• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনলৈ সাজু টোগাড়িয়াৰ ‘হিন্দুস্থান নিৰ্মাণ দল’; ৩টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা; ১৪টাতে প্ৰাৰ্থী দি ভোট ফালিব বিজেপিৰ

প্ৰথম পৰ্য্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা; গুৱাহাটীত নামিব ৰাজ্যিক সভাপতি ৰাজীৱ কাকতী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 19, 2019 6:55 pm
Hindusthan Niraman Dal

গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত হিন্দুস্থান নিৰ্মাণ দলৰ সংবাদমেল। ১৯ মাৰ্চত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে স্বদেশী হ’ব লগীয়া হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বিৰোধিতা কৰি এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গোড়া হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়াৰ নেতৃত্বত নতুনকৈ গঠিত হোৱা দল ‘হিন্দুস্থান নিৰ্মাণ দল’।

অসমক বাদ কৰি দেশৰ অন্যান্য প্ৰান্ত, যেনে- গুজৰাট, মহাৰাষ্ট্ৰ, পাঞ্জাব, চুৰাট ইত্যাদি ঠাইত অসমৰ পৰাও হিন্দু বাংলাদেশীখিনিক নি সংস্থাপনৰ পোষকতা কৰিছে ‘হিন্দুস্থান নিৰ্মাণ’ দলে। এই কথা সদৰী কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতীয়ে।

Apply Now

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীত এখন জনসভাত অংশগ্ৰহণ কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই অসমৰ বাংলাদেশীক অন্য ৰাজ্যলৈ নি সংস্থাপিত কৰাৰ পোষকতা কৰিছিল।

ইপিনে, আজি গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত দলটোৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি প্ৰথম পৰ্য্যায়ৰ এখন তালিকা প্ৰকাশ কৰে দলৰ নেতৃত্বই। প্ৰথম পৰ্য্যায়ৰ তালিকাত তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে।

তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দলৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। লগতে বৰপেটাৰ পৰা ভাস্কৰ কলিতা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অপূৰ্ব শইকীয়াই।

তদুপৰি, বাকী থকা সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ নাম ২২ মাৰ্চৰ দিনা ঘোষণা কৰিব বুলি কাকতীয়ে জানিবলৈ দিয়ে।

আনহাতে, উক্ত সংবাদমেলতে সভাপতিগৰাকীয়ে কয়, ‘‘লোকসভা নিৰ্বাচনৰ আমাৰ মূল ইচ্ছ্যু হ’ব বাংলাদেশীমুক্ত অসম গঢ় দিয়া।‘’

ইয়াৰোপৰি, নিবনুৱা সমস্যা সমাধান, কৃষকৰ সমস্যা সমাধান আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰাটোৱেও তেওঁলোকৰ এজেণ্ডাৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয় ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰাটো প্ৰধান দায়িত্ব আৰু কৰ্তব্য।‘

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোৱে কঁকালত টঙালি বান্ধিছে বুলি তেওঁ সংবাদমেলত দাবী কৰে।

‘’ইতিমধ্যে ৰাজ্যৰ গাঁৱে-ভূঞে আমাৰ কাৰ্য্যকৰ্তাসকল প্ৰচাৰৰ উদ্দেশ্যে সোমাই পৰিছে।‘’ কাকতীয়ে সংবাদমেলত কয়।

তদুপৰি, শাসকীয় দল বিজেপিক সমালোচনা কৰি তেওঁ সংবাদমেলত কয় যে বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছে। বৰ্তমান সময়ত বিজেপিৰ স্থিতি একেবাৰেই দুৰ্বল বুলিও তেওঁ কয়।

তেওঁ আৰু কয়, ‘’কংগ্ৰেছে যি ভ্ৰষ্টাচাৰ কৰি গৈছিল, সেই কংগ্ৰেছী নেতাখিনিক হাইজেক কৰি আনি ভাৰতীয় জনতা পাৰ্টী ভ্ৰষ্টাচাৰত লুতুৰি-পুতুৰি খাইছে।‘’

আনহাতে, ৰাজ্যৰ ৫খন ঠাইত প্ৰচাৰ চলাবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ প্ৰবীণ ভাই টোগাড়িয়া অসমলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd