• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কূটাঘাতৰ বাবে ৮ মে’ত গুৱাহাটীলৈ আহিছিল; আৰক্ষীৰ জেৰাত স্বীকাৰ বিজয় অসমৰ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 22, 2019 6:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ মে’ৰ সন্ধিয়া মহানগৰীৰ জু-ৰ’ডত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাৰ পূৰ্বে ৮ মে’তেই গুৱাহাটীলৈ আহিছিল আলফা কেডাৰ বিজয় অসম ওৰফে পাপু কোঁচ। লতাশিল থানাত আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে দুৰ্ধৰ্ষ কেডাৰজনে।

বুধবাৰে এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। তেওঁ জানিবলৈ দিয়া মতে ৰাজ্যৰ বিভিন্ন স্থানত আলফা (স্বাঃ)এ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ কথাও বিজয় অসমে স্বীকাৰ কৰে।

Apply Now

উল্লেখযোগ্য যে ২১ মে’ত তিনিচুকীয়াৰ ডাঙৰিত গ্ৰেপ্তাৰ হোৱা বিজয়ক নিশাই গুৱাহাটীলৈ অনা হৈছিল। ইয়াৰ পাছত আজি পুৱাৰ পৰা লতাশিল থানাত আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই তেওঁক জেৰা চলাই আছে। আৰক্ষীৰ জেৰাত গ্ৰেনেড বিস্ফোৰণৰ লগতে আৰু বহু তথ্য পোহৰলৈ অহাৰ কথা আৰক্ষী আয়ুক্তগৰাকীয়ে দাবী কৰিছে।

‘আমি লাভ কৰা তথ্য অনুসৰি চিন্ময় লহকৰে মটৰ চাইকেল চলাইছিল আৰু তাত বহি যোৱা বিজয় অসমে গ্ৰেনেড দলিয়াইছিল। তাৰ পাছত বিজয়ে জাহ্নৱীৰ স্কুটিত উঠি জাহ্নৱীৰ ঘৰলৈ গৈছিল। ৮ মে’ত গুৱাহাটীলৈ অহাৰ পাছত বিজয়ে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ লগতে আছিল। তেওঁলোকে চিকিৎসাৰ বাবেও লৈ গৈছিল তেওঁক’, দীপক কুমাৰে কয়।

বিজয় অসমক গ্ৰেপ্তাৰৰ পাছত জু-ৰ’ড বিস্ফোৰণত জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা সম্পূৰ্ণ হোৱা বুলিও আৰক্ষী আয়ুক্তই প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা আৰু অমিত বল্লভ গোস্বামী।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ২০১৩ চনত আলফাত যোগ দিয়া বিজয়ে ম্যানমাৰত প্ৰশিক্ষন লৈছিল। ২০০৮ চনত বশিষ্ট থানাৰ এটা গাড়ী চুৰিৰ গোচৰত জেললৈ গৈছিল। পৰৱৰ্তী সময়ত ২০১১ চনত লখিমপুৰৰ ৰূপালী ৰংপী নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগত এবছৰ কাৰাবাস খটাৰ পাছত জামিনত মুক্তি পাইছিল। ইয়াৰ পাছতেই তেওঁ ২০১৩ চনত আলফালৈ গৈছিল।

ধৃত বিজয় অসম ওৰফে পাপু কোচ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় চাপাতলীৰ চেনিৰাম কোঁচৰ পুত্ৰ।

আৰক্ষীয়ে আজি বিজয়ক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে তেওঁক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd