• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গান্ধীক পুনৰ গুলীওৱা’ৰ প্ৰতিবাদ কৰা কংগ্রেছ কৰ্মীক আৰক্ষীৰ বাধা

গান্ধীৰ প্ৰতিকৃতিলৈ গুলীওৱা হিন্দু মহাসভাৰ কৰ্মীৰ পুত্তলিকা দাহৰ পৰা বচোৱাৰ চেষ্টাত নামিল অসম আৰক্ষী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 4, 2019 8:52 pm
Congress protest Bharatiya Hindu Mahasabha

মহাত্মা গান্ধীৰ প্ৰতিকৃতিত গুলীওৱাৰ প্ৰতিবাদত অখিল ভাৰত হিন্দু মহাসভাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছেৰ কাৰ্য্যসূচী। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ জানুৱাৰিত মৃত্যু দিৱসতে জাতিৰ পিতা মহাত্মা গান্ধীক পুনৰবাৰ গুলীওৱাৰ দৰে দেশত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিল তাৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গৈ আজি আৰক্ষীৰ বাধাৰ সন্মুখীন হ’ল অসম প্ৰদেশ কংগ্ৰেছ।

ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছে অখিল ভাৰত হিন্দু মহাসভাৰ বিৰুদ্ধে (যিটো সংগঠনে উক্ত নিকৃষ্ট ঘটনাটো সংঘটিত কৰিছিল) এই প্ৰতিবাদী কাৰ্য্যসূচীটো ৰূপায়ণ কৰিছিল। প্ৰতিবাদকাৰী কংগ্ৰেছকৰ্মীসকলে মহাত্মা গান্ধীৰ প্ৰতিকৃতিত গুলীচালনা কৰা সংগঠনটোৰ সদস্যাগৰাকীৰ পুত্তলিকাও দাহ কৰে।

Apply Now

প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত দলৰ শতাধিক নেতা-কৰ্মীয়ে অখিল ভাৰত হিন্দু মহাসভাৰ কৰ্মীৰ এই নিকৃষ্ট কাণ্ডক ধিক্কাৰ দিয়ে।

মহাত্মা গান্ধীক অপমান কৰা ব্যক্তিগৰাকীক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে বিজেপি আৰু আৰ এছ এছৰ পৃষ্ঠপোষকতাতে হিন্দু মহাসভাই এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগো আনে প্ৰদেশ কংগ্ৰেছে।

‘‘মহাত্মা গান্ধীৰ অপমান কংগ্ৰেছে কেতিয়াও সহ্য নকৰে। যিসকলে জাতিৰ পিতাক অপমান কৰিছে তেওঁলোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে’’, প্ৰতিবাদত অংশ লোৱা কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ মন্তব্য।

ইপিনে, দাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে টানি লৈ যায় মহাত্মাক অপমান কৰা হিন্দু মহাসভাৰ সদস্যাগৰাকীৰ পুত্তলিকা। ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় টনা-আঁজোৰা আৰু হতাহতি। পাছত জুমুঠিৰ কিছু অংশ দাহ কৰিয়েই কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ৩০ জানুৱাৰি দিনটোত সমগ্ৰ দেশে যেতিয়া গান্ধীজীৰ মৃত্যু দিৱস শ্ৰদ্ধাৰে পালন কৰিছিল, উত্তৰ প্ৰদেশত অখিল ভাৰত হিন্দু মহাসভাই জাতিৰ পিতাজনৰ প্ৰতিকৃতিত পিষ্টলেৰে গুলীয়াই তৃপ্তি লৈছিল। গুলীওৱাৰ লগতে গান্ধীজীৰ পু্ত্তলিকা দাহ কৰিছিল আৰু ‘মহাত্মা গডছে’ জিন্দাবাদ বুলি মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জয়ধ্বনি দিছিল।

হিন্দুত্ববাদী সংগঠনটোৰ এই কাৰ্য্যত স্তম্ভিত হৈ পৰিছিল সমগ্ৰ দেশৰ গণতান্ত্ৰিক আৰু অহিংসাৰ ‘চেতনা’।

‘‘দেশত হিন্দুত্ব কেন্দ্ৰিক ঘৃণা আৰু অসহিষ্ণুতাই কি ভয়াৱহ স্তৰত উপনীত হৈছেহি, ঘটনাটো তাৰে ‘জ্বলন্ত নমুনা’’, এইটোৱে আছিল ছ’চিয়েল মিডিয়াত বেছিভাগৰে প্ৰতিক্ৰিয়া।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd