• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়াৰ স্বামীৰ গুণ্ডাগিৰি! ‘প্ৰতাপী পত্নী’ৰ ক্ষমতা প্ৰয়োগেৰে পশু চিকিৎসকক প্ৰহাৰ, দুৰ্ব্যৱহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2019 1:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়া গায়ত্ৰী সোণোৱালৰ স্বামী ববী সিঙৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰি আজি  খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকসকলে।

উল্লেখযোগ্য যে, যোৱা ৬ জুলাইৰ দিনা মুঠ ৭ টা কুকুৰ চৰকাৰী বাহনত লৈ সোণোৱালৰ স্বামীয়ে চিকিৎসা কৰাবলৈ আহিছিল চিকিৎসালয়খনত। সেই সময়ত তেওঁ নিৰ্দিষ্ট শাৰীত থিয় নহৈ পৰীক্ষা কেন্দ্ৰৰ সন্মুখলৈ গৈ তেওঁৰ কুকুৰ কেইটা আগত চিকিৎস্যা কৰাবলৈ নিৰ্দেশ দিয়ে।

Apply Now

তেওঁক অলপ ধৈৰ্য ধৰিবলৈ কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকে কোৱাত তেওঁ এই বুলি কয় “মই কোন চিনি পোৱা নাই, মই asp ৰ স্বামী হয়, তোমাৰ career খতম কৰি দিম’’।

শুকুৰবাৰে দিছপুৰ থানাৰ সন্মুখতো এজন কণিষ্ঠ চিকিৎসকক  তেওঁ অশ্ৰাৱ্য ভাষাৰে গালি দিয়াৰ লগতে প্রহাৰৰ অভিযোগ তোলে।

এই সমগ্ৰ ঘটনাৰ  বিৰুদ্ধে আজি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসালয়খনত কৰ্মৰত কনিষ্ঠ চিকিৎসকসকলে।

উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি কালিৰ ঘটনাৰ ভুক্তভোগী কনিষ্ঠ চিকিৎসক দেবব্ৰত কোঁৱৰে নৰ্থ ইষ্ট নাওৰ আগত কয় ‘তেওঁ কুকুৰ চিকিৎসা কৰাবলৈ অহাৰ সময়ত নিজকে ১০ এপিবিএনৰ আৰক্ষী বুলি পৰিচয় দিছিল। তেওঁ দৰৱ দিয়া স্থানত থিয় নহৈ পৰীক্ষা কেন্দ্ৰৰ সন্মুখত থিয় হৈ কুকুৰ কেইটা আগতীয়াকৈ চিকিৎসা কৰিবৰ বাবে হুলস্থুল লগাইছিল। তেতিয়া আমাৰ কনিষ্ঠ চিকিৎসকে তেওঁক অলপ ধৈৰ্য্য ধৰিবলৈ কোৱাত তেওঁৰ ঘৰৰ মানুহ এ এছ পি বুলি পৰিচয় দি আমাক চাই ল’ম বুলি ভাবুকি দিয়ে।‘

আনহাতে, কালি দিচপুৰ থানাৰ সন্মুখত সোণোৱালৰ স্বামীয়ে কনিষ্ঠ চিকিৎসকগৰাকীক ভৰিৰে গুৰিওৱাৰো অভিযোগ উত্থাপন কৰি কোঁৱৰে কয় ‘মোক ভৰিৰে গুৰিয়াই দিছিল। চিকিৎসক হিচাপে আমাক ন্যায় লাগে। অসমীয়া ডাক্তৰ তেওঁৰ ভৰিৰ জোতাৰ ধূলিৰ নিচিনা বুলিও তেওঁ ধমক দিছিল।‘

আন এগৰাকী প্ৰতিবাদী চিকিৎসকে কয় ‘অসমীয়া মেডিয়াই তেওঁৰ একো কৰিব নোৱাৰে। আমি তেওঁৰ বিৰুদ্ধে ক’লে মিডিয়াক ১ লাখ টকা দি কিনি ল’ব বুলিও আমাক ধমকি দিছিল।‘

প্ৰেচকিপশ্যনত ব্যৱহাৰ কৰিছে ১০ এ পি বি এনৰ নাম

তাৎপৰ্য্যপূৰ্ণভাৱে, সোণোৱালৰ স্বামীয়ে চৰকাৰী বাহন আৰু তেওঁৰ পত্নীৰ নিৰাপত্তাৰক্ষী ব্যৱহাৰ কৰে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এজন আৰক্ষী বিষয়া নোহোৱাকৈ তেওঁ কেনেকৈ এই সুবিধাসমূহ লাভ কৰি আহিছে সেয়া বিচৰ্য্য বিষয়। এই বিষয়ে আমি জানিব বিচাৰিছিলো ১০ এপিবিএনৰ কামাণ্ডেট গৌতম বৰুৱাৰ পৰা।

‘ববী সিং নামৰ কোনোবা আৰক্ষী বিষয়া নাই। ববী সিং গায়ত্ৰী সোণোৱালৰ স্বামী, কিন্তু তেওঁৰ লগত কোনো চিকউৰিটী দিয়া হোৱা নাই। তেওঁৰ পত্নীৰ লগতহে দিয়া হৈছে চিকিউৰিটী। গায়ত্ৰী সোণোৱাল আমাৰ চেকেণ্ড ইন কামাণ্ডাৰ। এইদৰে কয় কামাণ্ডেট গৌতম বৰুৱাই।

V 4
ববী সিঙে ব্যক্তিগত কামৰ বাবে ব্যৱহাৰ কৰা আৰক্ষীৰ বাহন

আনহাতে,  নিজৰ ব্যক্তিগত কুকুৰৰ চিকিৎসা ১০ এপিবিএনৰ নামত পঞ্জীয়ন কৰোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। কিয়নো গৌতম বৰুৱাই জানিবলৈ দিয়া মতে ১০ এপিবিএনৰ নিজস্ব কোনো চৰকাৰী কুকুৰ নাই।

‘চৰকাৰী কুকুৰ আমাৰ ১০ এপিবিএনত নাই। চি আই ডি ত থাকে।‘ গৌতম বৰুৱাই এইদৰে কয়।

এনেদৰে অসম আৰক্ষীৰ প্ৰভুত্ব দেখুৱাই চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ সঁচা অৰ্থত তদন্ত হ’ব নে?  সেয়া বিচাৰ্য্য বিষয় হ’ব আগন্তুক সময়ত এই ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্ব পালন কৰি থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাও লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd