• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকেশ আম্বানিৰ পুত্ৰৰ সৈতে অসমৰ চোৰাং কাৰবাৰীৰ পুত্ৰৰ ‘হলিগলি’

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কুখ্যাত বন্যপ্ৰাণীৰ চোৰাংকাৰবাৰী মুমতাজ ছিদ্দিকিৰ পুত্ৰ হৈছে ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খান

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
June 23, 2019 7:35 pm
Relience Ambani Son

ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাম খানৰ সৈতে অনন্ত আম্বানি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুকেশ আম্বানিৰ কণিষ্ঠ পুত্ৰ অনন্ত আৰু অসমৰ বন্যপ্ৰাণীৰ চোৰাংকাৰবাৰী মুমতাজ ছিদ্দিকিৰ পুত্ৰ ইমৰাণৰ মাজত আছে বিশেষ হলিগলি।

আৰু, দুয়োটাৰ মাজত থকা সাধাৰণ যোগসূত্ৰটো হৈছে ‘‘হাতী’’।

Apply Now

বাতৰি অনুসৰি, ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খানে দাবী কৰিছে যে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ পুত্ৰ অনন্ত আম্বানি তেওঁৰ বন্ধু।

প্ৰকৃততে, ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খান হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কুখ্যাত বন্যপ্ৰাণীৰ চোৰাংকাৰবাৰী মুমতাজ ছিদ্দিকিৰ পুত্ৰ।

২০১৬ চনৰ জুন মাহত মুমতাজ ছিদ্দিকিক অসমৰ পৰা আন ৰাজ্যলৈ হাতীৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ বাবে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

Imran-Khan-750x570

মুমতাজ ছিদ্দিকিয়ে চৰাইপুঙ সংৰক্ষিত বনাঞ্চলৰ পৰা বিহাৰ, গুজৰাট আৰু কেৰালাত অবৈধভাৱে ১২ টা হাতী বিক্ৰী কৰিছিল।

উজনি অসমৰ এখন সৰু চহৰ ডুমডুমাৰ যুৱক ইমৰাণে কেনেকৈ অনন্ত আম্বানিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

সেয়া যিয়েই নহওক, ইমৰাণে অনন্ত আম্বানিৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ গৌৰৱান্বিত। তেওঁ ছচিয়েল মিডিয়া ছাইট ফেইচবুকত অতি গৌৰৱেৰে সেয়া সদৰী কৰিছে।

আকৌ, মাজত এটা মালা পিন্ধা হাতীৰ সৈতে অনন্ত আৰু ইমৰাণৰ এখন ফটো যোৱা ২০১৬ চনৰ ১৩ জুনত ফেইচবুকত প’ষ্ট কৰিছিল।

অসমৰ বন্যপ্ৰাণীৰ চোৰাং কাৰবাৰীৰ পুত্ৰই মুকেশ আম্বানিৰ পুত্ৰক কেইবাবাৰো লগ পোৱাৰ দাবী কৰিছে। অনন্তৰ জন্তুৰ প্ৰতি, বিশেষকৈ হাতীৰ প্ৰতি অত্যন্ত আকৰ্ষণ আছে।

আনকি এগৰাকী কিশোৰ হিচাপে অনন্ত আম্বানি ব্যতিক্ৰমীভাৱে আধ্যাত্মিক ভাৱাপন্ন। সংবাদ মাধ্যমৰ বাতৰি ওলাইছিল যে তেওঁ সঘনে প্ৰভু বালাজী মন্দিৰ ভ্ৰমণ কৰিছিল।

Imran-Khan-2

তেওঁৰ বিশ্বাসৰ প্ৰমাণ হিচাপে, অনন্ত আম্বানিয়ে প্ৰভু বালাজীলৈ উপাসনাৰ উদ্দেশ্যে বগা হাতী এক বিশেষ উপহাৰ হিচাপে আগবঢ়াইছিল।

অনন্ত লগতে তিৰুপতিৰ মন্দিৰৰ হাতী চোৱাচিতা বিষয়কলৈ তেওঁৰ চিন্তাৰ বাবে বাতৰিৰ শিৰোণামলৈ আহিছিল। তেওঁকবদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ এগৰাকী সদস্য হিচাপেও নিযুক্তি দিয়া হৈছে।

ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খান অলপতে বাতৰিৰ শিৰোনামালৈ আহিছিল যেতিয়া আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা অপ্ৰাপ্ত বয়স্ক হাতী যোগানৰ বাবে তেওঁ এগৰাকী ‘’মধ্যভোগী’’ আছিল বুলি বাতৰি প্ৰকাশ পাইছিল।

ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খানৰ লগতে জগন্নাথ মন্দিৰলৈ হাতী যোগানৰ আন ‘’মধ্যভোগী’’ হৈছে তিনিচুকীয়াৰ হুকুমদৰ খান ওৰফে মুন্না খান।

উল্লেখযোগ্য যে ইমৰাণ ছিদ্দিকি ওৰফে ইমৰাণ খানে ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা ভাৰত বিকাশ মৰ্চাৰপ্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd