• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই বিজেপিৰ বিৰুদ্ধে গছৰ মুঢ়া এটাকো ভোট দিবলৈ ভাল পাম : অখিল গগৈ

লোকসভা নিৰ্বাচনৰ পাছত বিকল্প সক্ৰিয় ৰাজনৈতিক দল গঠনৰ ইংগিত অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2019 10:24 pm
Akhil Gogoi

মাছখোৱাস্থিত প্ৰাগজ্যোতিষ প্ৰকল্পত নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত ভাষণৰত অখিল গগৈ।

651
VIEWS
Share on FacebookShare on Twitter

“অতি স্পষ্টভাৱে উত্থাপন কৰিব বিচাৰিছো মই অখিল গগৈয়ে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা গছৰ মুঢ়াকো ভোট দিবলৈ ভাল পাম”, মাছখোৱাস্থিত প্ৰাগজ্যোতিষ প্ৰকল্পত নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত ভাষণ ৰাখি এই ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ।

গগৈয়ে ভাষণ প্ৰসংগত কয় যে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ কোনো যোগ্যতা থকাৰ প্ৰয়োজন নাই।

ইপিনে দেশখনক বচাবলৈ হ’লে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব বুলি গগৈয়ে জনসাধাৰণক আহ্বান জনায়।

“যদি সঁচাকৈ দেশ বচাব লাগে, গণতন্ত্ৰ, সংবিধান বাচিব লাগে তথা নিবনুৱা সমস্যা সমাধান কৰিব লাগে, তেন্তে প্ৰত্যেকজন নাগৰিকে মুকলি মূৰীয়াকৈ চিঞৰি চিঞৰি ক’ব লাগিব “আমি এই নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবই লাগিব”, বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান জনাই কয় কৃষক নেতাজনে।

গগৈৰ মতে “ভাৰতৰ প্ৰত্যেকজন মানুহ নৰেন্দ্ৰ মোদীতকৈ যোগ্য। বিজেপিক পৰাভূত কৰাটো দেশৰ প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ বাবে জাতীয় দায়িত্ব।”

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশৰ পৰা মানুহ আনিব খোজা বিজেপিৰ বিৰুদ্ধে অসমীয়া ৰাইজে স্থিতি ল’ব নোৱাৰিলে তেতিয়া ‘অসমীয়া’ হৈ জীয়াই থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে বুলিও এক তেওঁ এক মন্তব্য কৰে।

আনহাতে, লোকসভা নিৰ্বাচনৰ পাছতেই সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথা ঘোষণা কৰে গগৈয়ে। লগতে বিজেপি নাইবা কংগ্ৰেছক ভোট নিদিবৰ বাবে কাকো আহ্বান নজনায় বুলিও স্পষ্ট কৰে নেতাজনে।

“কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বহু শুভাকাংক্ষীৰ দাবী অনুসৰি লোকসভা নিৰ্বাচনৰ পাছত বিকল্প ৰাজনৈতিক শক্তিৰ বাবে একেলগে কাম কৰি যাম”, নিকট ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনাৰ ইংগিত দি গগৈয়ে কয়।

তদুপৰি ২০১৪ চনত কংগ্ৰেছক পৰাভূত কৰাটো জাতীয় দায়িত্ব আছিল বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছ আৰু বিজেপি পুঁজিপতি আৰু জমিদাৰৰ দল। গতিকে এই দুটা দলক পৰাভূত কৰাটো জাতীয় দায়িত্ব।”

“এবাৰ কংগ্ৰেছ, এবাৰ বিজেপি এনেকৈয়ে মোৰ জীৱনটো যাব, গতিকে অহা বাৰৰ পৰা কংগ্ৰেছ-বিজেপি এটাও নকওঁ। ২০১৯-য়েই শেষ। এইবাৰ বিকল্প দল এটাৰ কথাহে ক’ম।” গগৈয়ে কয়।

Recent News

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd