এইবাৰ নিৰ্বাচনকালীন সময়ছোৱাত অসমত উদ্ধাৰ হোৱা অবৈধ ধনৰ পৰিমানে অতীতৰ সকলো অভিলেখ ভংগ কৰিছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা যোৱা ১৭ মে’লৈকে গোটেই দেশতে উদ্ধাৰ কৰা হৈছে ৮৩৬ কোটি ৭০ লাখ টকা।
উক্ত সময়ছোৱাত অসমত উদ্ধাৰ হোৱা মুঠ টকাৰ পৰিমাণ হৈছে ১৩ কোটি ৫ লাখ টকা আৰু ইয়াৰে বেআইনী হিচাপে প্ৰমানিত ১ কোটি ৭৭ লাখ টকা বাজেয়াপ্ত কৰা হৈছে। অসমৰ ক্ষেত্ৰত এয়া হৈছে সৰ্বকালৰ অভিলেখ।
এতিয়ালৈকে সমগ্ৰ দেশতে উদ্ধাৰ হোৱা নগদ ধন, সোণ-ৰূপ, মদ, মাদক দ্ৰব্যৰ লগতে বিভিন্ন সামগ্ৰীৰ মুঠ আৰ্থিক মূল্য ৩৪৩৯ কোটি ৩৮ লাখ টকা।
নিৰ্বাচনৰ সময়ত ভোটাৰসকলক প্ৰভাৱিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহে বিভিন্ন প্ৰলোভনৰ আশ্ৰয় লৈ আহিছে। নগদ ধন প্ৰদানৰ উপৰিও প্ৰলোভিত কৰিব পৰা বিভিন্ন সামগ্ৰী প্ৰদানৰ জৰিয়তে ভোট ক্ৰয়ৰ প্ৰচেষ্টা চলাই আহিছে ৰাজনৈতিক দলবোৰে। এইবাৰ নিৰ্বাচনত স্বাভাৱিকভাৱেই এই প্ৰলোভনৰ ৰাজনীতিয়ে অধিক চৰ্চা লাভ কৰা দেখা গৈছে।
নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ পাছতেই অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ হৈছে ৭ কোটি ৪ লাখ টকা। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত মদ আৰু মাদক দ্ৰব্য মিলি শীৰ্ষস্থানত আছে মণিপুৰ। নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যখনত মুঠ ৪৪ লাখ টকাৰ মদ আৰু ৩১ কোটি ৯৬ লাখ টকাৰ মাদক দ্ৰব্য উদ্ধাৰ কৰা হৈছে।
এইক্ষেত্ৰতো অসম দ্বিতীয় স্থানত আছে। অসমত মুঠ ১ লাখ ৭৭ হাজাৰ লিটাৰ মদ জব্দ কৰা হৈছে। ইয়াৰ বজাৰ মূল্য হৈছে ১ কোটি ৫১ লাখ টকা। তদুপৰি, ১ কোটি ৯ লাখ টকা বজাৰ মূল্যৰ ১১৬৬ কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰা হৈছে। মদ তথা মাদক দ্ৰব্য উদ্ধাৰৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ত্ৰিপুৰা।
বৰ্তমানলৈকে নিৰ্বাচন আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা নগদ ধন, মদ, মাদক দ্ৰব্য, অলংকাৰ আদি মিলাই মুঠতে ৭২ কোটি ৯৭ লাখ টকা জব্দ কৰিছে। ইয়াৰ ভিতৰত নগদ ধনৰ পৰিমাণ হৈছে ২৩ কোটি ৬৩ লাখ টকা।
ইপিনে, আয়োগৰ প্ৰতিবেদন মতে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ পৰা ব্যাপক অবৈধ নগদ ধন উদ্ধাৰ কৰা হৈছে। মদ আৰু মাদক দ্ৰব্য উদ্ধাৰৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে পাঞ্জাৱ। এই ৰাজ্যকেইখনৰ পৰা ২১৮ কোটি ৪৬ লাখ টকাৰ মাদক দ্ৰব্য, ১০ কোটি ৯ লাখ টকাৰ মদ,২২ কোটি ৫৬ লাখ টকাৰ সোণ আৰু ৩২ কোটি ৫৩ লাখ নগদ ধন উদ্ধাৰ কৰা হৈছে।
আনহাতে, অবৈধ মদ আটাইতকৈ বেছি উদ্ধাৰ হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত মুঠতে ৩৯ লাখ ৪৩ হাজাৰ লিটাৰ মদ জব্দ কৰা হৈছে যাৰ বজাৰ মূল্য হৈছে ৩১ কোটি ১ লাখ টকা। ইয়াৰ পাছতেই মধ্য প্ৰদেশত ৩১ কোটি ২৮ লাখ টকা মূল্যৰ অবৈধ মদ উদ্ধাৰ কৰা হৈছে।
সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পূৰ্বে সমগ্ৰ দেশতে মুঠ নগদ ধন উদ্ধাৰ হৈছে ৮৩৬ কোটি ৭০ লাখ টকা। তদুপৰি, ২৯১ কোটি ১৮ লাখ টকাৰ অবৈধ মদ জব্দ কৰা হৈছে। সেইদৰে উদ্ধাৰ কৰা হৈছে ১২৬৭ কোটি ৭১ লাখ টকাৰ মাদক দ্ৰব্য। ইয়াৰ লগতে আছে ৯৮৫ কোটি ৬৭ লাখ টকাৰ অলংকাৰৰ উপৰি ৫৮ কোটি ১৩ লাখ টকাৰ অন্যান্য সামগ্ৰী।
নিৰ্বাচনকালীন এই সময়ছোৱাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উদ্ধাৰ হোৱা অবৈধ নগদ ধনৰ পৰিমান হৈছে এনেধৰণৰঃ- অসমত ১৩ কোটি ৫ লাখ টকা, অৰুণাচল প্ৰদেশত ৭ কোটি ১৪ লাখ টকা, মণিপুৰত ১ কোটি ১৫ লাখ টকা, মেঘালয়ত ৭২ লাখ টকা, নাগালেণ্ডত ৯২ লাখ টকা, ত্ৰিপুৰাত ৪১ লাখ টকা আৰু ছিকিমত ২৪ লাখ টকা।
এনেধৰণৰ বিশাল পৰিমাণৰ ক’লা টকা বা হিচাপ বহিৰ্ভূত ধনৰ দ্বাৰা নিৰ্বাচনক কিদৰে প্ৰভাৱিত কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে নিৰ্বাচন আয়োগ।