• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতি চৰকাৰ: অসম মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নাথাকিলেও হয় নেকি?

২০১৮ চনত স্থাপিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নিযুক্তি হৈ গ’ল, কিন্তু অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পাঁচ বছৰ হোৱাৰ পাছতো আজিলৈ উপাচাৰ্য্য নিযুক্তি নহ’ল কিয়? প্ৰশ্ন ছাত্ৰী একতা সভাৰ সম্পাদিকাৰ।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 11, 2019 7:26 pm
Assam: Northeast India’s lone women university yet to get one VC!

অসহায় ছাত্ৰীসকল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুনকৈ স্থাপিত কেইবাখনো বিশ্ববিদ্যালয়ত শেহতীয়াকৈ চৰকাৰে উপাচাৰ্য্য নিযুক্তি দিয়াৰ বিপৰীতে এতিয়াও উপাচাৰ্য্য আৰু পঞ্জীয়কহীন হৈ ৰৈছে যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়।

যোৱা বছৰ মাৰ্চত ৰাজ্যজুৰি তোলপাৰ লগাৰ পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি বিধান সভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন চন্দ্ৰ গোস্বামীলৈকে সকলোৱে বিষয়টোৰ মীমাংসা কৰাৰ আশ্বাস দিছিল।

Apply Now

কিন্তু এতিয়া আন বহুকেইগৰাকী উপাচাৰ্য্য নিযুক্তিৰ সময়তো মহিলা বিশ্ববিদ্যালয়ৰ বিষয়টোক লৈ অসম চৰকাৰে আনকি স্পষ্টীকৰণ এটাও নিদিয়াত ছাত্ৰীসকলে ক্ষুভিত হৈ পৰিছে।

তাৰোপৰি উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়খনৰ মুঠ ১৫টা বিভাগৰ অধীনত স্নাতকোত্তৰ আৰু স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থা আছে যদিও নাই এগৰাকীও স্থায়ী অধ্যাপক বা সহযোগী অধ্যাপক!

বিশ্ববিদ্যালয়ৰ ৱে’বচাইট মতে বিভাগসমূহত মুঠ ৪৭গৰাকী সহকাৰী অধ্যাপক  আছে। আৰু তেওঁলোকৰ ৩১ গৰাকী ‘তদৰ্থ ভিত্তিক’ আৰু ১৬গৰাকী ঠিকাভিত্তিক।

কিন্তু এবছৰ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰে এখোজো আগ নবঢ়োৱাত বিশ্ববিদ্যালয়খন আৰু ইয়াৰ ডিগ্ৰীক লৈ সন্দিহান অৱস্থাতেই আছে অধ্যয়নৰত কেইবাশ ছাত্ৰী।

তাৰোপৰি ইতিপূৰ্বে বিশ্ববিদ্যালয়খনৰ ডিগ্ৰী লৈ চাকৰি কৰি থকা বহু ছাত্ৰীয়ে নিজৰ কেৰিয়াৰক লৈ আশংকাত ভুগিব লগা হৈছে।

বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ কেবাগৰাকী ছাত্ৰী ইতিমধ্যে শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষা নে’ট (NET)টো উত্তীৰ্ণ হৈছে। কিছুসংখ্যক ছাত্ৰীয়ে ডিব্ৰুগড় আৰু নে’হু (NEHU) বিশ্ববিদ্যালয়ত এম ফিল আৰু ডক্তৰে’ট কৰি আছে। বহুবিলাক ছাত্ৰী চৰকাৰী, বেচৰকাৰী বিভিন্ন চাকৰিত মকৰল হৈ আছে।

২০১৮ বৰ্ষত সোণোৱাল চৰকাৰে বিশ্ববিদ্যালয়খনক এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ সলনি কৰাৰ যো-জা চলাইছিল যদিও সমগ্ৰ অসমতে হোৱা প্ৰবল প্ৰতিবাদৰ বাবে চৰকাৰ থমকি ৰ’বলৈ বাধ্য হৈছিল।

অসম বিধান সভাতো  বিশ্ববিদ্যালয়খনক লৈ চলিছিল তীব্ৰ বিতৰ্ক। তেতিয়া শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় খনক এক পূৰ্ণাংগ ৰূপত গঢ় নিদিয়াৰ বাবে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছিল।

কিন্তু বিজেপিয়ে অসমত চৰকাৰ গঠনৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পাছতো আজি পৰ্য্যন্ত বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিব নোৱাৰিলে কিয়?

এতিয়া মহাবিদ্যালয়ৰ পৰা উন্নীত কৰি বিশ্ববিদ্যালয় কৰা ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নিয়োগ কৰাৰ পিছত প্ৰতিক্ৰিয়া কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা হিমাদ্ৰী শইকীয়াই।

“আমাৰ বিশ্ববিদ্যালয়ত কেতিয়ালৈ উপাচাৰ্য্য নিযুক্তি দিব তাক লৈ আমি এতিয়াও অনিশ্চয়তাত আছো। ২০১৮ চনৰ চেপ্তেম্বৰ মাহত অসম চৰকাৰে আমাক জনাইছিল যে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ লগতে ৭ টা পদৰ বাবে অনুমোদন জনোৱা হৈছে। কিন্তু সেই পদসমূহ এতিয়ালৈ পূৰণ হোৱা নাই,” শইকীয়াই জনায়।

চৰকাৰক ছাত্ৰীগৰাকীৰ প্ৰশ্ন, ২০১৮ চনত স্থাপন হোৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে উপাচাৰ্য্য নিযুক্তি হৈ গ’ল কিন্তু অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পাঁচ বছৰ হোৱাৰ পাছতো আজিলৈ উপাচাৰ্য্য নিযুক্তি নহ’ল কিয়?

২১/০৮/২০১৩ তাৰিখে এল জি এল ১৪৯/২০১১/৯২ জাননীযোগে ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে অসম বিধান সভাই অনা ২০১৩ৰ XXII আইনযোগে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল।

ইউজিচি আইন ১৯৫৬ৰ ২২ ধাৰাৰ অধীনত আয়োগে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰিব বুলি বিভাগীয় ৱে’বছাইটত উল্লেখ আছে।

লগতে পঢ়ক– অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি অক্ষুণ্ণ থাকিব : বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd