যোৱা ২২ ফেব্ৰুৱাৰিৰ দিনা অৰুণাচল প্রদেশৰ ইটানগৰত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ ৪৫ জনীয়া শিল্পী দলটোৰ দুখনকৈ বাহন আৰু বাদ্য-যন্ত্ৰসমূহৰ ক্ষতিসাধন কৰাত ক্ষুভিত হৈ পৰিছে অসমৰ শিল্পী সমাজ।
সেয়েহে দেওবাৰে মহানগৰীৰ কমাৰ্চ পইন্টৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে সদৌ অসম শিল্পী সুৰক্ষা মঞ্চই।
প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি সংস্থাৰ অন্যতম প্ৰতিনিধি অজয় ফুকনে অৰুণাচল প্ৰদেশক অৰ্থনৈতিকভাৱে অৱৰোধ কৰাৰ লগতে অৰুণাচললৈ গাড়ী যোৱা বন্ধ কৰাৰ হুংকাৰ দিয়ে।
‘অসমৰ পৰা অৰুণাচললৈ গাড়ী যোৱা বন্ধ কৰি দিয়া হ’ব আৰু অৰ্থনৈতিক অবৰোধ কৰা হ’ব।‘ এই হুংকাৰ ফুকনৰ।
ইপিনে কাইলৈ ৰাজ্যজুৰি শিল্পীসমাজে পথ অৱৰোধ কৰাৰ লগতে যদিহে অৰুণাচল প্ৰদেশৰ চৰকাৰে অৰুণাচলী প্ৰতিবাদকাৰীয়ে কৰা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ নিদিয়ে তেন্তে মঞ্চই অসমৰ অন্যান্য দল-সংগঠনৰ সৈতে একত্ৰিত হৈ লখিমপুৰত গৈ অসমৰ পৰা অৰুণাচললৈ চলাচল কৰা বাহনসমূহ অৱৰোধ কৰিব বুলিও ফুকনে সংবাদমাধ্যমৰ আগত কয়।
আনহাতে, ঘটনাৰ সময়ত এখন হোটেলত আবদ্ধ হৈ থকা এগৰাকী শিল্পী(গীটাৰ বাদক) কৈলাশ শৰ্মাই জনোৱা অনুসৰি শিল্পী দলটোৱে ভাড়াত লৈ যোৱা দুখন ইন’ভা গাড়ী, গুৱাহাটীৰ সঞ্জয় গিটাৰ হাউচ ছাউণ্ড চিষ্টেমৰ চাৰিটা মোবাইল ছাউণ্ড চিষ্টেম, ৬-৭ লাখ টকাৰ বাদ্য-যন্ত্ৰ সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰে অৰুণাচলী প্ৰতিবাদকাৰীসকলে।
উল্লেখযোগ্য যে, ইন্দিৰা গান্ধী পাৰ্কত অসমৰ পৰা যোৱা ৪৫ জনীয়া শিল্পীৰ দলটোৱে সংগীতানুষ্ঠান কৰাৰ কথা আছিল। কিন্তু অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে উক্ত স্থানত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতি। কৈলাশ শৰ্মাই জনোৱা অনুসৰি শিল্পীৰ দলটোৱে শুকুৰবাৰৰ দিনা অতি ভয়ে ভয়ে এখন হোটেলত নিশাটো কটাইছিল।
আনহাতে, অৰুণাচলত হোৱা এনে এটা ঘটনাৰ পাছতো অসম চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে অসমৰ শিল্পী সমাজ।
তদুপৰি, ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত অসমৰ শিল্পীসকলৰ ইমানখিনি ক্ষয়-ক্ষতি হোৱাৰ পাছতো অসম চৰকাৰ মৌন হৈ থকাৰ অভিযোগ কৰে শিল্পী প্ৰতিবাদকাৰীসকলে।
‘যিখিনি শিল্পীক লৈ নিৰ্বাচনী প্ৰচাৰ চলায়, যিখিনি শিল্পীক সময়ে সময়ে ব্যৱহাৰ কৰি থাকে, সেই শিল্পীসকলৰ দুৰ্দশাৰ সময়ত ৰাজ্য চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে মাত মতা দেখিবলৈ নাপালো,‘-এইদৰে কয় অজয় ফুকনে।
উক্ত প্ৰতিবাদী সমদলত জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতা আৰু দীপলিনা ডেকাই অৰুণাচলী প্ৰতিবাদকাৰীসকলৰ এনে কাৰ্য্যক একেমুখে গৰিহনা দিয়াৰ লগতে অসম চৰকাৰৰ সহযোগত অৰুণাচল চৰকাৰক শিল্পীসকলৰ বাদ্য-যন্ত্ৰ আৰু বাহনৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অৰুণাচল প্ৰদেশত ৰাজ্যখন গঠন হোৱাৰ পূৰ্বৰ পৰা বাস কৰি অহা ৬টা অনা-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ পেমা খাণ্ডু চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আৰম্ভ হৈছিল এই প্ৰতিবাদী আন্দোলন। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেইবাটাও দল-সংগঠনে ২১ ফেব্ৰুৱাৰিৰ পৰা ৪৮ ঘণ্টীয়া ইটানগৰ বন্ধ দিছিল। ইয়াৰ পাছতে হিংসাত্মক হৈ পৰে প্ৰতিবাদ।