• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবেও বিবেচনাত নাই হিমন্ত বিশ্বৰ নাম; চৰ্চাত এজন মন্ত্ৰীৰ নাম

যুৱ প্ৰজন্মৰ পৰাহে সভাপতিজন নিৰ্বাচন কৰাৰ সম্ভাৱনা অধিক, ক'লে বিজেপিৰ দলীয় সূত্ৰই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2019 5:03 pm
himanta-biswa-sarma-bjp_650x400_41518907236

ড০ হিমন্ত বিশ্ব শৰ্মা। ফটো : এন ডি টিভিৰ সৌজন্যত

2.8k
VIEWS
Share on FacebookShare on Twitter

বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা শেষ মুহূৰ্তত বঞ্চিত, তাৰ পিছত ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত আৰু শেষত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰো বাহিৰত ৰৈ যোৱা “অতি সক্ৰিয়” মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নাই অলপতে নতুনকৈ হ’ব লগীয়া ৰাজ্যিক বিজেপিৰ সভাপিত পদৰ দৌৰতো।

ৰাজ্যিক বিজেপিৰ এটা সূত্ৰই জনোৱা মতে অহা মাহত দলৰ সভাপতি সলনি হোৱাটো নিশ্চিত আৰু তাৰ বাবে কেইবাজনৰো নাম চৰ্চাত আছে। কিন্তু তাৰ মাজত নাই হিমন্তৰ নাম।

সূত্ৰটোৰ মতে, এইবাৰ যুৱ প্ৰজন্মৰ পৰাহে সভাপতিজন নিৰ্বাচন কৰাৰ সম্ভাৱনা অধিক।

সৰ্বাধিক গুৰুত্বসহ চৰ্চাত আছে সোণোৱাল কেবিনেটৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ নাম, নিৰ্ভৰযোগ্য সূত্ৰটোৰ দাবী।

ৰাজ্যসভাৰ কাৰণেও প্ৰাৰ্থিত্ব বিচাৰি বিমুখ হোৱা বিজেপিৰ উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়ায়ো সভাপতি পদটোৰ বাবে ইতিমধ্যে আৱেদন জনাইছে যদিও তেওঁৰ সম্ভাৱনা তেনেই খীণ বুলি জনালে সূত্ৰটোৱে।

আনহাতে, সূত্ৰটোৱে লগতে বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসে সোণোৱাল মন্ত্ৰী সভাত স্থান পূৰোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। শক্তি মন্ত্ৰী তপন গগৈ আৰু শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাত সোণোৱাল মন্ত্ৰীসভাত নতুন মুখ অন্তৰ্ভুক্তিৰ বাট মুকলি হৈ আছে।

উল্লেখ কৰিব পাৰি যে মন্ত্ৰী হিমন্তই লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি শেষ মুহূৰ্তলৈকে চৰ্চা হৈ আছিল, যিটো পিছত হৈ নুঠিল। তাৰ পিছত যোৱা ৩০ মে’ত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনটোলৈকে হিমন্ত কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব বুলি ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা হৈছিল যদিও সেয়াও হৈ নুঠিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd