বিগত কেইবা বছৰ ধৰি গৰাহখহনীয়াৰ দৰে গভীৰ সমস্যাত ভাৰাক্ৰান্ত হৈ আছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উপ-বিভাগৰ অধীনৰ মুলাং গাঁৱবাসী। টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বোৱঁতি সোতত মুলাং গাঁৱবাসীৰ কৃষিভূমিৰ লগতে জাহ গৈছে অধিক সা-সম্পত্তি।
উল্লেখযোগ্য যে তিনিচুকীয়াৰ পৰা ৪৭ কিলোমিটাৰ নিলগত অৱস্থিত মাৰ্ঘেৰিটা অঞ্চলৰ নদীপৰীয়া গাঁৱবাসীয়ে গৰাহখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে।
স্মৰ্তব্য যে এই পৰ্যন্ত ৭০০ বিঘাৰো অধিক ভূমি টিৰাপ আৰু বুঢ়ী দিহিং নদীৰ বুকুত জাহ গৈছে। মুলাং গাঁৱত বাস কৰা সৰ্বমুঠ ১০ হেজাৰ লোকে গৰাহখহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত।
‘গৰাহখহনীয়া সমস্যাই আমাৰ গাঁৱৰ লোকসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। দিনে দিনে নদীয়ে ধাৰণ কৰিছে কালন্ত ৰূপ। ১৯ শতিকাৰে লিড’ মুলাং খামটি বৌদ্ধিষ্ট মঠটোও নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰ মানহে বাকী। আমাৰ এই অঞ্চলবাসীয়ে বিগত সময়ৰ পৰাই গৰাহখহনীয়া ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ কৰি আহিছো যদিও এই পৰ্যন্ত আমাৰ দাবী সম্পূৰ্ণ আওকান কৰিছে চৰকাৰে’, মুলাং গাঁৱৰক্ষী বাহিনীৰ সভাপতি চন্দ্ৰ গৌতমে আমাৰ সাংবাদিকৰ আগত এইদৰে মনৰ কথা প্ৰকাশ কৰে।
মনকৰিবলগীয়া যে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এখন বৈঠকত য’ত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু মুলাং গাঁৱৰ প্ৰতিনিধিসকলে গৰাহখহনীয়া ৰোধ সম্পৰ্কে আলোচনা কৰে। আলোচনাতে বিধায়কগৰাকীয়ে ৰাজ্যচৰকাৰৰ সহায়ত সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।
বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা বুলি স্থানীয়লোকে চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰে।
‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰে গৰাহখহনীয়া ৰোধ কৰাত কোনো ব্যৱস্থা নললে যাৰ বাবে আমি পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিছিলো। কিন্তু এই চৰকাৰখনেও এতিয়ালৈ আমাৰ এই সমস্যা সমাধানত সদিচ্ছা দেখুওৱা পৰিলক্ষিত হোৱা নাই। প্ৰত্যেক বছৰে প্ৰলয়ংকাৰী বানত আমাৰ হেজাৰ হেজাৰ কৃষি শস্য নস্ত হোৱাৰ লগতে শ শ কৃষিভূমি জাহ গৈ আছে’, এই মন্তব্য স্থানীয় লোকৰ।
উল্লেখ্য যে সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত ৰাজ্যত হ’বলগীয়া সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰা গাঁৱবাসীৰ কিছু লোক বিৰত থাকিব বুলিও আমাক জানিবলৈ দিয়ে।