• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিনলেণ্ডত মাৰাথন প্ৰতিযোগিতাত সাফল্য মঙলদৈৰ উচ্চ শিক্ষিত যুৱকৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
May 20, 2019 6:47 am
Sagar-1-1140x570

ফিনলেণ্ডত মাৰাথনত অংশ লৈছে সাগৰ ৰাই ডেকাই (জাৰ্ছি নম্বৰ ১২৫২৫)। ফটো : নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ মঙলদৈ চহৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে ফিনলেণ্ডত এক মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এগৰাকী ২৯ বছৰীয়া চফল ডেকা সাগৰ ৰাই ডেকাই শনিবাৰে ফিনলেণ্ডৰ ৰাজধানী চহৰখনত অনুষ্ঠিত হোৱা ৩৯ সংখ্যক ৪২ কিলোমিটাৰ জোৰা হেলছিংকি চিটি মাৰাথনত অংশগ্ৰহণ কৰে।

হেলছিংকি চিটি মাৰাথনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩০০০ অংশগ্ৰহণকাৰীয়ে যোগদান কৰিছিল। সাগৰে মাৰাথন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ৩ ঘন্টা ৪৫ মিনিটত সফলতাৰে দৌৰ সম্পন্ন কৰে।

এগৰাকী বিশিষ্ট শিশু সামাজিক কৰ্মী সাগৰৰ মাতৃ উপাসনা ডেকা আৰু এগৰাকী সুপৰিচিত উদ্যোগী পিতৃ মুকুল চন্দ্ৰ ডেকাও পুত্ৰৰ এই দু:সাহসিক অভিযানৰ সময়ত তাত উপস্থিতি আছিল। সাগৰৰ এই কৃতিত্বৰ কথা গৃহ চহৰ মঙলদৈৰ লগতে সমগ্ৰ অসমে তেওঁলোকৰ পৰাই ফোনৰ পৰাই লাভ কৰে।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে মাত্ৰ ৬০ শতাংশ অংশগ্ৰহণকাৰীয়েহে মাৰাথনটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে সাগৰে ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত ৪২ কিলেমিটাৰৰ আন্তৰ্জাতিক এৰ্গো হোৱাইট নাইটছ মাৰাথন আৰু লেহত অনুষ্ঠিত ৪২ কিলোমিটাৰৰ লাডাখ ফুল মাৰাথনত অংশগ্ৰহণ কৰিছিল।

সাগৰ হৈছে এছ আৰ ডি গ্ৰুপ অফ কোম্পানীৰ প্ৰতিষ্ঠাপক প্ৰসিদ্ধ ব্যৱসায়ী সুনন্দৰাম ডেকাৰ নাতিয়েক। মঙলদৈৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি সাগৰে গোৱালিয়ৰৰ সিন্দিয়া বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু পাছত দিল্লীৰ হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ লগতে আন তিনিখন আগশাৰীৰ বিশ্ববিদ্যালয় য়ুনিভাৰ্ছিটি অফ আমষ্টাৰডাম, ফ্ৰান্সৰ ই ডি এইচ ই চি বিজনেছ স্কুল আৰু নেদাৰলেণ্ডৰ ৰ’টাৰডাম স্কুল অপ মেনেজমেন্টটো অধ্যয়ন কৰিছিল।

বৰ্তমান তেওঁ পৰিয়ালৰ এছ আৰ ডি গ্ৰুপ অফ কোম্পানীত নিয়োজিত হৈ আছে আৰু জিলাখনৰ লগতে ৰাজ্যখনত আয়োজিত সকলোবোৰ চাইক্লিং তথা মাৰাথন প্ৰতিযোগিতাত নিয়মিতভাৱে অংশগ্ৰহণ কৰি আহিছে।

Recent News

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd