সাৰদা কেলেংকাৰিত বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি কালি মমতা বেনাৰ্জীয়ে কলকাতাত মন্তব্য কৰাৰ পাছত বিষয়টো সন্দৰ্ভত এইবাৰ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
৪ ফেব্ৰুৱাৰিত গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগ দিয়াৰ লগে লগেই চি বি আয়ে অসমত ৩৫০০ কোটি টকীয়া সাৰদা কেলেংকাৰিৰ তদন্ত বাদ দিলে। তেওঁলোকে অসমত এই কেলেংকাৰিটো থাপি-থূপি থ’বলৈ চেষ্টা কৰি আছে’’ ।
অসমত হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে সাৰদা কেলেংকাৰি সংঘটিত হৈছিল বুলি দাবী কৰাৰ লগতে এই কেলেংকাৰিৰ বাবেই অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান শংকৰ বৰুৱাৰ আত্মহত্যাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হৈছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে।
‘‘এনেবোৰ ঘটনাৰ পাছতো অসমৰ ক্ষেত্ৰত চি বি আই নিশ্চুপ’’, বৰদলৈয়ে কয়।
হিমন্ত কংগ্ৰেছত থকা সময়ত ২০১৪ চনৰ ২৮ আগষ্টত চি বি আয়ে তেওঁৰ বাসভৱন আৰু তেওঁৰ পত্নীৰ মালিকানাধীন নিউজ চেনেলত তালাচী চলাইছিল। তাৰ পাছত মন্ত্ৰীজনক আৰু তেওঁৰ পত্নীক চি বি আয়ে কলকাতাত জেৰা কৰিছিল বুলিও প্ৰদ্যুৎ বৰদলৈয়ে তথ্য দাঙি ধৰে। ইয়াৰ পিছতে হিমন্তই কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপিত যোগদান কৰিলে।
‘‘কিন্তু আশ্চৰ্য্যকৰভাৱে হিমন্তই বিজেপিত যোগদান কৰাৰ পাচতেই অসমত চি বি আইৰ এই তদন্তসমুহ বন্ধ হৈ পৰে।’’, অভিযোগ কংগ্ৰছৰ নেতাজনৰ।
একেদৰে লুই বাৰ্জাৰ কেলেংকাৰিৰ ক্ষেত্ৰতো চি বি আয়ে অসমত তদন্ত লেহেমীয়া কৰি দিয়া বুলি বৰদলৈয়ে অভিযোগ আনে। ইয়াৰ বিপৰীতে একেই কেলেংকাৰিৰ অভিযোগত গোৱাৰ এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰি সম্পত্তি বাজেয়াপ্ত হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চি বি আয়ে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰে।
হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ‘ৰিয়েলিটি অব ছাগা অব স্কেইম ইন কংগ্ৰেছ ৰুলড ষ্টেইট’ নামৰ পুস্তিকাত গোৱা আৰু গুৱাহাটীৰ পানী যোগান কেলেংকাৰি সন্দৰ্ভত লিখা তথ্যত হিমন্ত বিশ্ব শৰ্মাৰ নাম স্পষ্টভাৱে উল্লেখ আছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে জানিবলৈ দিয়ে।
‘‘বিজেপিত যোগদান কৰা বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সাত দোষ মাফ হৈ গ’ল। ইয়াৰ বিপৰীতে চি বি আয়ে বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলক হাৰাশাস্তি কৰিছে’’, সংবাদ মাধ্যমৰ আগত প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ।
চি বি আইক এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতৰ পুতলা কৰি পেলালে বুলিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে মন্তব্য কৰে।
উল্লেখযোগ্য যে ৩ ফেব্ৰুৱাৰিত এখন সভাত বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়েও সাৰদা কেলেংকাৰিত অসমৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছে বুলি অভিযোগৰ আঙুলি টোঁৱাইছিল।