• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিস্ফোৰক শতকীয় ইনিংছ খেলা মংগিয়া হ’ব অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 8:10 pm
dinesh-mongia-

ইন্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ঘৰুৱা ক্ৰিকেট ছিজনত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটোৰ প্ৰদৰ্শন যাতে বিগত ছিজন সমূহৰ তুলনাত উন্নতমানৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম ক্ৰিকেট সন্থা (এ চি এ)ই নিযুক্তি দিব এগৰাকী বেটিং প্ৰশিক্ষক। ইয়াৰ বাবে ইতিমধ্যে দেশৰ প্ৰায় ৪০ গৰাকীয়ে ছিনিয়ৰ দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা ৪০ গৰাকীৰ ভিতৰত দুজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ নামেই এতিয়া শীৰ্ষত থকা বুলি অসম ক্ৰিকেট সন্থাৰ এক সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰে এজন হৈছে দীনেশ মংগিয়া আৰু আন এজন হৈছে অজয় ৰাত্ৰা।

অসম ক্ৰিকেট সন্থাই প্ৰশিক্ষক নিযুক্তিৰ বাবে যোৱা ৭ জুনৰ পৰা আয়োজন কৰা সাক্ষাৎকাৰত এই দুগৰাকী প্ৰাক্তন খেলুৱৈৰ উপৰি জাকাৰিয়া জাফ্ৰিয়েও অংশগ্ৰহণ কৰে। মুঠ ৬০ গৰাকীয়ে আবেদন জনাইছিল যদিও ৪০ গৰাকীহে সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছে।

বাকী ২০ গৰাকীৰ বাবে অহা ১৪ জুনত পুনৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব বুলি এ চি এৰ তৰফৰ পৰা জানিবলৈ দিয়ে। আৰু ইয়াৰ পিছতে অৰ্থাৎ ১৫ জুনত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে প্ৰশিক্ষকৰ দৌৰৰ শীৰ্ষত থকা তথা এ চি এৰ পচন্দ দীনেশ মংগিয়াই ভাৰতৰ হৈ ৫৭ খন এদিনীয়া মেচত অংশ লৈ ৪টা অৰ্ধশতক আৰু এটা শতকেৰে মুঠ ১২৩০ ৰান সংগ্ৰহ কৰিছিল। মন কৰিব লগীয়া যে মংগিয়াই কেৰিয়াৰৰ একমাত্ৰ শতকীয় ইনিংছটো খেলিছিল গুৱাহাটীত। জিম্বাব’ৱেৰ বিৰুদ্ধে গুৱাহাটীৰ নেহৰু ষ্টেড়িয়ামত অনুষ্ঠিত মেচখনত তেওঁ ১৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।

আনহাতে অজয় ৰাত্ৰাই ভাৰতৰ হৈ ছয়খন টেষ্ট আৰু ১২খন এদিনীয়া মেচ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম নোহোৱা ৰাত্ৰাই ফাৰ্ষ্টক্লাছ কেৰিয়াৰত কিছু পৰিমানে সফল হ’বলৈ সক্ষম হয়।

এতিয়া এই দুগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ মাজৰ পৰা কোনজনক অসম ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd