• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জননেতা ভীমবৰ দেউৰীৰ স্মৃতিত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব সমন্বয় ক্ষেত্ৰ,সংগ্ৰহালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2019 7:28 am
images-2-750x375

জননেতা ভীমবৰ দেউৰীৰ প্ৰতিমূৰ্তি। ফটো সৌজন্য : মনোৰঞ্জন দেউৰী

605
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে জননেতা ভীমবৰ দেউৰীৰ স্মৃতিত লখিমপুৰ জিলাৰ বিহপুৰীয়াত এটা সমন্বয় ক্ষেত্ৰ তথা সংগ্ৰহালয় স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

এই উদ্দেশ্যে জিলা প্ৰশাসনে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি ভূমি আৱন্টন দিব।

জনতা ভৱনত বৃহস্পতিবাৰে সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে এই প্ৰতিশ্ৰুতি দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে লগতে ঘোষণা কৰে যে জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকী ৩০ নৱেম্বৰৰ দিনটো স্মৃতি দিৱস হিচাপে ৰাজ্য চৰকাৰে পালন কৰিব।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত বিধায়ক মৃণাল শইকীয়া, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দেউৰী, সাধাৰণ সম্পাদক সঞ্জীৱ দেউৰীৰ লগতে সন্থাৰ আন বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে জননেতা ভীমবৰ দেউৰীয়ে দেশ বিভাজনৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক পূব পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

প্ৰতি বছৰে  জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বাৰ্ষিকীৰ ৩০ নৱেম্বৰৰ দিনটো স্মৃতি দিৱস হিচাপে অসমত পালন কৰা হয়। যোৱা বছৰ জননেতা ভীমবৰ দেউৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকীত জননেতা ভীমবৰ দেউৰী সোঁৱৰণি উদযাপন কমিটিয়ে মহানগৰীত বিশিষ্ট লেখক ড০ অনিল ভৰালীৰ সভাপতিত্বত এখন আলোচনা চক্ৰৰ আয়োজন কৰিছিল।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd