• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণৰাজ্য দিৱসত জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাংবাদিকতা বঁটা প্ৰদান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 8:35 pm
Guwahati- RDay Journalist Award
668
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত আয়োজন কৰা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকে।

উক্ত অনুষ্ঠাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাক ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ প্ৰদান কৰে।

উল্লেখযোগ্য যে ডেকা হৈছে ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি।

তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰি অহা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ সাংবাদিকতাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াই অহা লোক সকলক সন্মানিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱস উপলক্ষে  শ্ৰদ্ধাঞ্জলি কাননৰ গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত উপস্থিত হয়।

শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ মুখ্য মন্ত্ৰী গৰাকীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত চহিদ হোৱা সকলক ফুল অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ হৈ প্ৰাৰ্থনা জনায়।

ডিব্ৰুগড়, অভিক চক্ৰবৰ্তী :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে আজি ডিব্ৰুগড়তো ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে প্ৰভাত ফেৰি উলিওৱা হয়।

দেশপ্ৰেমমূলক গীত আৰু জাতীয় পতাকাৰ তিনি ৰঙেৰে সজোৱা এই গণৰাজ্য দিৱস উপলক্ষে উলিওৱা প্ৰভাত ফেৰিয়ে চহৰখনৰ বিভিন্ন স্থানত ভ্ৰমণ কৰে।

জিলা সূচনা, জনসম্পৰ্কৰক্ষী বিষয়া, জিলা পৰিবহণ বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ দুটা বিভাগ, নেহৰু যুৱ কেন্দ্ৰ আৰু ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

নেহৰু যুৱ কেন্দ্ৰৰ বেদব্ৰত ভূঞা ক্ষেত্ৰ প্ৰচাৰ বিষয়া প্ৰণৱ কুমাৰ নাথৰ, তথ্য আৰু জিলা জনসংযোগ বিভাগ আৰু নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক সকলে প্ৰভাত ফেৰিটোত অংশ গ্ৰহণ কৰে।

জিলা উপায়ুক্ত লয়া মাদুৰীয়ে চৌকিডিঙীৰ খেলপথাৰত পতাকা উত্তোলন কৰে।

 

 

মঙলদৈ, ময়ুখ গোস্বামী :

ইফালে মঙলদৈৰ জিলা কাৰাগাৰত কয়দী সকলৰ সহযোগত আজি ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।

কাৰাগাৰখনৰ জেষ্ঠ্য কয়দী আৰু জাৱজ্জীৱন কাৰাদণ্ড প্ৰাপ্ত ৰাম নাথে কাৰাগাৰ অধীক্ষক অশোক কুমাৰ গোস্বামীৰ উপস্থিতিত পতাকা উত্তোলন কৰে।

এই গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীত কাৰাধক্ষ্য মুনিন্দ্ৰ চন্দ্ৰ শৰ্মা, কাৰাগাৰৰ অন্যান্য বিষয়াসকলৰ লগতে ১৮০ জন কয়দী উপস্থিত থাকে।

আনহাতে কয়দী সকলে আজিৰ অনুষ্ঠানটোত এক সংগীতানুষ্ঠানৰ আয়োজন কৰে।

 

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd