• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ ১৪টা স্থানত চলিছে চি বি আইৰ সমান্তৰাল অভিযান

১৫৮ কোটি টকাৰো অধিক ৰাজহুৱা ধন সৰকোৱাত প্ৰত্যক্ষভাৱে জৰিত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ বিষয়া

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 11, 2019 8:10 pm
CBI raids Northeast Frontier Railway headquarters

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

811
VIEWS
Share on FacebookShare on Twitter

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ মুখ্য কাৰ্য্যালয়ত সংঘটিত ১৫৮ কোটি টকীয়া কেলেংকাৰি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীৰ ১৪টা স্থানত চি বি আই-এ তালাচী চলাইছে।

সূত্ৰসমূহে নৰ্থ ইষ্ট নাওক জনোৱা মতে, কেলেংকাৰিটোত প্ৰত্যক্ষভাৱে জৰিত এন এফ ৰে’লৱে’ বিষয়াৰ কাৰ্য্যালয়, বিভাগীয় আৱাস আৰু ব্যক্তিগত আৱাসত চি বি আই-এ তালাচী চলাইছে।

১৫৮ কোটি ৰাজহুৱা ধনৰ সৰকোৱাত প্ৰত্যক্ষভাৱে জৰিত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ ছগৰাকী বিষয়াৰ বিৰুদ্ধে এক প্ৰতিবেদনৰ অধাৰত চি বি আই-এ নিজাববীয়া গোচৰ (suo-moto case নং ০৬/২০১৯) ৰুজু কৰিছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ একাংশত ৰে’লৱে’ৰ সকলো নিৰ্মাণ ৰূপায়ণৰ দায়িত্ব এন এফ ৰে’লৱে’ (নিৰ্মাণ)ই বহন কৰে।

সূত্ৰসমূহে জনাই যে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া দিলীপ বৰা গোচৰটোৰ মূল অভিযুক্ত।

২০১৪ আৰু ২০১৮ চনত বিহাৰ আৰু মধ্য ভাৰতৰ এক বৃহৎসংখ্যক ভুৱা আৰু অস্তিত্বহীন বাতৰি কাকত আৰু আলোচনীত বিজ্ঞাপন জাৰি কৰি এই ছগৰাকী ৰে’লৱে’ বিষয়াই ১৫৮ কোটি টকা সৰকাই নিছিল।

তালাচী কালত ১৪টা স্থানৰ পৰা চি বি আই-এ বৃহৎ পৰিমাণৰ নথি-পত্ৰ, বেংক পাছবুক আৰু কম্পিউটাৰ হাৰ্ড ডিস্ক জব্দ কৰিছে।

চি বি আই-এ তালাচীটো সন্দৰ্ভত বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, সূত্ৰসমূহৰ মতে, কেলেংকাৰিটোৰ আয়তন ১৫৮ কোটি টকাতকৈয়ো বেছি হ’ব পাৰে।

কেলেংকাৰিটোত এন এফ ৰে’লৱে’ৰ আৰু বহু বিষয়া জৰিত থকা বুলি সন্দেহ কৰা হৈছে, সূত্ৰসমূহে জনায়।

চি বি আই-এ বৃহস্পতিবাৰে পৃথক পৃথক স্থানত বিয়লি আটাইকেইগৰাকী বিষয়াৰ জেৰা আৰম্ভ কৰিছে, আৰু তেওঁলোকৰ একাংশক গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে, সূত্ৰসমূহে জনায়।

ভুৱা আৰু অস্তিত্বহীন বাতৰি কাকত আৰু আলোচনীত জাৰি কৰা নিবিদাৰ বিজ্ঞাপনে একাংশ ঠিকাদাৰ আৰু চাপ্লায়াৰক পিছ দুৱাৰেদি ঠিকা উলিয়াই নিয়াতো সহায় কৰিছিল।

“ভুৱা বাতৰি কাকতত বিজ্ঞাপন দিলে প্ৰকৃত ঠিকাদাৰ আৰু চাপ্লায়াৰসকলে কামৰ বিষয়ে কেনেকৈ গম পাব?” সূত্ৰসমূহে কয়।

অদৃশ্য বিজ্ঞাপনৰ সুযোগ লৈ জ্যেষ্ঠ বিষয়াক ঘোচ খুৱাই একাংশ অসাধু ঠিকাদাৰে ঠিকাৰ কাম আদায় কৰিছিল।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd