• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতীয় লোকসকলৰ অস্তিত্ব নিঃশেষ কৰাৰ চক্ৰান্তৰ পৰা বিৰত থাকক : সমন্বয়ৰক্ষী সমিতি

অনির্বান পাঠক by অনির্বান পাঠক
February 6, 2019 9:58 pm
06-02-19 Sonapur- Tribal organisations protest rally (1)

সোণাপুৰত সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিৰ বিশাল গণ সমাৱেশ। ফটো : ইউ বি

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰেখনে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ সমিতি গঠন কৰি পৰ্যালোচনা কৰি থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনজাতীয় ৰাইজ। তেওঁলোকে কোনো কাৰণতে মানি নলয় নতুনকৈ জনগোষ্ঠীকেইটাৰ জনজাতিৰ মৰ্যাদা।

বুধবাৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত বিশাল সমাৱেশ অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰক ‘জনজাতি বিৰোধী’ সিদ্ধান্তৰে ‘জনজাতীয় লোকসকলৰ অস্তিত্ব নিঃশেষ কৰাৰ চক্ৰান্ত’ৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে জনজাতি সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

Apply Now

বিজেপিয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰা সংবিধান (অনুসূচিত জনজাতি) সংশোধনী বিধেয়ক, ২০১৯ক সম্পূৰ্ণ অসাংবিধানিক আখ্যা দি এই বিধেয়ক বাতিলৰ বাবে প্ৰথমতে উচ্চ ন্যায়ালয় আৰু প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি মন্তব্য কৰে সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক তথা সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে।

‘বিজেপি চৰকাৰে হ্ৰস্বম্যাদী ৰাজনৈতিক মুনাফা লাভৰ বাবে যি ৰাজনীতি কৰিছে ই অনাগত দিনত অসমত সাংঘাতিক ধৰণৰ সংঘাতৰ সৃষ্টি কৰিব, ভুল বুজাবুজিৰ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ সামগ্ৰিক পৰিবেশ বিনষ্ট কৰিব’,-আদিত্য খাখলাৰীয়ে কয়।

এই সমাৱেশৰ জৰিয়তে জনজাতি সংগঠনসমুহৰ সমন্বয়ৰক্ষী সমিতিয়ে টাই আহোম, কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠী এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ সলনি অন্যান্য পিচপৰা শ্ৰেণী হিচাপেই পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰ দাবী জনায়। ঐক্যবদ্ধ জনজাতি সংগঠন সমুহৰ দাবী ‘জনজাতিৰ কোনো বিশেষত্ব নাই ছটা জনগোষ্ঠীৰ লোকসকলৰ। নতুনকৈ জনজাতিকৰণে বিপদত পেলাব পূৰ্বৰে পৰা জনাজাতিৰ মৰ্যাদা লাভ কৰি থকা লোকসকলক।‘

এই সমাৱেশত বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীয়ে কয় ‘আমি কোনো টাই আহোম, কোনো কোঁচ-ৰাজবংশী বা অন্য জনগোষ্ঠীৰ বিৰোধী নহয়। কিন্তু আমি আমাৰ সমস্যা হোৱাটো নিবিচাৰো।‘

অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱেও ছয়টা জনগোষ্ঠীৰ লোকসকলৰ জনজাতিৰ কোনো বৈশিষ্ট্য নাই বুলি মন্তব্য কৰি চৰকাৰৰ সিদ্ধান্ত পৰিহাৰৰ দাৱী জনায়।

সমাৱেশত বড়ো ওমেন জাষ্টিচ ফ’ৰামৰ সভানেত্ৰী ড০ অঞ্জলী দৈমাৰীয়ে ছয় জনগোষ্ঠীক উদ্দেশ্যি জনজাতিৰ মৰ্যাদা বিচাৰি থকা বস্তু নহয়, বৰং চৰকাৰে নিজে বিবেচনা কৰিহে প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে।

‘স্বাধীনতাৰ ৭০ বছৰৰ পাছত জনজাতিৰ মৰ্যাদা দিয়া অৰ্থটো কি? ইমান দিনে উন্নয়ন হোৱাই নাছিল নেকি?,’-চৰকাৰক কটাক্ষ কৰি অঞ্জলী দৈমাৰীয়ে কয়।

একেদৰে জনজাতীয় ৰাইজৰ স্বাৰ্থত সংগ্ৰাম কৰি যোৱাৰ হুংকাৰ দিয়ে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ৰাজ্যৰ সকলো স্বায়ত্ব শাসিত পৰিষদক নতুনকৈ জনজাতিকৰণৰ বিৰোধিতাৰে একত্ৰিত হোৱাৰ আহ্বানো জনালে মুখ্য কাৰ্য্যবাহী সদস্যজনে।

জনজাতিৰ অধিকাৰ খৰ্ব হ’লে এখন যুদ্ধ হ’ব বুলি হুংকাৰ দিয়ে সন্মিলিত গণশক্তিৰ বিধায়ক ভূৱন পেগুৱে।সমাৱেশত উপস্থিত থাকি পেগুৰ ৰাইজলৈ আহ্বান, ‘আপোনালোকে ৰাজপথত যুদ্ধ কৰিব, মই বিধান সভাত যুদ্ধ কৰিম।‘

আনহাতে, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে পূৰ্বৰ জনজাতিসকলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰাৰ বাবে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুটিয়াৰিয়ে।

তেওঁ লগতে আজিৰ এই সমাৱেশক ‘ভূমিপুত্ৰ জনজাতিসকলৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ আৰম্ভণি’ বুলি আখ্যা দি বিজেপিয়ে জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অগপৰ দৰে বি পি এফকো বিজেপিৰ সংগ ত্যাগ কৰাৰ আহ্বান জনায়।

এই সমাৱেশৰ পৰাই বিষয়টো সন্দৰ্ভত সমন্বয়ৰক্ষী সমিতিৰ সৈতে গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবেও চৰকাৰক দাবী কৰে।

ইপিনে, জনজাতিকৰণৰ বিৰোধিতাৰ সমানে সমানে এই সমাৱেশত উত্থাপিত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীও। উপস্থিত প্ৰায় প্ৰতিজন নেতাৰ ভাষণতেই স্থান পালে ‘জাতিধ্বংসী’ বিধেয়কখনে খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি আনিব পৰা ভাবুকিৰ প্ৰসংগই।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd