• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচনলৈ সাজু টোগাড়িয়াৰ ‘হিন্দুস্থান নিৰ্মাণ দল’; ৩টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা; ১৪টাতে প্ৰাৰ্থী দি ভোট ফালিব বিজেপিৰ

প্ৰথম পৰ্য্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা; গুৱাহাটীত নামিব ৰাজ্যিক সভাপতি ৰাজীৱ কাকতী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 19, 2019 6:55 pm
Hindusthan Niraman Dal

গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত হিন্দুস্থান নিৰ্মাণ দলৰ সংবাদমেল। ১৯ মাৰ্চত।

2.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে স্বদেশী হ’ব লগীয়া হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিৰোধিতা কৰি এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গোড়া হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়াৰ নেতৃত্বত নতুনকৈ গঠিত হোৱা দল ‘হিন্দুস্থান নিৰ্মাণ দল’।

অসমক বাদ কৰি দেশৰ অন্যান্য প্ৰান্ত, যেনে- গুজৰাট, মহাৰাষ্ট্ৰ, পাঞ্জাব, চুৰাট ইত্যাদি ঠাইত অসমৰ পৰাও হিন্দু বাংলাদেশীখিনিক নি সংস্থাপনৰ পোষকতা কৰিছে ‘হিন্দুস্থান নিৰ্মাণ’ দলে। এই কথা সদৰী কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতীয়ে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীত এখন জনসভাত অংশগ্ৰহণ কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই অসমৰ বাংলাদেশীক অন্য ৰাজ্যলৈ নি সংস্থাপিত কৰাৰ পোষকতা কৰিছিল।

ইপিনে, আজি গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত দলটোৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি প্ৰথম পৰ্য্যায়ৰ এখন তালিকা প্ৰকাশ কৰে দলৰ নেতৃত্বই। প্ৰথম পৰ্য্যায়ৰ তালিকাত তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে।

তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দলৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। লগতে বৰপেটাৰ পৰা ভাস্কৰ কলিতা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অপূৰ্ব শইকীয়াই।

তদুপৰি, বাকী থকা সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ নাম ২২ মাৰ্চৰ দিনা ঘোষণা কৰিব বুলি কাকতীয়ে জানিবলৈ দিয়ে।

আনহাতে, উক্ত সংবাদমেলতে সভাপতিগৰাকীয়ে কয়, ‘‘লোকসভা নিৰ্বাচনৰ আমাৰ মূল ইচ্ছ্যু হ’ব বাংলাদেশীমুক্ত অসম গঢ় দিয়া।‘’

ইয়াৰোপৰি, নিবনুৱা সমস্যা সমাধান, কৃষকৰ সমস্যা সমাধান আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰাটোৱেও তেওঁলোকৰ এজেণ্ডাৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয় ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰাটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য।‘

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোৱে কঁকালত টঙালি বান্ধিছে বুলি তেওঁ সংবাদমেলত দাবী কৰে।

‘’ইতিমধ্যে ৰাজ্যৰ গাঁৱে-ভূঞে আমাৰ কাৰ্য্যকৰ্তাসকল প্ৰচাৰৰ উদ্দেশ্যে সোমাই পৰিছে।‘’ কাকতীয়ে সংবাদমেলত কয়।

তদুপৰি, শাসকীয় দল বিজেপিক সমালোচনা কৰি তেওঁ সংবাদমেলত কয় যে বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছে। বৰ্তমান সময়ত বিজেপিৰ স্থিতি একেবাৰেই দুৰ্বল বুলিও তেওঁ কয়।

তেওঁ আৰু কয়, ‘’কংগ্ৰেছে যি ভ্ৰষ্টাচাৰ কৰি গৈছিল, সেই কংগ্ৰেছী নেতাখিনিক হাইজেক কৰি আনি ভাৰতীয় জনতা পাৰ্টী ভ্ৰষ্টাচাৰত লুতুৰি-পুতুৰি খাইছে।‘’

আনহাতে, ৰাজ্যৰ ৫খন ঠাইত প্ৰচাৰ চলাবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়া অসমলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd