• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰ সংঘৰ অধিৱেশনলৈ আহিলে প্ৰধান মন্ত্ৰী মোদীয়ে দেখিব পাৰে ক’লা পতাকা

কাৰ হেলিকপ্টাৰ নামিবলৈ হেলিপেড নিৰ্মাণ হৈ আছে অধিৱেশনথলীত?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 2, 2019 8:05 pm
pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

সংঘৰ ৮৫ সংখ্যক শিৱসাগৰ অধিৱেশনত প্ৰধান মন্ত্ৰী মোদী। সৌজন্য-- narendramodi.in

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলি পুনৰ খবৰ ওলোৱাৰ সময়তে ইয়াক লৈ সতৰ্ক হৈ উঠিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনকাৰী দল-সংগঠন। ফলত অধিৱেশনলৈ আহিলেও মোদীৰ এই ভ্ৰমণ সুখকৰ নহ’ব পাৰে।

অধিৱেশনলৈ মোদীৰ আগমনৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা জাতীয়-জনগোষ্ঠীয় তথা সামাজিক সংগঠনে। নতুন দিল্লীত এখন সংবাদমেল পাতি এই কথা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Apply Now

‘‘৭০টা সংগঠনৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধিয়ে অহা ৮ বা ৯ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী শংকৰ সংঘৰ অধিৱেশনলৈ অহাৰ সময়ত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব’’, অখিল গগৈয়ে কয়।

তেওঁ এটা জাতীয় অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘই ‘অসমীয়া জাতিৰ বিপক্ষে’ বিজেপি দল থিয় দিয়াৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অধিৱেশনলৈ নিমন্ত্ৰণ কৰাটো ৭০টা সংগঠনে বিৰোধিতা কৰা বুলিও মন্তব্য কৰে। লগতে মোদীৰ নিমন্ত্ৰণ বাতিল কৰিবলৈও গগৈয়ে আহ্বান জনায়।

উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰিত কেইবাটাও কাৰ্যসূচী লৈ প্ৰধান মন্ত্ৰী অসম ভ্ৰমণলৈ অহাৰ কথা আছে। ইয়াৰ মাজতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতো মোদীয়ে অংশ ল’ব পাৰে বুলি চৰ্চিত হৈ আছে।

কিন্তু মোদীৰ আগমনৰ বিষয়ে অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো খবৰ পোৱা নাই বুলি ২ ফেব্ৰুৱাৰিত দিচপুৰত অনুষ্ঠিত এখন সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিয়ে।

ইপিনে অধিৱেশন থলীত হেলিকপ্টাৰ অৱতৰণৰ বাবে হেলিপেডৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে বুলি জানিব পৰা গৈছে। কাৰ হেলিকপ্টাৰ নামিবৰ বাবে এই হেলিপেড বনোৱা হৈছে সেয়া জনাব বিচৰা নাই আদৰণি সমিতিয়ে।

আনহাতে নৰেন্দ্ৰ মোদীক অধিৱেশনলৈ নহাটো কামনা কৰা বুলি পূৰ্বে সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে নৰ্থ-ইষ্ট নাওৰ আগত মন্তব্য প্ৰকাশ কৰিছিল। ‘মোদী আজি আছে কাইলৈ নাই, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ ৰাইজৰ লগত সদায় থাকিব লাগিব’ বুলিও নৱনিৰ্বাচিত পদাধিকাৰজনে মন্তব্য কৰিছিল।

ইয়াৰ পিছতো মোদী অহাটো কামনা কৰিছে নেকি এটা অংশই? এইবাৰৰ অধিৱেশনত মন্ত্ৰী হিমন্ত ওতপ্ৰোতভাৱে জড়িত হৈ থকালৈ চাই মন্ত্ৰীজনে মোদীক অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিব পাৰে বুলিও একাংশই মন্তব্য কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd