• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুলিচ ভেৰিফিকেশ্যন নিদিয়াকৈ কেনেকৈ পাব পাৰে চাকৰিত নিযুক্তি : বিজেপি নেতাৰ বাখ্যা

বিজেপিৰ কাৰ্য্যকৰ্তাসকল মেধা সম্পন্ন, তেওঁলোকে যোগ্যতাৰ ভিত্তিত পাইছে চাকৰি : সুভাষ দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 11:26 am
a7b1f060-3a02-40d6-a5ab-ff0b900b0726

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি প্ৰসংগত মঙলবাৰে বিজেপি নেতাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৬ মাৰ্চৰ দিনা পঞ্চায়ত ও গ্ৰামোন্নন বিভাগৰ ৯৪৫ টা পদৰ ফলাফল ঘোষণাৰ পাছদিনাই অৰ্থ্যাৎ ২৪ ঘন্টা নৌ হওঁতেই সেইসকলক পুলিচ ভেৰিফিকেশ্যন অবিহনে নিযুক্তি দিয়া বিষয়টোৱে সকলোকে আচম্বিত কৰিছিল তথা বহুতেই এই নিযুক্তি অনিয়মৰ মাজেৰে হোৱা বুলি অভিযোগ তুলিছিল।

তেনে সময়তে উক্ত বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত কোনোধৰণৰ অনিয়ম অথবা গাফিলতি হোৱা নাই বুলি ৰাজ্য চৰকাৰখনক ক্লীনশ্বিট দিয়াত উঠি-পৰি লাগিছে বিজেপিৰ কিছুসংখ্যক নেতা। আনকি বিষয়টোৰ ওপৰত সংবাদমেল সম্বোধন কৰি জনসাধাৰণক দুৰ্নীতি হোৱা নাই বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা দেখা গ’ল বিজেপিৰ মেডিয়া পেনেলিষ্ট সুভাষ দত্তক।

Apply Now

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত মেডিয়া পেনেলিষ্ট দত্তই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা তথা স্বচ্ছতাৰে হোৱা বুলি দাবী কৰাৰ লগতে বিজেপিৰ নেতা-কৰ্মী তথা আত্মীয়সকলক সুৰক্ষা দিবলৈ গৈ কয়, ‘তেওঁলোকে নিজে মেধাৰ ভিত্তিত চাকৰি পাইছে।‘

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, কোনো চাকৰিৰ লিখিত পৰীক্ষাত এগৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে আবেদনৰ সৈতে গাঁথি দিয়া নথি-পত্ৰ(জেৰক্স)সমূহৰ মূল নথিসমূহ পৰীক্ষণ কৰা  হয় বা এইক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যন দিয়াটো অত্যন্ত বাধ্যতামূলক।

তেনে পৰিপ্ৰেক্ষিতত আমাৰ সাংবাদিকে কিয় একে ৰাতিৰ ভিতৰতে পৰীক্ষাৰ ফলাফল দি নিৰ্বাচিত প্ৰাৰ্থীসমূহক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ল তথা তাৰ বাবে পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নাছিল নেকি অথবা অন্যান্য নথি-পত্ৰসমূহৰ পুনৰ পৰীক্ষণৰ প্ৰয়োজনীয়তা নাছিল নেকি বুলি প্ৰশ্ন কৰিছিল।

আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিযুক্তি লাভ কৰাৰ পাছত পুলিচ ভেৰিফিকেশ্যন দিলেও হয় বুলি মন্তব্য কৰে বিজেপিৰ মেডিয়া পেনেলিষ্টৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা নেতাজনে।

‘’আমাৰ চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱাৰ স্বাৰ্থতেই তাৎক্ষণিকভাৱেই এই ব্যৱস্থা কৰা হৈছে। পুলিচ ভেৰিকেশ্যনটো পাছত হ’লেও হ’ব। নিযুক্তি লাভ কৰাৰ পাছত যদি পুলিচ ভেৰিফিশ্যনত যদি খেলি-মেলি ওলায়, তেন্তে নিযুক্তি প্ৰক্ৰিয়া বাতিল হ’ব পাৰে।‘’

বিজেপি নেতাৰ এনে উত্তৰৰ পাছত স্বাভাৱিকতে প্ৰশ্ন হয় ‘’পুলিচ ভেৰিফিকেশ্যন নোহোৱাকৈ কেনেকৈ কোনো এজন চাকৰি প্ৰত্যাশী প্ৰাৰ্থীক নিযুক্তি দিব পাৰি? যদি প্ৰাৰ্থীগৰাকীয়ে পূৰ্বতে অপৰাধ কৰি থৈছিল বা তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছে, তেন্তে তেওঁৱো কোনো চৰকাৰী চাকৰিত নিযুক্তি পাব পাৰে নেকি? অথবা কোনো ভাৰতীয় নোহোৱাকৈয়ো বিদেশী লোকে অসমত চাকৰি ল’ব পাৰিব নেকি?’’

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, পুলিচ ভেৰিফিকশ্যন নোহোৱাকৈয়ে পঞ্চায়ত ও গ্ৰামোন্নয়নত ৭ টা বিভিন্ন পৰ্য্যায়ৰ বিভাগৰ বাবে ৯৪৫ টা পদত নিযুক্তি লাভ কৰিছিল তথা প্ৰাৰ্থীসকলে কোন কোন স্থানত যোগদান কৰিব লাগিব তাৰো ঘোষণা কৰিছিল। এনেধৰণে নীতি বহিৰ্ভূতভাৱে পদসমূহত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

আনহাতে, আজিৰ সংবাদমেলতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যকৰ্তাসকল মেধা সম্পন্ন বুলি দাবী কৰে সুভাষ দত্তই।

দত্তৰ মতে ‘’পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগত যিসকল কাৰ্য্যকৰ্তা অথবা তেওঁলোকৰ আত্মীয়ই চাকৰি লাভ কৰিছে তেওঁলোক মেধাসম্পন্ন আৰু সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে।‘’

প্ৰশ্ন হয়, ভাৰতীয় জনতা পাৰ্টীয়ে এই নিযুক্তি স্বচ্ছ তথা নিকা বুলি দাবী কৰিলেও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰে বিভাগীয় অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক কেলেংকাৰিৰ তদন্ত কৰিবলৈ কিয় নিৰ্দেশনা জাৰি কৰিলে?

তদুপৰি, এক সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি গ্ৰেপ্তাৰ হোৱাৰ ভয়তে বা ৰাকেশ পাল বাহিনীৰ জৰিয়তে চাকৰি লাভ কৰা ৰাজপতিত বিষয়াসকলে সন্মুখীন হোৱা দুৰ্গতিৰ আতংকত এতিয়াও বহু প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd