• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চহিদ সেনাৰ প্ৰসংগেৰে মোদীৰ চকীদাৰিক প্ৰশ্ন কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 11, 2019 8:30 pm
No guarantee in Modi becoming PM once again

ফাইল ফটো। উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সাধাৰণ নিৰ্বাচনৰ আগ মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ‘চকীদাৰ’ হিচাপে অভিধা দিয়ে। কিন্তু ‘চকীদাৰ’ প্ৰধান মন্ত্ৰীৰ শাসনকালত দেশৰ নিৰাপত্তাত নিয়োজিত সেনা বাহিনীৰ ওপৰত উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণ হ’বলগীয়া হোৱা ঘটনাৰ প্ৰসংগৰে বিজেপি আৰু দেশৰ প্ৰধান মন্ত্ৰীজনক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা প্ৰধান মন্ত্ৰী মোদীয়ে জনসভাত দিয়া ভাষণৰ পাছতেই গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৰিপুণ বৰাই।

Apply Now

সেনাবাহিনীৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আৰু তাৰ পাছৰ দেশৰ ৰাজনীতিৰ প্ৰসংগেৰে বৰাই কয়, ‘বিজেপিয়ে চহিদক সন্মান দিয়াৰ পৰিৱৰ্তে মৃত চহিদক লৈ ৰাজনীতি কৰিছে’।

উল্লেখ্য যে, পুলৱামাত চি আৰ পি এফৰ জোৱানৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ পাছত দেশৰ সেনাবাহিনীয়ে কৰা ‘চাৰ্জিকেল ষ্ট্ৰাইক’ক কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰা বুলি দেশৰ প্ৰধান মন্ত্ৰী আৰু বিজেপিয়ে শেহতীয়াভাৱে কংগ্ৰেছক আক্ৰমণ কৰি আহিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহিও কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছে সেনাবাহিনীক লৈ ৰাজনীতি কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে।

কিন্তু মোদীৰ এই সমালোচনাৰ বিপৰীতে ৰিপুণ বৰাৰ প্ৰশ্ন, ‘পুলৱামাত বহু কেইখন চি আৰ পি এফৰ বাহনৰ এটা কনভয় গৈ থকা অৱস্থাত এখন বাহিৰৰ গাড়ী তাত সোমাল কেনেকৈ? সেই গাড়ীখনত আৰ ডি এক্স কেনেকৈ নিবলৈ পালে? চকীদাৰ চৰকাৰৰ আৰক্ষী-চোৰাংচোৱাই কিয় বিস্ফোৰকখিনি আগতীয়াকৈ ধৰা পেলাব নোৱাৰিলে?’

ৰিপুণ বৰাই লগতে কয় যে নৰেন্দ্ৰ মোদীয়ে নিজকে চকীদাৰ বুলি পৰিচয় দিয়াৰ সময়তে তেওঁৰ শাসনকালত জম্মু আৰু কাশ্মীৰত ৩৪৬জন সেনা জোৱান চহিদ হোৱাৰ বিপৰীতে যোৱা পাঁচ বছৰত ৰাজ্যখনত ২০৩গৰাকী নিৰীহ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে।

প্ৰধান মন্ত্ৰীজনে বৃহস্পতিবাৰে মঙলদৈ সমষ্টিৰ কেন্দুকোণাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি ‘কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰিছে, আমি ৰোধ কৰিম’ বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰিপুণ বৰাই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদন দিয়া বিদেশী বিতাড়নৰ তথ্য দাঙি ধৰে। এই তথ্য অনুসৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এৰ শাসনকালত দেশৰ পৰা বিদেশী বিতাড়ন হৈছে ১৮৮২জন। ইয়াৰ বিপৰীতে য়ু পি এৰ দহ বছৰত বিদেশী বিতাড়ন হৈছিল প্ৰায় ৮২,০০০ জন।

ইয়াৰ উপৰিও অসমত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা প্ৰায় ৪৬হাজাৰ লোকৰ মাত্ৰ চাৰিজনকহে বিজেপি চৰকাৰে বিতাড়ন কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিবগৰাকী উচ্চতম ন্যায়ালয়ত জৱাবদিহি হ’বলগীয়া হোৱাটোও ৰিপুণ বৰাই উল্লেখ কৰে।

তেওঁ কয়, ‘এই কথাই প্ৰমাণ কৰে কোনে প্ৰকৃততে বিদেশীক উৎসাহিত কৰি আছে?’

৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোতো বিজেপি চৰকাৰে আভুৱা ভাঁৰি থকাৰ প্ৰসংগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰখনৰ সদিচ্ছা থকা হ’লে বিষয়টো সদনৰ শেষ দিনলৈ ৰখাই নথ’লেহেঁতেন। সংবিধান সংশোধনী বিধেয়ক এখন লোক সভাৰ সলনি ৰাজ্য সভাত উত্থাপন কৰোঁতেই ই যে কেৱল দেখুৱাবলৈহে কৰা হৈছে সেই কথা প্ৰমাণ হোৱা বুলি বৰাই মন্তব্য কৰে।

বৰাই প্ৰধান মন্ত্ৰীগৰাকীক সমালোচনা কৰি কয়, ‘মোদীৰ কথাত নতুনত্ব একো নাই, ক’ব লাগে বাবে কৈছে’।

প্ৰধান মন্ত্ৰী মোদীয়ে শেহতীয়াভাৱে গুজৰাটত এখন জনসভাত কংগ্ৰেছ নেতাৰ দুৰ্নীতিৰ প্ৰসংগ উত্থাপনেৰে কোৱা ‘কংগ্ৰেছ নেতাসকলক জেলত ভৰোৱা’ কথাষাৰ উভতি ধৰি ৰিপুণ বৰাৰ প্ৰশ্ন, ‘বিজেপিৰ চৰকাৰ থকাৰ পাছত এতিয়ালৈ কিমানজন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে তদন্ত কৰি জেলত ভৰালে?’

ইপিনে, মোদী চৰকাৰৰ আমোলত দেশৰ নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাত সন্দেহ প্ৰকাশ কৰি ৰিপুণ বৰাই কয় যে নিৰ্বাচন আয়োগক বিভিন্ন অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই।

উল্লেখ্য যে বুধবাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন ‘নিউজ লাইভ’ নামৰ চেনেলটোত মন্ত্ৰী জনে এটা লাইভ সাক্ষাৎকাৰত ভাগ লোৱা বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ দাখিল কৰিছিল।

ইয়াৰ উপৰিও বিভিন্ন স্থানত সুৰা, টকা আদি বিতৰণ কৰি ভোটাৰক প্ৰলোভনৰ চেষ্টা চলোৱাৰো কংগ্ৰেছে অভিযোগ আনিছিল।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd