• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

এন পি পিক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰিব নিৰ্বাচন আয়োগে

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 6, 2019 1:22 pm
NPP-1-768x480

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নিৰ্বাচন আয়োগে অতি শীঘ্ৰে মেঘালয়ৰ শাসনাধিষ্ঠ দল নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ এন পি পিক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰিব।

এটা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবৰ বাবে যি সমূহ কাৰকৰ প্ৰয়োজন সেই কাৰক সমূহ সদ্য সমাপ্ত অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৫ খন আসন দখল কৰাৰ পিছতে এন পি পি দলে আহৰণ কৰা বুলি নিৰ্বাচন আয়োগৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে।

Apply Now

এইটো সপ্তাহতে নিৰ্বাচন আয়োগে এন পি পি দলক ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পাবলৈ এন পি পিয়ে পূৰ্বতে আবেদন কৰি থোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। যদিহে এই কথা কাৰ্যত পৰিণত হয় তেন্তে এন পি পি হ’ব উত্তৰ-পূবৰ প্ৰথমটো সৰ্বভাৰতীয় পৰ্যায়ৰ দল।

বৰ্তমান এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অংশদাৰী এন পি পি দলটো ২০১৩ চনৰ জানুৱাৰি মাহত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিতোক চাংমাৰ নেতৃত্বত গঠন হৈছিল।

গাৰো সম্প্ৰদায়ৰ বৰ্ষীয়ান নেতা তথা উত্তৰ-পূবৰ অন্যতম প্ৰভাৱশালী সাংসদ গৰাকীয়ে নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ পৰা ওলাই আহিয়েই এন পি পি দলৰ জন্ম দিছিল।

এন পি পি দলৰ জন্মৰ পিছতে দলটোৱে প্ৰথম সফলতা লাভ কৰে ৰাজস্থানত। ২০১৩ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাজস্থান বিধানসভা নিৰ্বাচনত দলটোৱে কিৰোদি লাল মীনাৰ নেতৃত্বত অৱতীৰ্ণ হৈ মুঠ চাৰিখন আসন লাভ কৰিছিল।

উল্লেখ্য যে শেহতীয়া অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৫টা সমষ্টি দখল কৰা উপৰি মেঘালয়ত এন পি পি সৰ্ববৃহৎ দল হিচাপে পৰিচিত। ৬০জনীয়া সদস্যৰে গঠিত মেঘালয় বিধানসভাৰ ২১ জন সদস্য এন পি পিৰ। বৰ্তমান দলটোৰ মুৰব্বী হৈছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে চাংমা।

ইয়াৰ উপৰি চাৰিজন বিধায়কেৰে মণিপুৰতো দলটো বেচ শক্তিশালী। মণিপুৰৰ উপ মুখ্য মন্ত্ৰীৰ দায়িত্বতো আছে এন পি পিৰে ৱাই জয়কুমাৰ সিং। আনহাতে নাগালেণ্ডতো দলটো ৰাজ্যিক স্বীকৃতপ্ৰাপ্ত দল।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিয়মানুৱলী অনুসৰি এটা দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে অতি কমেও চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি পাব লাগিব।

এই পৰ্যন্ত ভাৰতত ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দল আছে ৭টা। ইয়াৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিছিল।

ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰাৰ লগে লগে দলটোৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ভাৰতৰ কোনো ঠাইতে কোনো দলে গ্ৰহণ কৰিব নোৱাৰে। এন পি পি দলৰ প্ৰতীক চিহ্ন হৈছে কিতাপ।

উল্লেখণীয় যে যদিহে কোনোবা দলে নতুনকৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পাই তেন্তে সেই দলৰ কাৰ্যালয় নতুন দিল্লীত স্থাপন বা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভূমি বা বিল্ডিং আৱণ্টন দিয়া হয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd