• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যৱহাৰ নোহোৱাকৈয়ে পৰি ৰ’ল মৰিগাওঁ অধিৱেশনৰ কোটি টকীয়া হেলিপেড

কৃষকৰ মাটি শিল-বালিৰে ঢাকি কাৰ বাবে হেলিপেড নিৰ্মাণ কৰা হৈছিল স্পষ্ট নহ’ল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 9, 2019 9:43 pm
Adhibeshan

মৰিগাওঁ অধিৱেশনৰ এটা দৃশ্য। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনৰ। লাখ লাখ ভকত-বৈষ্ণৱৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ। হৰিনামৰে মুখৰিত হৈ পৰিল চৌদিশ।

কিন্তু অধিৱেশনৰ চাৰিওটা দিনতেই অব্যহৃত হৈ থাকিল কোটি টকা খৰচ কৰি বিশেষভাৱে নিৰ্মাণ কৰা অস্থায়ী হেলিপেড। আনকি কাৰ বাবে হেলিপেড নিৰ্মাণ কৰা হৈছিল সেই কথাও স্পষ্ট নহ’ল।

Apply Now

অধিৱেশনৰ মূল মণ্ডপৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত প্ৰশাসনে নিৰ্মাণ কৰিছিল অস্থায়ী হেলিপেডখন। প্ৰায় ৪ বিঘা কৃষিভূমিৰ ওপৰত তিনিখন হেলিকপ্টাৰ অৱতৰণ কৰিব পৰা হেলিপেডখনৰ লগতে তাৰ পৰা মূল মণ্ডপ সংলগ্ন কৰি নিৰ্মাণ হৈছিল এটা পকী পথো। জানিব পৰা মতে হেলিপেড আৰু পকী পথছোৱা নিৰ্মাণৰ বাবত খৰচ হৈছিল প্ৰায় ২ কোটি টকা।

কিন্তু অপচয়ত পৰিণত হ’ল এই বৃহৎ পৰিমাণৰ ধনৰাশি। চাৰিদিনীয়া অধিৱেশনখনত এখনো হেলিকপ্টাৰ এই হেলিপেডত অৱতৰণ নহ’ল। গতিকে প্ৰশ্ন হয় কাৰ বাবে ৰাজকোষৰ ধৰ খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এই হেলিপেডখন।

অধিৱেশনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশনত ভাগ ল’ব বুলি এক বাতৰি প্ৰকাশ পাইছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধান মন্ত্ৰীয়ে ৮ আৰু ৯ ফেব্ৰুৱাৰিৰ উত্তৰ-পূব ভ্ৰমণৰ কোনোবা এটা সময়ত অধিৱেশনত ভাগ ল’ব পাৰে বুলি মন্তব্য কৰিছিল। কিন্তু মোদী সঁচাকৈয়ে আহিব লগীয়া আছিল নে নাই তাৰ নিশ্চিত তথ্য পোৱা নগ’ল।

ইপিনে, অধিৱেশনৰ কাৰ্যসূচীত নাম নাছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সংঘই অধিৱেশনৰ কেইবামাহৰো পূৰ্বে প্ৰধান মন্ত্ৰীক আমন্ত্ৰণ জনাই পত্ৰ প্ৰেৰণ কৰিছিল যদিও পাছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সেই আমন্ত্ৰণ বাতিল কৰা বুলি নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈয়ে আমাক জানিবলৈ দিছিল।

আনহাতে, শংকৰ সংঘৰ মৰিগাঁও অধিৱেশনলৈ নৰেন্দ্ৰ মোদী অহাৰ কোনো তথ্য নথকাৰ কথা আৰক্ষী প্ৰশাসনেও প্ৰকাশ কৰিছিল।

প্ৰধান মন্ত্ৰী নাহিলেও তেওঁৰ সলনি হেলিপেডখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ অৱতৰণ কৰিব পাৰে বুলি ভৱাৰ থল আছিল। কিয়নো ক’লা পতাকাৰ ভয়ত শেহতীয়াভাৱে কেইবাদিনো মুখ্য মন্ত্ৰী সোণোৱালে আকাশমাৰ্গেৰে গৈয়ে বিভিন্ন কাৰ্যসূচীত ভাগ লোৱা দেখা গৈছে। কালি অৰ্থাৎ ৮ ফেব্ৰুৱাৰিত অধিৱেশনৰ মুকলি সভাত মুখ্য মন্ত্ৰীগৰাকী মুখ্য অতিথি হিচাপে নিমন্ত্ৰিতও হৈছিল। কিন্তু অধিবেশনলৈ নগ’ল মুখ্য মন্ত্ৰী সোণোৱালো।

গতিকে কৃষি ভূমি বিনষ্ট কৰি শিল, চিমেণ্ট, বালিৰে নিৰ্মাণ কৰা কোটিটকীয়া অস্থায়ী হেলিপেড আৰু মূল মণ্ডপ সংযোগী পকী পথটো ব্যৱহাৰ নোহোৱাকৈয়ে পৰি ৰ’ল।

ইপিনে, অধিৱেশনলৈ মুখ্য মন্ত্ৰীৰ উপৰি হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী নিমন্ত্ৰিত হৈছিল যদিও উপস্থিত নাথাকিল কোনো এজন। অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত হৈ কালিৰ ভাগৱত ভ্ৰমণত ভাগ লয়।

ইয়াৰ বিপৰীতে ৯ ফেব্ৰুৱাৰিত সামৰণিৰ দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে দুই প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd