• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ হিমন্তৰ মিথ্যাচাৰ ফাদিল হ’ল আৰক্ষী সঞ্চালক প্ৰধানৰ ভাষ্যত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 2, 2019 4:23 pm
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্ণমাই বৰাৰ হত্যাকাণ্ড, মইনবড়ি সত্ৰৰ বেদখল আদি প্ৰসংগৰে ধৰ্মীয় সংখ্যালঘুক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য মিথ্যাচাৰ বুলি ফাদিল হোৱাৰ পাছত তেওঁ বাছি লৈছিল নতুন বিষয়। কিন্তু নতুন বিষয়টো প্ৰকাশ কৰাৰ এদিন পাছতেই পুনৰ প্ৰকাশিত হ’ল বহুবল্কী মন্ত্ৰীজনৰ মিথ্যাচাৰ।

উল্লেখযোগ্য যে মন্ত্ৰীজনে ১ ফেব্ৰুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলন আলফাৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি সাংবাদিকৰ আগত নতুন বিষয়ৰ অৱতাৰণা কৰিছিল। আলফাৰ ফোনত এই আন্দোলন চলি থকা বুলিও মন্ত্ৰীজনে দাবী কৰিছিল।

Apply Now

কিন্তু হিমন্তৰ এই দাবী ভিত্তিহীন! এই কথা প্ৰকাশ পাইছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ভাষ্যত।

আজি, ২ ফেব্ৰুৱাৰিত জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মন্ত্ৰী হিমন্তই কৰা মন্তব্য সম্পৰ্কত কি তথ্য আছে বুলি সোধাত তেওঁ কয়, ‘‘এই সম্পৰ্কত আমি বিশেষভাৱে বিশ্লেষণ কৰিব লাগিব। ইয়াৰ তদন্ত কৰিব লাগিব, তেতিয়াহে এই বিষয়ত তথ্য ওলাব। বৰ্তমান তাতকৈ বেছি একো ক’ব পৰা নাযাব’’।

কুলধৰ শইকীয়াৰ মন্তব্যত এটা কথা স্পষ্ট হৈ পৰিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে আলফাৰ নিৰ্দেশত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন চলা সন্দৰ্ভত অসম আৰক্ষী তথা ৰাজ্যৰ গৃহবিভাগৰ ওচৰত কোনো তথ্যই নাই।

তেনেক্ষেত্ৰত অৰ্ণমাই বৰা আৰু মইনবড়ি সত্ৰৰ নাম ব্যৱহাৰ কৰি বিফল হোৱা হিমন্ত বিশ্ব শৰ্মাই মনেসজা কথাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক বিপথে পৰিচালিত কৰাৰ বাবে যে পুনৰ এক পৰিকল্পনা হাতত লৈছিল সেই কথা প্ৰমাণিত হ’ল।

উল্লেখ্য যে, ১ ফেব্ৰুৱাৰিত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আন্দোলনটোক নিয়ন্ত্ৰণ কৰা শক্তি বিদেশত আছে আৰু এই কথাটো চৰকাৰৰ মানুহ হিচাপে তেওঁ নিজে গম পাই থকা বুলি জানিবলৈ দিছিল। তেওঁ লগতে দাবী কৰিছিল, ‘‘আন্দোলনটোত ক’ৰবাত নহয় ক’ৰবাত আলফাই ভূমিকা লৈ আছে।”

‘‘কাৰ ওচৰলৈ ফোন আহি আছে, কোন সাংবাদিকলৈ ফোন আহি আছে, চৰকাৰত থাকি আমি গম পাই আছো’’, সংবাদ মাধ্যমকো অসমৰ পৰিস্থিতিৰ বাবে জগৰীয়া কৰি মন্ত্ৰীজনে এইদৰে দাবী কৰিছিল। এই প্ৰসংগত এজন সাংবাদিকে আৰক্ষী সঞ্চালক প্ৰধানক ‘মিডিয়াকো নিৰীক্ষণত ৰাখিছে নেকি?’ বুলি প্ৰশ্ন কৰাত তেওঁ কয়, ‘‘মিডিয়াক নিৰীক্ষণত ৰাখিব লাগে বুলি মই নাভাবো আৰু তেনেকুৱা এতিয়ালৈ হোৱা নাই।’’

কিন্তু মিডিয়া বা সাংবাদিকক নিৰীক্ষণত নৰখাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘কোন সাংবাদিকলৈ ফোন আহে’ কেনেকৈ গম পালে?

সংবাদমেলত কুলধৰ শইকীয়াই দুই-এটা বিক্ষিপ্ত ঘটনা ঘটিছে যদিও ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলিও মন্তব্য কৰে।

ইপিনে সংবাদমেলখনত উপস্থিত থকা অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে ৰাজ্যত চলি থকা আন্দোলনসমূহ গণতান্ত্ৰিক চৰিত্ৰ আৰু শান্তি-শৃংখলা অটুট ৰাখি কৰিবলৈ দল-সংগঠনসমূহলৈ আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd