আজি নৰ্থ-ইষ্ট ইউনাইটেডে হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ফ্লাড লাইটৰ তলত অনুষ্ঠিত হ’ব এই হাইভল্টেজ খেলখন। নিজৰ ঘৰত নৰ্থ-ইষ্ট ইউনাইটেডৰ এয়া ক্ৰমাগত দ্বিতীয় মেচ। ইয়াৰ আগৰ খেলখনত নৰ্থ-ইষ্টে এইবাৰৰ আটাইতকৈ শক্তিশালী দল গোৱা এফ চিক ২-১ৰ ব্যৱধানত হৰুৱাবলৈ সক্ষম হৈছিল। আৰু সেয়েহে আজিৰ খেলখনত ঘৰুৱা দলৰ খেলুৱৈসকল যথেষ্ট আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব বুলি শুত্ৰৰ পৰা গম পোৱা গৈছে।
উল্লেখযোগ্য যে গোৱাৰ বিৰুদ্ধে খেলাৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। দলটোৱে একেৰাহে চাৰিখন খেলত লজ্জাজনক পৰাজয়বৰণ কৰাত প্ৰশিক্ষক জোৱাও ডে দিউছক মেনেজমেণ্টে অপসাৰণ কৰিবলৈ বাধ্য হৈছিল। আৰু ইয়াৰ পিছতে দলটোক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল চেলছিৰ প্ৰাক্তন মেনেজাৰ তথা ঘানা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক অভৰাম গ্ৰাণ্ট। গ্ৰাণ্টে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰথম খেলত শক্তিশালী গোৱাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আৰু এতিয়া দলৰ লক্ষ্য এই প্ৰদৰ্শণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা।
স্মৰ্তব্য যে নৰ্থ-ইষ্টে আজি প্ৰথম লেগৰ অন্তিমখন তথা ৯নম্বৰ খেলত অৱতীৰ্ণ হ’ব। ইয়াৰ পূৰ্বে খেলা আঠখন খেলৰ দুখনত জয়, এখনত পৰাজয় আৰু এখন দ্ৰ খেলি সাত পইণ্টেৰে তালিকাৰ নৱম স্থানত আছে। আনহাতে এ টি কে দলৰো এইবাৰৰ প্ৰদৰ্শন খুৱ সন্তোষজনক নহয়। দলটোৱে আঠখন খেলৰ দুখনত বিজয় তিনিখনত দ্ৰ আৰু সমসংখ্যক খেলত পৰাজয়বৰণ কৰি মুঠ ৯ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এ টি কেৰ সহ প্ৰশিক্ষকে খেলখনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ আমাক ভাগ্যই সহায় কৰা নাই, কিন্তু এতিয়াও প্লে অফত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। আনহাতে ঘৰুৱা দলৰ সহ প্ৰশিক্ষক ইলকোৱে দলৰ স্থিতি সন্দৰ্ভত সংবাদমেল যোগে কয়, ‘আমাৰ এতিয়াও বহু কৰণীয় আছে। আমি মূলত: দুটা বিষয়ত প্ৰধান গুৰুত্ব দিছো এটা হ’ল দলটোক সু সংগঠিত কৰা আৰু আনটো হ’ল গ’ল কৰাৰ বিফলতা আঁতৰ কৰা’।