অসমৰ এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ কৰিস্মা কাকতি গ্ল’বেল ইণ্ডিয়ান বিজনেছ এক্সিলেন্স এৱাৰ্ডছ ২০১৯’ত ‘বৰ্ষটোৰ শ্ৰেষ্ঠ উদীয়মান ইন্টেৰিয়ৰ ডিজাইন প্ৰফেছনেল’ হিচাপে সন্মানিত হৈছে।
উক্ত বঁটা প্ৰদান অনুষ্ঠানটো লণ্ডনৰ হাউছ অৱ কমনছত অনুষ্ঠিত হৈছিল। কৰিস্মা হৈছে কে এ ডিজাইন নামৰ ইন্টেৰিয়ৰ ডিজাইন ফাৰ্মখনৰ প্ৰতিষ্ঠাপক তথা মুখ্য ইন্টেৰিয়ৰ ডিজাইনাৰ।
বিশ্বৰ মঞ্চত নিজৰ গৃহৰাজ্য অসমক প্ৰতিনিধিত্ব কৰি আনন্দিত কৰিস্মা কাকতিয়ে তেওঁৰ ফেচবুকত পেজত প্ৰকাশ কৰিছে: ‘’মোৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ এয়া এক ধৰণৰ আনন্দ আছিল…’’
অনুষ্ঠানটোৰ আয়োজক আছিল এক আগশাৰীৰ ব্ৰেণ্ড ব্যৱস্থাপনা পৰামৰ্শদাতা তথা গৱেষণা ফাৰ্ম ডব্লিউ বি আৰ য়ু কে লিমিটেড। ব্যৱসায়ত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক সন্মানিত কৰাৰ বাবে প্ৰতিবছৰে এই বঁটা প্ৰদান অনুষ্ঠানটোৰ আয়োজন কৰা হয়।
কৰিস্মা কাকতিয়ে পূৰ্বে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। তেওঁ ইণ্ডিয়ান লীডাৰশ্বিপ এৱাৰ্ড ২০১৮’ লাভ কৰাৰ লগতে য়িয়ং আইকন এৱাৰ্ডো লাভ কৰিছিল।
তেওঁৰ ফাৰ্ম কে এ ডিজাইনে ‘’ইণ্ডিয়াজ ম’ষ্ট প্ৰমিনেন্ট আৰ্কিটেক্ট এণ্ড ডিজাইন এৱাৰ্ডছ ২০১৮’’ত লীডিং ইন্টেৰিয়ৰ ডিজাইনাৰ ফাৰ্ম ২০১৮’ বঁটা লাভ কৰিছিল।
সমগ্ৰ ভাৰতবৰ্ষতে কে এ ডিজাইনে ডাঙৰ আৰু বিলাসী আৱাসিক, বাণিজ্যিক, অতিথিশালাৰ প্ৰকল্পৰ সৈতে জড়িত হৈ কাম কৰি আহিছে।
কৰিস্মা কাকতিয়ে নইডাৰ এমিটি য়ুনিভাৰ্ছিটিৰ পৰা ইন্টেৰিয়ৰ ডিজাইনত বি এছ চি ডিগ্ৰী কৰিছিল। অতি মেধাবী মহিলা ব্যৱসায়ীগৰাকীয়ে য়ুনিভাৰ্ছিটিখনৰ পৰা স্বৰ্ণ পদকো লাভ কৰিছিল।