• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক অৱৰোধৰ লগতে অৰুণাচললৈ গাড়ী যোৱা নিষিদ্ধ কৰাৰ হুংকাৰ অসমৰ শিল্পী সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 24, 2019 7:14 pm
b2e52852-8b7d-42d8-baae-33bfc756d318

অৰুণাচলত আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অৰুণাচলী প্ৰতিবাদকাৰীৰ আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীত অসমৰ শিল্পী সমাজৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২২ ফেব্ৰুৱাৰিৰ দিনা অৰুণাচল প্রদেশৰ ইটানগৰত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ ৪৫ জনীয়া শিল্পী দলটোৰ দুখনকৈ বাহন আৰু বাদ্য-যন্ত্ৰসমূহৰ ক্ষতিসাধন কৰাত ক্ষুভিত হৈ পৰিছে অসমৰ শিল্পী সমাজ।

সেয়েহে দেওবাৰে মহানগৰীৰ কমাৰ্চ পইন্টৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে সদৌ অসম শিল্পী সুৰক্ষা মঞ্চই।

Apply Now

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি সংস্থাৰ অন্যতম প্ৰতিনিধি অজয় ফুকনে অৰুণাচল প্ৰদেশক অৰ্থনৈতিকভাৱে অৱৰোধ কৰাৰ লগতে অৰুণাচললৈ গাড়ী যোৱা বন্ধ কৰাৰ হুংকাৰ দিয়ে।

‘অসমৰ পৰা অৰুণাচললৈ গাড়ী যোৱা বন্ধ কৰি দিয়া হ’ব আৰু অৰ্থনৈতিক অবৰোধ কৰা হ’ব।‘ এই হুংকাৰ ফুকনৰ।

ইপিনে কাইলৈ ৰাজ্যজুৰি শিল্পীসমাজে পথ অৱৰোধ কৰাৰ লগতে যদিহে অৰুণাচল প্ৰদেশৰ চৰকাৰে অৰুণাচলী প্ৰতিবাদকাৰীয়ে কৰা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ নিদিয়ে তেন্তে মঞ্চই অসমৰ অন্যান্য দল-সংগঠনৰ সৈতে একত্ৰিত হৈ লখিমপুৰত গৈ অসমৰ পৰা অৰুণাচললৈ চলাচল কৰা বাহনসমূহ অৱৰোধ কৰিব বুলিও ফুকনে সংবাদমাধ্যমৰ আগত কয়।

আনহাতে, ঘটনাৰ সময়ত এখন হোটেলত আবদ্ধ হৈ থকা এগৰাকী শিল্পী(গীটাৰ বাদক) কৈলাশ শৰ্মাই জনোৱা অনুসৰি শিল্পী দলটোৱে ভাড়াত লৈ যোৱা দুখন ইন’ভা গাড়ী, গুৱাহাটীৰ সঞ্জয় গিটাৰ হাউচ ছাউণ্ড চিষ্টেমৰ চাৰিটা মোবাইল ছাউণ্ড চিষ্টেম, ৬-৭ লাখ টকাৰ বাদ্য-যন্ত্ৰ সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰে অৰুণাচলী প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে, ইন্দিৰা গান্ধী পাৰ্কত অসমৰ পৰা যোৱা ৪৫ জনীয়া শিল্পীৰ দলটোৱে সংগীতানুষ্ঠান কৰাৰ কথা আছিল। কিন্তু অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে উক্ত স্থানত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতি। কৈলাশ শৰ্মাই জনোৱা অনুসৰি শিল্পীৰ দলটোৱে শুকুৰবাৰৰ দিনা অতি ভয়ে ভয়ে এখন হোটেলত নিশাটো কটাইছিল।

আনহাতে, অৰুণাচলত হোৱা এনে এটা ঘটনাৰ পাছতো অসম চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে অসমৰ শিল্পী সমাজ।

তদুপৰি, ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত অসমৰ শিল্পীসকলৰ ইমানখিনি ক্ষয়-ক্ষতি হোৱাৰ পাছতো অসম চৰকাৰ মৌন হৈ থকাৰ অভিযোগ কৰে শিল্পী প্ৰতিবাদকাৰীসকলে।

‘যিখিনি শিল্পীক লৈ নিৰ্বাচনী প্ৰচাৰ চলায়, যিখিনি শিল্পীক সময়ে সময়ে ব্যৱহাৰ কৰি থাকে, সেই শিল্পীসকলৰ দুৰ্দশাৰ সময়ত ৰাজ্য চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে মাত মতা দেখিবলৈ নাপালো,‘-এইদৰে কয় অজয় ফুকনে।

উক্ত প্ৰতিবাদী সমদলত জনপ্ৰিয় কন্ঠশিল্পী বৰ্ণালী কলিতা আৰু দীপলিনা ডেকাই অৰুণাচলী প্ৰতিবাদকাৰীসকলৰ এনে কাৰ্য্যক একেমুখে গৰিহনা দিয়াৰ লগতে অসম চৰকাৰৰ সহযোগত অৰুণাচল চৰকাৰক শিল্পীসকলৰ বাদ্য-যন্ত্ৰ আৰু বাহনৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অৰুণাচল প্ৰদেশত ৰাজ্যখন গঠন হোৱাৰ পূৰ্বৰ পৰা বাস কৰি অহা ৬টা অনা-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ পেমা খাণ্ডু চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আৰম্ভ হৈছিল এই প্ৰতিবাদী আন্দোলন। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেইবাটাও দল-সংগঠনে ২১ ফেব্ৰুৱাৰিৰ পৰা ৪৮ ঘণ্টীয়া ইটানগৰ বন্ধ দিছিল। ইয়াৰ পাছতে হিংসাত্মক হৈ পৰে প্ৰতিবাদ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd