• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এসময়ৰ কটনৰ ছাত্ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কি ক’লে এতিয়াৰ কটনিয়ানক?

Anirban Pathak অনিৰ্বান পাঠক
গুৱাহাটী , May 26, 2019 9:13 pm

2 min read

index

দেওবাৰে কটনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

10.6k
VIEWS
Share on FacebookShare on Twitter

১৯৬৯ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বহুতৰ পৰামৰ্শ নুশুনি তেওঁ বিজ্ঞানৰ সলনি কটন কলেজত কলা শাখাত নাম ভৰ্তি কৰিছিল। সেইগৰাকী ব্যক্তি আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

মুখ্য ন্যায়াধীশ হিচাপে দেওবাৰে তাহানিতে পঢ়ি যোৱা কটন কলেজলৈ (এতিয়াৰ বিশ্ববিদ্যালয়) আহিল ৰঞ্জন গগৈ। কটন এলমনাই ভৱনৰ শুভ উদ্বোধন কৰি তেওঁ ভাগ লয় কটনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত। ইয়াতেই কটনত পঢ়ি যোৱা দিনৰ বহু স্মৃতি ৰোমন্থন কৰে দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে।

ভাষণৰ মাজতেই যুৱ কটনিয়ানক উদ্দেশ্যি ৰঞ্জন গগৈয়ে কয়, ‘’এইখন পৃথিৱীত বহুত অন্যায় হৈ আছে, বহুত নহ’বলগীয়া কাম হৈ আছে। কোনো কথাত নিশ্চিত হৈ নাথাকিবা। নিজৰ কাম কৰি যোৱা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, তুমি লক্ষ্যত হ’বা।‘’

কটনক কলেজ বা বিশ্ববিদ্যালয় বোলাতকৈ তেওঁ ইয়াক এক অনুষ্ঠান বুলিহে অভিহিত কৰিব বিচাৰে বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘’কটনক কলেজ বা বিশ্ববিদ্যালয় বুলি ক’লে ইয়াৰ পৰিসৰ সীমিত হৈ থাকিব। ই এক অনুষ্ঠান। মই ভাবো এনে অনুষ্ঠান এখন সমাজক আগুৱাই নিয়াৰ এক স্তম্ভস্বৰূপ। ই ৰাষ্ট্ৰ নিৰ্মাণতো অৱদান আগবঢ়ায়।‘’

পূৰ্বৰ কটনিয়ানক লৈ এতিয়াৰ কটনিয়ানে গৌৰৱ কৰে বুলি উল্লেখ কৰি নতুন সকলকো সেইদৰে নিজৰ লক্ষ্যত আগুৱাই যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশৰ আসনৰ পৰা অৱসৰ লোৱাৰ পাছত গুৱাহাটীলৈ আহি এই অনুষ্ঠানৰ লগত পুনৰ জড়িত হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে।

এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰূপ গোস্বামীৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ যথেষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে, ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰিপুন বৰা আৰু বিশ্বজিত দৈমাৰীৰ সাংসদ পুঁজিৰে কটন বিশ্ববিদ্যালয় চৌহদত কটন এলমনাই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd