খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু কনিষ্ঠ চিকিৎসকৰ দুখনকৈ এজাহাৰৰ পিছতো দেওবাৰ-পৰ্য্যন্ত আটক হোৱা নাই “আৰক্ষী-স্বামী” চনি শৰ্মা ওৰফে ববি সিং ওৰফে সুভাষ চন্দৰ।
সূত্ৰ মতে, দেওবাৰ-পৰ্য্যন্ত সোধ-পোচো কৰা হোৱা নাই কাহিলীপাৰাৰ দশম অসম আৰক্ষী বেটেলিয়নৰ চেকেণ্ড-ইন-কমাণ্ডাৰ গায়ত্ৰী সোণোৱালৰ স্বামী চনি শৰ্মাক।
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে নৰ্থ ইষ্ট নাওক তেওঁ ঘটনাটোৰ তদন্ত কৰি আছে বুলি জনাইছে।
কিন্তু প্ৰশ্ন হৈছে, এজন লোক– নিশ্চিতভাৱে তেওঁ আৰক্ষী বিষয়াৰ স্বামী–ৰ বাবে চৰকাৰী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় এখনৰ অতি গুৰুত্বপূৰ্ণ দৈনন্দিন কাম-কাজ ব্যাহত হ’ব পাৰেনে?
এই নহ’বলগীয়া গুৰুতৰ ঘটনাটোৱেই ঘটিছে। আৰু “অত্যাৱশ্যকীয় সেৱা” চিকিৎসা এৰি কনিষ্ঠ চিকিৎসক প্ৰতিবাদত বহিব লগা হৈছে।
“চনি শৰ্মাৰ এইধৰণৰ আচৰণে ইণ্টাৰ্নী আৰু কৰ্তব্যৰত চিকিৎসকসকলক অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাৰ পৰা আঁতৰাই ৰাখিছে। এনে অমানৱীয় কাৰ্য্য-কলাপে ইণ্টাৰ্নী, আন চিকিৎসককে ধৰি সকলো ছাত্ৰ-ছাত্ৰীক তীব্ৰ চাপত পেলাইছে,” শৰ্মাৰ বিৰুদ্ধে অভিযোগেৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এজাহাৰত উল্লেখ।
নিৰাপত্তাহীনতাত ভুগি কোনোবাই “অত্যাৱশ্যকীয় সেৱা” আগবঢ়াব পাৰেনে?
“চনি শৰ্মাই বলিয়ালিৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি মোক গুৰিয়াইছে আৰু অভব্য আচৰণ কৰিছে। এই অভব্য আচৰণে পশু চিকিৎসা বৃত্তি তথা জীৱনৰ প্ৰতিও ভাবুকি নমাই আনিছে। লগতে তেওঁ কথাই প্ৰতি তেওঁৰ পত্নীৰ পদবীৰ দোহাই দি আমাক ভাবুকি দিয়াৰ লগতে সমগ্ৰ বৃত্তিটোকে অপমান কৰিছে। গতিকে আমি চৰম নিৰাপত্তাহীনতাত ভুগিছো আৰু আমাক ইয়াৰ এক উচিত তদন্ত লাগে,” নৰ্থ ইষ্ট নাওত এই মন্তব্য “আৰক্ষী-স্বামী”ৰ আক্ৰমণ আৰু ভাবুকিৰ বলি হোৱা অন্যতম এজাহাৰকাৰী কনিষ্ঠ চিকিৎসক দেৱব্ৰত কোঁৱৰৰ।
কোঁৱৰ আৰু চম্পক ডেকা নামৰ আন এজন কনিষ্ঠ চিকিৎসকক শনিবাৰে সন্ধ্যা দিচপুৰ থানাৰ সন্মুখতে আক্ৰমণ আৰু ভাবুকি দিছিল চনি শৰ্মাই, এজাহাৰত উল্লেখ।
অভিযোগমতে, যোৱা ৬ জুলাইত খানাপাৰাৰ মহাবিদ্যালয়খনত উদ্ভণ্ডালি কৰা শৰ্মাই সেইদিনাই ওলোটাই মহাবিদ্যালয়খনৰ ওপৰতে দিচপুৰ থানাত এটা গোচৰ (নং ১৯৯৬/১৯) ৰুজু কৰিছিল।
বাৰেপতি নিজকে “এ এছ পিৰ স্বামী” বুলি হুমকি দিয়া চনি শৰ্মাই এ পি বি এনৰ নামত কুকুৰটো চিকিৎসা কৰাইছিল। সেয়া প্ৰেছক্ৰিপচনত স্পষ্টকৈ উল্লেখ আছে।
লগতে পঢ়ক– আৰক্ষী বিষয়াৰ স্বামীৰ গুণ্ডাগিৰি! ‘প্ৰতাপী পত্নী’ৰ ক্ষমতা প্ৰয়োগেৰে পশু চিকিৎসকক প্ৰহাৰ, দুৰ্ব্যৱহাৰ
কিন্তু পিছত ১০ম এ পি বি এনৰ কমাণ্ডেণ্ট গৌতম বৰুৱাই জনাই যে এ পি বি এনৰ কোনো কুকুৰ নাই, চি আই দিৰহে আছে। অৰ্থাৎ অসম আৰক্ষীৰ গাড়ীৰে এ পি বি এনৰ কুকুৰ বুলি নিজৰ পোহনীয়া কুকুৰ চিকিৎসা কৰোৱাইছিল চনি শৰ্মাই।
শুকুৰবাৰে সন্ধিয়া সেই অভিযোগ সংক্ৰান্তত দিচপুৰ থানাই মাতি পঠোৱাত উপস্থিত হোৱা কনিষ্ঠ চিকিৎসক কোঁৱৰ আৰু ডেকাক “আৰক্ষী স্বামী” শৰ্মাই থানাৰ সন্মুখতে পুনৰ আক্ৰমণ আৰু ভাবুকি প্ৰদান কৰে।
সেই ঠাইতে মূৰ ঘূৰাই পৰি যোৱা দেৱব্ৰত কোঁৱৰ নামৰ ছাত্ৰজনক চনি শৰ্মাই অশালীন গালি-গালাজ কৰি “গুৰিয়াই” বুলিও অভিযোগ কৰা হৈছে।
ছাত্ৰ দুজনে দিয়া এজাহাৰত উল্লেখ, থানাৰ পৰা ওলাই অহাৰ পিছত থানাৰ সমীপতে চনি শৰ্মাই তেওঁলোকক “মহাবিদ্যালয়ৰ বিৰুদ্ধে সাক্ষী দিবলৈ ভাবুকি দিয়ে”।
ঘটনাটো সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱায়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে।
“তেওঁ নিশ্চয়কৈ শাস্তি পাব লাগে,” নৰ্থ ইষ্ট নাওত মন্তব্য উপাচাৰ্য্য বুজৰবৰুৱাৰ।
উপাচাৰ্য্যগৰাকীয়ে এই সন্দৰ্ভত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।
চনি শৰ্মাৰ পত্নী, অসম আৰক্ষীৰ বিষয়া গায়ত্ৰী সোণোৱালৰ মন্তব্য লোৱাৰ বাবে চেষ্টা কৰা হৈছে, কিন্তু তেওঁক পোৱা হোৱা নাই।