ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ ৰিয়ান পৰাগে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন খেলত আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কনিষ্ঠতম খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত ৰাজস্থান ৰয়েলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰে।
ৰিয়ানে তেওঁৰ এই প্ৰথম অৰ্ধশতকটো কৰিছে মাত্ৰ ১৭ বছৰ ১৭৫ দিন বয়সত। ৰিয়ানে আইপিএলত ২০১৩ চনত ১৮ বছৰ ১৬৯ দিন বয়সত অৰ্ধশতক অৰ্জন কৰি কনিষ্ঠতম খেলুৱৈৰ অভিলেখ গঢ়া সঞ্জু ছেম্পছনৰ পূৰ্বৰ অভিলেখটো আজি ভংগ কৰে।
ৰিয়ান পৰাগে ৪৯ টা বলত ৫০ ৰাণ কৰি অভিলেখ গঢ়াৰ পাছত ৰাজস্থান ৰয়েলছৰ ইনিংছৰ শেষৰটো বলত ট্ৰেন্ট ব’ল্টৰ বলত শ্বেৰফেন ৰাডাৰফ’ৰ্ডৰ হাতত কট দি বিদায় লয়।
ৰিয়ানে তেওঁৰ অভিলেখকাৰী অৰ্ধশতকৰ ইনিংছটোত চাৰিটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰী কোবায়। ৰিয়ানে দলৰ জ্যেষ্ঠ তথা খ্যাতিমান বেটছমেনসকলে ব্যৰ্থতা প্ৰদশৰ্ন কৰাৰ মাজতে তেওঁৰ অভিলেখ ভংগকাৰী ৰাজকীয় ইনিংছটো সজাই তোলে।
চলিত বৰ্ষত আইপিএলত স্থান লাভ কৰা ৰিয়ান পৰাগে ইতিমধ্যে সাতখন মেচ খেলি গড়ে ৪০ ৰাণকৈ মুঠতে ১৬০ ৰাণ সংগ্ৰহ কৰিছে। তদুপৰি, ৰিয়ানে ১২৮.০ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ এই ৰাণখিনি সংগ্ৰহ কৰিছে।
আনহাতে লেগ ব্ৰেক ব’লাৰ হিচাপে বলিং কৰা ৰিয়ানে আজিৰ খেলখনৰ পূৰ্বে দুটা উইকেটো লাভ কৰিছে।