনাই গগৈয়ে।

বিধেয়ক বিৰোধী প্ৰতিবাদ সমগ্ৰ উত্তৰ-পূবত এতিয়াতকৈয়ো তীব্ৰ কৰি তোলাৰ অংগীকাৰ দোহাৰে নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱাই। জেৰৱাই কয়, “এই বিধেয়ক সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ পৰিপন্থী। উত্তৰ-পূবৰ ৰাইজে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছে। উত্তৰ-পূবৰ মানুহৰ আন্দোলনক গুৰুত্ব নিদি বিজেপিয়ে বিধেয়ক লোকসভাত গৃহীত কৰালে। এতিয়া ৰাজ্যসভাত গৃহীত কৰোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰিম।”

“বজ্ৰনিনাদ”ত ভাগ লৈ দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱাই ক’লে, “বিদেশী আনিলে কি হ’ব সেই কথা সৰ্বানন্দ সোণোৱালে ভালকৈয়ে জানে। কাৰণ তেওঁ জাতীয় জীৱনক বহুদিন নেতৃত্ব দিছিল। কিন্তু তেওঁ গাদী ৰক্ষাৰ স্বাৰ্থত সকলো পাহৰি গৈছে।”

বিধেয়কখনৰ জৰিয়তে শাসকীয় গেৰুৱা দলে ভাৰতীয় গণতন্ত্ৰকে কবৰস্থ কৰিব খোজাৰ ভয়ংকৰ আশংকা ব্যক্ত কৰে জ্যেষ্ঠ সাংবাদিক, আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে।

“বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে ভাৰতৰ সংবিধানৰ পৰিৱৰ্তন ঘটাব বিচাৰিছে। এই পৰিৱৰ্তনৰ জৰিয়তে ভাৰতত হিটলাৰৰ নিচিনা নিৰ্বাচন নপতা এটা ব্যৱস্থা কৰিব পাৰিব। এই আইন সংশোধন হ’লে হিন্দু বাচিব, মুছলমানো বাচি যাব, কিন্তু নাবাচিব অসমীয়া জাতি আৰু ভাষা,” ক’লে ৰাজগুৰুৱে।

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও বজ্ৰ নিনাদত ভাগ লয়।

স্বৰচিত এটি কবিতাৰে বজ্ৰনিনাদত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰে অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে, গানেৰে প্ৰতিবাদ জনাই মহেন্দ্ৰ হাজৰিকাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd