• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিঙিত গামোছা লৈ নৰেন্দ্ৰ মোদীয়ে অসমৰ স্বাভিমান আৰু আবেগক লৈ খেলি আহিছে : ধৈয্য কোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2019 2:43 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে কেন্দ্ৰীয় জলশক্তি বিভাগৰ মন্ত্ৰী ৰতনলাল কাটাৰিয়াই অসমৰ বান সমস্যাক কেন্দ্ৰই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে বুলি কোৱাৰ লগতে বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য অসম্ভৱ বুলি ঘোষণা কৰাৰ পিছতে শাসনাধিষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কৃষক মুক্তি।

মঙলবাৰে এক সংবাদমেল যোগে সংগঠনটোৰ উপদেষ্টা কৃষক গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত আজি কৃষক মুক্তিয়ে মহানগৰীৰ চচলত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ৰাজপথত প্ৰধান মন্ত্ৰীৰ জুমুঠি জ্বলাই কৃষক মুক্তিৰ সদস্যসকলে কেন্দ্ৰৰ এই ‘মাহী আইৰ দৃষ্টি’ৰ তীব্ৰ বিৰোধিতা কৰে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনাই আহিছে কৃষক মুক্তিকে ধৰি অন্যান্য জাতীয় দল-সংগঠনে। কিন্তু সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় জল শক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এই দাবীৰ প্ৰসংগকে নস্যাৎ কৰে। 

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে বিজেপিক বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ দল আখ্যা দি কয়, ‘নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোছা লৈ অসমৰ স্বাভিমান আৰু আবেগক লৈ খেলি আহিছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰা আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়াটোৱেই ইয়াৰ প্ৰমাণ।‘ 

‘অসমৰ জাতীয় জীৱনত বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দশকজোৰা আন্দোলন হৈ আহিছে। কিন্তু এই সকলোবিলাক নস্যাত কৰি পেলালে। অসমৰ খাৰুৱা তেল, কয়লা আদি ৰাষ্ট্ৰীয় সম্পদ, কিন্তু যিসমূহ থলুৱা সমস্যা আছে, সেইবোৰ হ’লে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰে।‘ তেওঁ কয়।

Recent News

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd