• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূবত ৰণশিঙা বজাবলৈ কাইলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী

অনির্বান পাঠক by অনির্বান পাঠক
February 25, 2019 9:44 pm
rahul-gandhi-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ–পূৱত বিজেপিক প্ৰত্যাহ্বান জনাই কাইলৈ গুৱাহাটীত নিৰ্বাচনী ৰণশিঙা বজাব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে। লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত অসম তথা উত্তৰ–পূবত এইখন হ’ব কংগ্ৰেছৰ প্ৰথমখন বৃহৎ সমাবেশ।

কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰিৰ দিনৰ ১.৩০ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই ‘মেগা ৰেলী’ত অসমৰ লগতে উত্তৰ–পূৱৰ কংগ্ৰেছ কৰ্মীসকলক ৰাহুল গান্ধীয়ে সম্বোধন কৰিব।

Apply Now

নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতে এই সমাবেশত প্ৰায় এক লাখ কংগ্ৰেছ কৰ্মীয়ে ভাগ ল’ব বুলি জানিবলৈ দিয়ে। আজি সন্ধিয়াৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা ১০ হাজাৰতকৈ অধিক কৰ্মী গুৱাহাটী আহি পোৱাৰ কথা আছে বুলিও তেওঁ প্ৰকাশ কৰে।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ৰাৱটে কয়, ‘কাইলৈ অসম আৰু উত্তৰ–পূৱৰ লক্ষাধিক কংগ্ৰেছ কৰ্মীয়ে পৰিবৰ্তনৰ ধ্বনি দিব। সমগ্ৰ দেশত এতিয়া পৰিবৰ্তনৰ বতাহ বলিছে আৰু ইয়াৰ নেতৃত্ব দিছে ৰাহুল গান্ধীয়ে। সেই পৰিবৰ্তনৰ বাণী লৈ তেওঁ অসমলৈ আহিব’।

ইপিনে, এই সমাবেশক ‘ধৰ্মযুদ্ধ’ আখ্যা দি হৰিশ ৰাৱটে কয় যে যিসকলে দেশৰ সংবিধানিক অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজ দি আছে, যিয়ে গণতন্ত্ৰৰ হকে থিয় দিছে, যি সকলে কৃষক, মজদুৰ আৰু যুৱ প্ৰজন্মৰ বিকাশৰ বাবে থিয় দিছে এই সকলো কাইলৈৰ সমাবেশত মিলিত হ’ব। কংগ্ৰেছ সেই সকলোৰে লগত আছে বুলি কৈ যিসকল কংগ্ৰেছৰ লগত নাই তেওঁলোককো বিজেপিৰ বিৰোধিতা কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ লগতে কয়, ‘অসমৰ স্বকীয়তা ৰক্ষা আৰু বিজেপিৰ বিভাজনৰ এজেণ্ডাৰ বিৰোধিতা কৰাসকলক একত্ৰিত হোৱাৰ প্ৰয়োজন আছে।’

কাইলৈ ৰাহুল গান্ধীয়ে খানাপাৰাৰ সমাবেশত ভাগ লোৱাৰ পাছত বিয়লি ৩.৪৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উত্তৰ–পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতি আৰু ৪.৪৫ বজাত জিলা আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ সৈতে বৈঠকত মিলিত হ’ব। সন্ধিয়া তেওঁ পুনৰ নতুন দিল্লীলৈ উভতি যাব।

ইপিনে, ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ প্ৰচাৰ চলাবলৈ প্ৰদেশ কংগ্ৰেছে আজি দিনৰ ভাগত ‘প্ৰচাৰ যাত্ৰা’ নামেৰে এক সমদল উলিয়াই। ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হোৱা এই সমদলৰ নেতৃত্ব দিয়ে ‘ফ্লেগ মাষ্টাৰ’ চাচা হিন্দুস্তানীয়ে। ইয়াত ভাগ লয় হৰিশ ৰাৱট, ৰিপুন বৰা প্ৰমুখ্য কংগ্ৰেছ নেতৃত্বই।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd