• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক আক্ৰমণৰ লক্ষ্য: ছ’চিয়েল মিডিয়াত কংগ্ৰেছে এৰিব ১১টা ভিডিঅ’ মিছাইল

অনির্বান পাঠক by অনির্বান পাঠক
February 17, 2019 5:47 pm
17-02-19 Guwahati- Congress Quicky and Video Campaign release (1)

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ভিডিঅ' প্ৰচাৰ অভিযান মুকলি অনুষ্ঠান, দেওবাৰে। ফটো : য়ু বি

566
VIEWS
Share on FacebookShare on Twitter

২০১৪ ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়া বিজেপিৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ অস্ত্ৰ। কিন্তু এইবাৰ বিজেপিৰ বিৰুদ্ধে সেই একেপাত অস্ত্ৰকে তুলি লৈছে বিৰোধী কংগ্ৰেছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কিছুদিন থকাৰ সময়তে বিজেপি চৰকাৰৰ সমালোচনাৰে নিৰ্মিত ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰাৰ সম্ভাৱনাই দেখা দিছে।

সমাগত লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত অসম প্ৰদেশ কংগ্ৰেছে দেওবাৰৰ পৰা আৰম্ভ কৰিছে ‘ডিজিটেল কেম্পেইন’। গুৱাহাটীৰ ৰাজীৱ ভৱনত ১১ টা ভিডিঅ’ মুকলি কৰি এই ডিজিটেল কেম্পেইনৰ আৰম্ভণি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উপসভাপতি ৰকিবুল হুছেইনে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি, এন আৰ চিৰ নামত থলুৱাক হাৰাশাস্তি, নিবনুৱা সমস্যা, কৃষকৰ ঋণৰ বোজা, নাৰীৰ নিৰাপত্তাহীনতা, সামাজিক অস্থিৰতা আদি বিষয় লৈ নিৰ্মাণ হৈছে এই ভিডিঅ’কেইটা। ইয়াত স্থান পাইছে গ্ৰাম্য বৈদ্যুতিকৰণ, উজ্বলা যোজনা আদিত চৰকাৰৰ ব্যৰ্থতা আৰু আঁচনি ঘোষণাতে সীমাবদ্ধ থকাৰ ছবিখনেও।

প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়া মতে এই ভিডিঅ’ কেইটাৰে ফেইচবুকত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ’ব কংগ্ৰেছ।

ভিডিঅ’ কেইটা মুকলি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‘’কংগ্ৰেছ কৰ্মীসকলে অতি ক্ষীপ্ৰতাৰে যুদ্ধক্ষেত্ৰত নামি পৰিছো। এই নিৰ্বাচনক আমি জীৱনমৰণ যুঁজ হিচাপে লৈছো। এইখন প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৱলৰ পৰা ভাৰতবৰ্ষক উদ্ধাৰ কৰাৰ যুঁজ।‘’

লগতে ২০১৪ আৰু ২০১৬ চনৰ নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিয়ে ফাঁকি দিছিল বুলি উল্লেখ কৰি ৰাইজে সেই কথাবোৰ উপলব্ধি কৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ লোকসভা নিৰ্বাচনত কংগ্ৰেছেই সৰ্বাধিক আসন লাভ কৰিব বুলিও প্ৰকাশ কৰে।

একেদৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্রেছৰ উপসভাপতি ৰকিবুল হুছেইনে ‘কংগ্ৰেছে বিজেপিৰ সৈতে টকা-পইচাৰে ফেৰ মাৰিব নোৱাৰিব’ বুলি মন্তব্য কৰি ‘বিজেপিয়ে উৰা জাহাজেৰে গৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে চাইকেলেৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি কয়।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দলটোৱে ইতিমধ্যে দুটা গীতো মুকলি কৰিছিল। লগতে গাঁৱে-ভূঞে চাইকেলৰে কংগ্ৰেছে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে।

Recent News

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd