• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ মৃত ব্যক্তিজনে বিক্ৰী কৰিলে তেওঁৰ হাতী?

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
June 30, 2019 7:05 pm
Tatkal arrangements make elephants journey to Gujarat “murky”

'বাবুলাল'ৰ সৈতে নন্দেশ্বৰ মৰাণৰ ভাতৃ মনেশ্বৰ মৰাণ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত হাতী ক্ৰয় কৰা তথা বিক্ৰী কৰাটো ‘আইনীভাৱে স্বীকৃত’-আৰু আনকি এজন মৃত মানুহেও ৰাজ্যখনত তেওঁৰ হাতী বিক্ৰী কৰিব পাৰে।

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ধাৰা ৪৩ অনুসৰি, ভাৰতত হাতী বিক্ৰী বা ক্ৰয় কৰাটো এটা অপৰাধ।

Apply Now

আকৌ, হাতী এটা বিক্ৰী কৰোতে কোনোৱে যদি ধৰা পৰে, তেওঁৰ ১০,০০০ টকা জৰিমনা সহ সাত বছৰৰ বাবে জেইল হ’ব পাৰে।

কিন্তু, এই নিয়ম কেৱল কাগজতে সীমাবদ্ধ থকা দেখা যায়। ইপিনে, অসমত এতিয়াও মুকলিকৈ হাতী কিনা-বেচা চলি আছে।

এটা হাতী বিক্ৰী কৰাৰ এখন শপতনামা (এফিডেভিট) নৰ্থইষ্ট নাওৰ হাতত পৰিছে, আৰু ইয়াত স্পষ্টভাৱে দেখা গৈছে যে তিনিচুকীয়াৰ ডুমডুমাৰ ওচৰৰ ৰাইডিং গাঁৱৰ ৰত্নেশ্বৰ মৰাণৰ পুত্ৰ নন্দেশ্বৰ মৰাণে তেওঁৰ ১৮ মহীয়া হাতীটো বিক্ৰী কৰিছে।

শপতনামাখনত কোৱা হৈছে, নন্দেশ্বৰ মৰাণে ১৮ মহীয়া হাতী পোৱালি পুষ্পা/পখিলিক তিনিচুকীয়া জিলাৰ বৰহাপজানৰ ওচৰৰ চিঙলিজান গাঁৱৰ প্ৰয়াত টেনিছুৰ ৰহমানৰ পুত্ৰ মহম্মদ মুমতাজ ছিদ্দিকিক বিক্ৰী কৰিছিল।

শপতনামাত কোৱা হৈছে যে ২০০১ চনৰ ৭ জানুৱাৰিত হাতী পোৱালিটো জন্ম পাইছিল আৰু তাৰ মাক আছিল ভোগমালা।

ইয়াত কোৱা হৈছে যে হাতী পোৱালিটো ২০০২ চনৰ ৫ জুলাইত ইয়াৰ ক্ৰেতাক  (মহম্মদ মুমতাজ ছিদ্দিকি)বিক্ৰী তথা গতাই দিয়া হৈছে।

শপতনামাখন ২০১৬ চনৰ ২৫ জুনত তিনিচুকীয়া জিলাৰ কোনো জনৈক পি এন গগৈয়ে (ন’টাৰী পঞ্জীয়ন নম্বৰ ৩) স্বাক্ষৰ কৰি দিছিল আৰু চুক্তিপত্ৰৰ সাক্ষী আছিল তিনিচুকীয়াৰ এগৰাকী উকীল।

এজন ন’টাৰী ব্যক্তি সাধাৰণতে সা-সম্পত্তি, চুক্তিপত্ৰ, পাৱাৰ অফ এটৰ্নি আৰু বৈদেশিক তথা আন্তৰ্জাতিক বাণিজ্যৰ সৈতে সম্বন্ধিত বিতৰ্কহীন বিষয়ত ৰাইজক সেৱা কৰিবলৈ আইনে গঠন কৰি দিয়া এগৰাকী পাব্লিক অ’ফিচাৰ।

দৰাচলতে, ২০০২ চনৰ ৫ জুলাইত হাতী পোৱালিটো বিক্ৰী কৰা আৰু ২০১৬ চনৰ ২৫ জুনত বিক্ৰী দলিলত স্বাক্ষৰ কৰা নন্দেশ্বৰ বৰ্মনৰ প্ৰকৃততে ১৯৯৩ চনৰ ১২ অক্টোবৰত নিজা বাসগৃহত মৃত্যু হৈছিল।

তিনিচুকীয়া জিলাৰ জন্ম আৰু মৃত্যু পঞ্জীয়কে জাৰি কৰা মৃত্যুৰ প্ৰমাণ পত্ৰ নৰ্থইষ্ট নাওৰ হাতত আছে।

১৯৯৩ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা এজন ব্যক্তিয়ে কেনেকৈ তেওঁৰ হাতীটো ২০০২ চনত বিক্ৰী কৰিব আৰু ২০১৬ চনৰ জুনত শপতনামাত স্বাক্ষৰ কৰিব পাৰে?

আমোদজনকভাৱে, হাতী পোৱালিটো ক্ৰয় কৰিছিল কুখ্যাত বন্যপ্ৰাণী স্মাগলাৰ মহম্মদ মুমতাজ ছিদ্দিকিয়ে।

মুমতাজ ছিদ্দিকি চৰাইপুং সংৰক্ষিত বনাঞ্চলৰ পৰা ধৰি অনা ১২টা বনৰীয়া হাতীক অসমৰ বাহিৰৰ লোকক বিক্ৰী কৰাৰ বাবে দায়ী আছিল।

তিনিচুকীয়াত বিক্ৰী শপতনামাথনত স্বাক্ষৰ কৰাৰ ৪দিন পিছত ২০১৬ চনৰ ২৯ জুনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে, নন্দেশ্বৰ মৰাণৰ ভাতৃ মনেশ্বৰ মৰাণও অলপতে বাতৰিত আহিছিল।

মনেশ্বৰ মৰাণ বাবুলাল নামৰ অপ্ৰাপ্তবয়স্ক মতা হাতীটোৰ গৰাকী। অসমৰ বন বিভাগে বাবুলালক (আন ৩টা হাতীৰ সৈতে) আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ পৰিবহণৰ অনুমতি প্ৰদান কৰিছিল।

কিন্তু আইনী মেৰপাক আৰু উত্তৰ ভাৰতৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে বৃহস্পতিবাৰে বন বিভাগে অপ্ৰাপ্তবয়স্ক হাতী চাৰিটা পৰিবহণৰ অনুমতি স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

অৱশেষত বৃহস্পতিবাৰে অসমৰ বন বিভাগে তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ অপ্ৰাপ্তবয়স্ক হাতী চাৰিটা পৰিবহণৰ সিদ্ধান্ত স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd