• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এসময়ৰ কটনৰ ছাত্ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কি ক’লে এতিয়াৰ কটনিয়ানক?

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 26, 2019 9:13 pm
index

দেওবাৰে কটনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৬৯ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বহুতৰ পৰামৰ্শ নুশুনি তেওঁ বিজ্ঞানৰ সলনি কটন কলেজত কলা শাখাত নাম ভৰ্তি কৰিছিল। সেইগৰাকী ব্যক্তি আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

মুখ্য ন্যায়াধীশ হিচাপে দেওবাৰে তাহানিতে পঢ়ি যোৱা কটন কলেজলৈ (এতিয়াৰ বিশ্ববিদ্যালয়) আহিল ৰঞ্জন গগৈ। কটন এলমনাই ভৱনৰ শুভ উদ্বোধন কৰি তেওঁ ভাগ লয় কটনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত। ইয়াতেই কটনত পঢ়ি যোৱা দিনৰ বহু স্মৃতি ৰোমন্থন কৰে দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে।

Apply Now

ভাষণৰ মাজতেই যুৱ কটনিয়ানক উদ্দেশ্যি ৰঞ্জন গগৈয়ে কয়, ‘’এইখন পৃথিৱীত বহুত অন্যায় হৈ আছে, বহুত নহ’বলগীয়া কাম হৈ আছে। কোনো কথাত নিশ্চিত হৈ নাথাকিবা। নিজৰ কাম কৰি যোৱা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, তুমি লক্ষ্যত হ’বা।‘’

কটনক কলেজ বা বিশ্ববিদ্যালয় বোলাতকৈ তেওঁ ইয়াক এক অনুষ্ঠান বুলিহে অভিহিত কৰিব বিচাৰে বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘’কটনক কলেজ বা বিশ্ববিদ্যালয় বুলি ক’লে ইয়াৰ পৰিসৰ সীমিত হৈ থাকিব। ই এক অনুষ্ঠান। মই ভাবো এনে অনুষ্ঠান এখন সমাজক আগুৱাই নিয়াৰ এক স্তম্ভস্বৰূপ। ই ৰাষ্ট্ৰ নিৰ্মাণতো অৱদান আগবঢ়ায়।‘’

পূৰ্বৰ কটনিয়ানক লৈ এতিয়াৰ কটনিয়ানে গৌৰৱ কৰে বুলি উল্লেখ কৰি নতুন সকলকো সেইদৰে নিজৰ লক্ষ্যত আগুৱাই যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশৰ আসনৰ পৰা অৱসৰ লোৱাৰ পাছত গুৱাহাটীলৈ আহি এই অনুষ্ঠানৰ লগত পুনৰ জড়িত হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে।

এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰূপ গোস্বামীৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ যথেষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে, ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰিপুন বৰা আৰু বিশ্বজিত দৈমাৰীৰ সাংসদ পুঁজিৰে কটন বিশ্ববিদ্যালয় চৌহদত কটন এলমনাই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd