• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ অসম ভ্ৰমণৰ ৰাজ্যজুৰি প্ৰতিবাদ ছাত্ৰ সন্থাৰ

মোদীয়ে আধাৰশিলা স্থাপন কৰিলেই প্ৰকল্পসমূহ বিজেপিৰ কৃতিত্বৰ চিন হ’ব নোৱাৰে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 9, 2019 5:19 pm
Modi Effigy

প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ আছুৰ। ফটো : অনিৰ্বাণ পাঠক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণত চৌদিশ প্ৰতিবাদৰ ধ্বনিৰে উত্তাল হ’ল অসম।

আজি মোদীয়ে চাংসাৰিৰ কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি থকা মুহূৰ্তটোতে ৰাজ্যৰ সৰ্বত্ৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি মোদীৰ পুত্তলিকা দাহ কৰি তেওঁৰ উত্তৰ-পূব ভ্ৰমণৰ বিৰোধিতা কৰে। সংগঠনটোৱে গুৱাহাটীৰ চহিদ ভৱনৰ সন্মুখত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে হাতে হাতে ক’লা পতাকা লৈ শ্ল’গান দিয়ে। মহানগৰীত জাৰি কৰি ৰখা ১৪৪ ধাৰাক সম্পূৰ্ণ অৱজ্ঞা কৰে ছাত্ৰ সংগঠনটোৱে।

Apply Now

কাৰ্যসূচীটোৰ নেতৃত্ব দি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলীয়ে কয়, “আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠন, অসম সাহিত্য সভাকে ধৰি বিভিন্ন দল-সংগঠন আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে বিৰোধিতা কৰি থকাৰ পাছতো এই প্ৰতিবাদৰ ভাষা নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰে বুজি নাপালে। নৰেন্দ্ৰ মোদী এজন মিছলীয়া প্ৰধান মন্ত্ৰী, সেই কথাও এতিয়া প্ৰমাণিত হ’ল”।

তেওঁ লগতে ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলিও মন্তব্য কৰে।

ইপিনে একে সময়তে ডিব্ৰুগড়তো প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধিতা কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই। মোহনবাৰীত বিমানবন্দৰৰ সমীপত ক’লা বেলুন উৰুৱাই সংগঠনটোৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।

গহপুৰতো আছুৰ উপৰি কেইবাটাও সংগঠনে মোদীৰ পুত্তলিকা দাহ কৰি ক’লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে।

গোৱালপাৰাৰ দুধনৈত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহৰ লগতে কিছু সময়ৰ বাবে পথটো অৱৰোধ কৰি ৰাখে ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে।

এইদৰে অসমৰ উজনিৰ পৰা নামনিলৈ সদৌ অসম ছাত্ৰ সন্থাই মোদীৰ ভ্ৰমণৰ বিৰোধিতাৰে ব্যপক প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাংসাৰিত এইমছৰ ভূমি পূজন কৰে। ইয়াৰ উপৰি গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী দলঙৰো আধাৰশিলা স্থাপন কৰে।

মোদীয়ে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পসমূহ কোনো কাৰণত বিজেপিৰ কৃতিত্ব হ’ব নোৱাৰে বুলি মন্তব্য কৰি “এয়া অসমৰ ৰাইজৰ প্ৰাপ্য আৰু আমাৰ প্ৰাপ্য আমি পামেই” বুলিহে দাবী কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। এইমছ স্থাপনৰ অসম চুক্তিৰ ৭ নম্বৰ দফা অনুসৰি ত্ৰিপাক্ষিক বৈঠকত সিদ্ধান্ত হৈছিল বুলিও তেওঁ কয়।

উন্নয়নমূলক কাম হ’বই লাগিব বুলি কৈ ‘কিন্তু অসমৰ ৰাইজে ‘জাতিধ্বংসী’ বিধেয়কখন মানি নলয় আৰু ইয়াক বাতিল কৰিবই লাগিব’ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

“চৰকাৰৰ উদ্যোগত সভা পাতি মানুহ গোটাই দেখুৱাব বিচাৰিছে। কিন্তু সমগ্ৰ অসমত জিলা, মহকুমা, অঞ্চলে অঞ্চলে আজি প্ৰতিবাদ হৈছে। চৰকাৰী অনুষ্ঠানৰ মানুহৰ সংখ্যা যিমানেই নেদেখুৱাওক কিয় অসমৰ ৰাইজৰ প্ৰতিবাদ তাতকৈ বহুগুণেই শক্তিশালী”, সমুজ্বল ভট্টাচাৰ্য।

তেওঁ লগতে বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আন্দোলন চলিয়েই থাকিব বুলিও হুংকাৰ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd