• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্বৰ গোচৰত ইংৰাজী দৈনিক ছেণ্টিনেলৰ প্ৰাক্তন সম্পাদকক কাৰাদণ্ড

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2019 8:01 pm
Former editor of Guwahati-based English daily Sentinel sent behind bars for ‘smearing’ the image of minister Himanta Biswa Sarma

সাংবাদিক বিকাশ শৰ্মা। ছবি সৌজন্য- কল্পজ্যোতি শইকীয়া।

1.3k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা এক গোচৰত দোষী সাব্যস্ত হৈ  কাৰাদণ্ডৰ সন্মুখীন হৈছে ছেণ্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক বিকাশ শৰ্মা।

কামৰূপ (মহানগৰ) জিলাৰ ন্যায়িক দণ্ডাধীশ ইউ বৰাই যোৱা ২০ মাৰ্চত সাংবাদিকগৰাকীক দোষী সাব্যস্ত কৰি এমাহৰ সাধাৰণ কাৰাৱাস আৰু ৫হাজাৰ টকাৰ জৰিমনা বিহিছে।

গুৱাহাটী টাউন ক্লাবত বৃ্হস্পতিবাৰে সংবাদমেলযোগে এই বিষয়ে জানিবলৈ দিয়ে জ্যেষ্ঠ অধিবক্তা দেৱজিত শইকীয়াই।

উত্তৰ-কাছাৰ কেলেংকাৰিৰ অভিযুক্ত আৰ এইচ খানৰ সৈতে মন্ত্ৰীজনক সাঙুৰি অখিল গগৈৰ “উদ্ধৃতি”ৰে ২০১০ চনত প্ৰকাশ কৰা এক বাতৰিৰ বাবে কাকতখনৰ তদানীন্তন সম্পাদকগৰাকী দোষী সাব্যস্ত হৈছে।

সেই বছৰৰ ২০ জুনৰ কাকতখনত “Remove 7 tainted Ministers: KMSS” শীৰ্ষক বাতৰিটোত প্ৰকাশ পাইছিল, “Talking to newsman in Guwahati today Akhil Gogoi said: The investigation Agency had got clear information that RH Khan, the prime accused of NC hills has given the luxurious cars, which he had purchased to health and family welfare Minister Himanta Biswa Sarma as a gift. (সাংবাদিকক আজি অখিল গগৈয়ে কয়: তদন্তকাৰী সংস্থাটোৱে স্পষ্ট তথ্য পাইছে যে উত্তৰ-কাছাৰ পাৰ্বত্যৰ মূল অভিযুক্ত আৰ এইচ খানে তেওঁ কিনা বিলাসী বাহনসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰিছে।)”

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে কাকতখনে প্ৰকাশ কৰা ধৰণেৰে সংবাদমেলত মন্তব্য কৰা নাছিল বুলি আদালতত সাক্ষ্য দিয়ে।

কাকতখনে সাক্ষী হিচাপে আন এখন কাকত অসমীয়া প্ৰতিদিনৰ সম্পাদক নিত্য বৰাকো হাজিৰ কৰোৱাইছিল। কিন্তু একেখন সংবাদমেলক লৈ অসমীয়া প্ৰতিদিন আৰু ছেণ্টিনেল-এ প্ৰকাশ কৰা বাতৰি দুটাত গগৈৰ উদ্ধৃতি পৃথক আছিল। “নিত্য বৰাই আদালতত তেওঁৰ হাতত থকা তথ্য দাখিল কৰিলে। দুয়োখন কাকত গোষ্ঠীৰ বাতৰিৰ মাজত কিছু পাৰ্থক্য আছিল,” সংবাদমেলত অধিবক্তা শইকীয়াৰ মন্তব্য।

ছেণ্টিনেলৰ পূৰ্বে উল্লেখিত বাতৰিটোত প্ৰকাশিত বক্তব্য ২০ জুন, ২০১০ চনৰ অসমীয়া প্ৰতিদিনৰ “প্ৰাক্তন ৰাজ্যপাল অজয় সিং, গগৈকো তদন্তৰ আওতালৈ আনক: দাবী জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে” শীৰ্ষক বাতৰিটোত প্ৰকাশ পাইছিল এই ৰূপত, “সকলোতে চৰ্চা চলি আছে যে এন আই এ তদন্তত উল্লেখ থকা মতে আৰ এইছ খানে এখন ২৫ লাখ টকীয়া বিলাসী বাহন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিছে।”

মন্ত্ৰী শৰ্মাই তৰা অভিযোগ (নং ২৪২৬/২০১০)ত ভাৰতীয় দণ্ডবিধিৰ ৫০০/৫০১/৩৪ ধাৰাত গোচৰ ৰুজু কৰিছিল আদালতে।

সাংবাদিক শৰ্মাৰ সৈতে যোগাযোগ কৰাত তেওঁ এই সন্দৰ্ভত উচ্চ আদালতত আবেদন জনোৱাৰ পথ ল’ব বুলি নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে।

Recent News

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd