• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“চি বি আয়ে অসমত সাৰদা কেলেংকাৰি থাপি-থূপি থ’বলৈ চেষ্টা কৰি আছে’’

অসমত লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তও চি বি আয়ে লেহেমীয়া কৰি দিলে : প্ৰদ্যুৎ বৰদলৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 4, 2019 7:10 pm
Pradyut Bordoloi

আজি ৰাজীৱ ভৱনত সংবাদমেল দি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৰদা কেলেংকাৰিত বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি কালি মমতা বেনাৰ্জীয়ে কলকাতাত মন্তব্য কৰাৰ পাছত বিষয়টো সন্দৰ্ভত এইবাৰ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

৪ ফেব্ৰুৱাৰিত গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগ দিয়াৰ লগে লগেই চি বি আয়ে অসমত ৩৫০০ কোটি টকীয়া সাৰদা কেলেংকাৰিৰ তদন্ত বাদ দিলে। তেওঁলোকে অসমত এই কেলেংকাৰিটো থাপি-থূপি থ’বলৈ চেষ্টা কৰি আছে’’ ।

Apply Now

অসমত হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে সাৰদা কেলেংকাৰি সংঘটিত হৈছিল বুলি দাবী কৰাৰ লগতে এই কেলেংকাৰিৰ বাবেই অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান শংকৰ বৰুৱাৰ আত্মহত্যাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হৈছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে।

‘‘এনেবোৰ ঘটনাৰ পাছতো অসমৰ ক্ষেত্ৰত চি বি আই নিশ্চুপ’’, বৰদলৈয়ে কয়।

হিমন্ত কংগ্ৰেছত থকা সময়ত ২০১৪ চনৰ ২৮ আগষ্টত চি বি আয়ে তেওঁৰ বাসভৱন আৰু তেওঁৰ পত্নীৰ মালিকানাধীন নিউজ চেনেলত তালাচী চলাইছিল। তাৰ পাছত মন্ত্ৰীজনক আৰু তেওঁৰ পত্নীক চি বি আয়ে কলকাতাত জেৰা কৰিছিল বুলিও প্ৰদ্যুৎ বৰদলৈয়ে তথ্য দাঙি ধৰে। ইয়াৰ পিছতে হিমন্তই কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপিত যোগদান কৰিলে।

‘‘কিন্তু আশ্চৰ্য্যকৰভাৱে হিমন্তই বিজেপিত যোগদান কৰাৰ পাচতেই অসমত চি বি আইৰ এই তদন্তসমুহ বন্ধ হৈ পৰে।’’, অভিযোগ কংগ্ৰছৰ নেতাজনৰ।

একেদৰে লুই বাৰ্জাৰ কেলেংকাৰিৰ ক্ষেত্ৰতো চি বি আয়ে অসমত তদন্ত লেহেমীয়া কৰি দিয়া বুলি বৰদলৈয়ে অভিযোগ আনে। ইয়াৰ বিপৰীতে একেই কেলেংকাৰিৰ অভিযোগত গোৱাৰ এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰি সম্পত্তি বাজেয়াপ্ত হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চি বি আয়ে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰিলে বুলি তেওঁ মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ‘ৰিয়েলিটি অব ছাগা অব স্কেইম ইন কংগ্ৰেছ ৰুলড ষ্টেইট’ নামৰ পুস্তিকাত গোৱা আৰু গুৱাহাটীৰ পানী যোগান কেলেংকাৰি সন্দৰ্ভত লিখা তথ্যত হিমন্ত বিশ্ব শৰ্মাৰ নাম স্পষ্টভাৱে উল্লেখ আছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে জানিবলৈ দিয়ে।

‘‘বিজেপিত যোগদান কৰা বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সাত দোষ মাফ হৈ গ’ল। ইয়াৰ বিপৰীতে চি বি আয়ে বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলক হাৰাশাস্তি কৰিছে’’, সংবাদ মাধ্যমৰ আগত প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ।

চি বি আইক এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতৰ পুতলা কৰি পেলালে বুলিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে ৩ ফেব্ৰুৱাৰিত এখন সভাত বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়েও সাৰদা কেলেংকাৰিত অসমৰ বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছে বুলি অভিযোগৰ আঙুলি টোঁৱাইছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd